বিশেষ বাৰ্তা, ১৮ ডিচেম্বৰঃ পোহৰলৈ আহিছে বিতৰ্কিত এপিএছ বিষয়া ৰুমী তিমুংপীৰ জালিয়াতি। বৃহৎ ধনৰ লেনদেনেৰে ৰাকেশ পালৰ পৰা এপিএছচিৰ ৰাজপত্ৰিত বিষয়াৰ বাব ক্ৰয় কৰিছিল এপিএছ ৰুমীয়ে। আনকি ২০১৩ বৰ্ষৰ মূল এপিএছচিৰ মূল পৰীক্ষাতে উত্তীৰ্ণ হোৱা নাছিল তথাকথিত এপিএছ ৰুমী তিমুংপীয়ে। ২০১৩ বৰ্ষৰ এপিএছচিৰ পৰীক্ষাত এছ টি হিলছত কাট অফ মাৰ্ক আছিল ৬৩১। কিন্তু এপিএছ ৰুমী তিমুংপীয়ে মূল পৰীক্ষাত লাভ কৰিছিল মাত্ৰ ৫৭৮ নম্বৰ। অৰ্থাৎ মূল কাট অফ মাৰ্কতকৈ ৫৩ নম্বৰ কমকৈ লাভ কৰিছিল তিমুংপীয়ে। এপিএছচিৰ মূল পৰীক্ষাৰ মুঠ ৬খন উত্তৰবহীৰ ৪খনতেই জালিয়াতিৰে নম্বৰ বৃদ্ধি হৈছিল ৰুমী তিমুংপীৰ। ইংৰাজী বিষয়ত ৰুমীয়ে লাভ কৰিছিল মাত্ৰ ১২৫ নম্বৰ, কিন্তু ৰাকেশ পালৰ টেবুলেশ্যন ছীটত ১২৫ নম্বৰ বৃদ্ধি হৈ হৈছিল গৈ ১৭৫ নম্বৰ। ইংৰাজীত মুঠ ৫০ নম্বৰ জালিয়াতিৰে বৃদ্ধি হৈছিল ৰুমীৰ। ৰাজনীতি বিজ্ঞানৰ প্ৰথম পেপাৰত ৰুমীয়ে লাভ কৰিছিল মাত্ৰ ৬১ নম্বৰ। কিন্তু টেবুলেশ্যন ছীটত ৬১ নম্বৰ বৃদ্ধি হৈ হৈছিলগৈ ১১১। অৰ্থাৎ পুনৰ ৫০ নম্বৰ বৃদ্ধি হৈছিল ৰাজনীতি বিজ্ঞানৰ প্রথম পেপাৰত। ৰাজনীতি বিজ্ঞানৰ দ্বিতীয় পেপাৰতো ৰাকেশ পালে বৃদ্ধি কৰিছিল ৫০ নম্বৰ। ৭৭ নম্বৰৰ পৰিৱৰ্তে ১২৭ নম্বৰ প্ৰদান কৰা হৈছিল ৰুমী তিমুংপীক। সমাজতত্বৰ প্ৰথম পেপাৰতো ৰুমী তিমুংপীৰ বৃদ্ধি হৈছিল ৫০ নম্বৰ। প্ৰাপ্ত ৮৫ নম্বৰৰ পৰিৱৰ্তে জালিয়াতিৰে দিয়া হৈছিল ১৩৫ নম্বৰ। এপিএছ ৰুমী তিমুংপীয়ে সাধাৰণ জ্ঞানৰ পেপাৰত লাভ কৰিছিল ১১৩ নম্বৰ আৰু সমাজতত্বৰ দ্বিতীয়খন পেপাৰত ১১৭ নম্বৰ। এপিএছচিৰ ২০১৩ বৰ্ষৰ মূল পৰীক্ষাত স্থানপ্ৰাপ্ত বিতৰ্কিত ৰুমী তিমুংপীক মুঠ ২০০ নম্বৰ বৃদ্ধি কৰিছিল ৰাকেশ পাল এণ্ড কোম্পানীয়ে। জালিয়াতিৰে লাভ কৰা এই ৭৭৮ নম্বৰৰ সুবাদতেই অসম আৰক্ষী সেৱাত যোগদান কৰিছিল বিতৰ্কিত ৰুমী তিমুংপীয়ে। তদানীন্তন ডিব্ৰুগড় আৰক্ষীয়ে ৰাকেশ পালৰ বাসগৃহত অভিযান চলাই জব্দ কৰিছিল ৯খনকৈ লুজ টেবুলেশ্যন ছীট। MR No.340/2016 নম্বৰৰ বিশেষ টেবুলেশ্যন ছীটখনত ইতিমধ্যে সোণালী আখৰেৰে স্পষ্ট হৈ আছিল ৰুমী তিমুংপীৰ প্ৰতিটো জালিয়াতিৰ তথ্য। অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনতো স্পষ্ট হৈছে এপিএছ ৰুমী তিমুংপীৰ নাম। ইতিমধ্যে ৩০ নৱেম্বৰ ২০২৩ত এপিএছ ৰুমী তিমুংপীক বিভাগীয়ভাৱে নিলম্বনো কৰিছিল ৰাজ্যৰ গৃহ বিভাগে। আজি চিআইডিৰ মুখ্য কাৰ্যালয়ত হাজিৰ হ’বলৈ কঠোৰ নিৰ্দেশনা প্ৰেৰণ কৰিছিল এপিএছ কেলেংকাৰিৰ তদন্তকাৰী সংস্থা এছআইটিয়ে। এই গৰাকী বিতৰ্কিত এপিএছ ৰুমী তিমুংপীয়ে আগষ্ট ২০২৩ত লাভ কৰিছিল ৰহস্যজনক পদোন্নতি। ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাৰ (NIA)ৰ মুখ্য কাৰ্যালয়লৈ অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাপে পদোন্নতি লাভ কৰাৰ পাছতেই পুনৰ বিতৰ্কৰ আৱৰ্তৰ ভিতৰত সোমাইছিল এইগৰাকী তথাকথিত এপিএছ ৰুমী তিমুংপী। উল্লেখ্য যে ৰুমী তিমুংপীৰ পিতৃ মংগলছিং তিমুং হ’ল তুলিৰাম ৰংহা নেতৃত্বাধীন কাৰ্বি স্বায়ত্ত পৰিষদৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী সদস্য। বিজেপিৰ হামৰেন পৰিষদীয় সমষ্টিৰ নিৰ্বাচিত জনপ্ৰতিনিধি মংগলছিং তিমুং। ৰুমী তিমুংপীৰ শহুৰ দেউতা বিজেপি নেতা বিদ্যাছিং ইংলেং হল ডিফুৰ চাৰিবাৰৰ বিধায়ক।
#বাৰ্তা ডেস্ক