নিয়মীয়া বাৰ্তা, ৮ ফেব্ৰুৱাৰীঃ দুর্নীতিৰ সদাগৰ ৰাকেশ পালৰ কার্যকালত সংঘটিত কৃষি উন্নয়ন বিষয়া (এ ডি অ’) নিযুক্তি কেলেংকাৰিৰ তদন্ত প্রক্রিয়া গেঁঠেলা মৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ যোগ্যজনক বঞ্চিত কৰি বক্রপথেৰে নিজৰ পছন্দৰ প্রার্থীক নিযুক্তি প্রদান কৰা এই গুৰুতৰ বিসংগতিৰ তদন্ত যেন স্তিমিত হৈ পৰিছে৷ তদন্তকাৰী আৰক্ষীৰ সোপাঢ়িলা স্থিতিৰ বাবেই একাংশ অভিযুক্তই জামিন লাভ কৰিবলৈ সক্ষম হৈছে ন্যায়ালয়ত৷ শেহতীয়াকৈ ভঙাগড় থানাত ৰুজু হৈ থকা গোচৰটোত মুঠ ৩৫গৰাকী অভিযুক্তই অগ্রিম জামিন লাভ কৰিবলৈ সক্ষম হয়৷ আৰক্ষীয়ে দাখিল কৰা কেছ ডায়েৰী অধ্যয়নৰ পিছত উচ্চ ন্যায়ালয়ে ৩৫গৰাকী বিষয়াৰ অগ্রিম জামিন মঞ্জুৰ কৰে৷ ইয়াৰ লগে লগে ৰাকেশ পালৰ আশিসধন্য একাংশ এ ডি অ’ সাৰি যাব নেকি বুলিও চর্চা লাভ কৰিছে৷ লক্ষণীয়ভাৱে অগ্রিম জামিন লাভ কৰাসকলৰ নাম এই গোচৰটোত সাঙোৰ খাই থকাৰ কথা পূর্বে প্রকাশ কৰা নাছিল৷ উল্লেখ্য যে এ ডি অ’ নিযুক্তিৰ ক্ষেত্রত ব্যাপক বিসংগতি হোৱাৰ তথ্য পোহৰলৈ অহাৰ পিছতে ভঙাগড় থানাত ভাৰতীয় দণ্ডবিধিৰ ১২০ (বি)/৪২০/৪৬৮ আৰু দুর্নীতি প্রতিৰোধ আইনৰ ৭/১৩ (১) (এ) (ডি) III) (২) ধাৰাৰ অধীনত ১৫৯/১৭ নম্বৰৰ এটা গোচৰ ৰুজু হৈছিল৷ এই গোচৰটোত ইতিমধ্যে আয়োগৰ প্রাক্তন অধ্যক্ষ ৰাকেশ পাল, সদস্য চামেদুৰ ৰহমানৰ লগতে কেইবাজনো বিষয়াক গ্রেপ্তাৰো কৰিছিল৷ একেদৰে এ ডি অ’ নিযুক্তি কেলেংকাৰি প্রসংগত এগৰাকী প্রাক্তন সদস্যা বিনীতা ৰিঞ্জাকো আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছিল৷ কিন্তু ৰিঞ্জাই ৰাজসাক্ষী হ’বলৈ সন্মতি প্রদান কৰাৰ পিছতে তেওঁ জামিন লাভ কৰে৷ ইয়াৰ বাহিৰে গোচৰটোত অভিযুক্ত আন কোনো এ ডি অ’ক বর্তমানলৈ গ্রেপ্তাৰ কৰা হোৱা নাই৷