এপিএছচিত উত্তীর্ণ ছাত্র–যুৱ কল্যাণ উপদেষ্টাৰ ৪৫জন প্রশিক্ষিত
মেধাসম্পন্নই লাভ কৰিছে নিযুক্তিঃ লক্ষ্য কোঁৱৰ
নিয়মীয়া বাৰ্তা ২৮ ডিচেম্বৰঃ অসম লোকসেৱা আয়োগে ঘোষণা কৰা ২০১৮ বর্ষৰ সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষা (চি চি ই)ৰ ফলাফলত ছাত্র আৰু যুৱ কল্যাণ উপদেষ্টা পৰিষদে প্রশিক্ষণ প্রদান কৰা ১৪০গৰাকী ছাত্র–ছাত্রীৰ ভিতৰত ৪৫গৰাকীয়ে সফলতা লাভ কৰিবলৈ সক্ষম হৈছে৷ আজি এখন সংবাদ মেলত এই কথা সদৰী কৰে পৰিষদৰ সদস্য সচিব লক্ষ্য কোঁৱৰে৷ এখন সংবাদ মেলত তেওঁ কয়– মুখ্যমন্ত্রী তথা উপদেষ্টা পৰিষদৰ অধ্যক্ষ সর্বানন্দ সোণোৱালৰ বিশেষ নির্দেশত ২০১৭ চনৰ পৰাই এই বিনামূলীয়া প্রশিক্ষণৰ ব্যৱস্থা কৰা হৈছে৷ ২০১৭ চনত এই প্রশিক্ষণ লাভ কৰা ৩৪জনে সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল৷ ক্রমাগতভাৱে উপদেষ্টা পৰিষদে তৃতীয়বাৰৰ বাবে আৰম্ভ কৰা এইবাৰৰ প্রশিক্ষণত প্রায় ১,০০০গৰাকী ছাত্র–ছাত্রীয়ে অংশগ্রহণ কৰিছে৷ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ দুর্নীতিৰ বিৰুদ্ধে শূন্যসহনশীল ব্যৱস্থাৰ ফলতেই বিগত ২০১৮ বর্ষৰ দৰে এইবাৰো এ পি এছ চিৰ ফলাফল বিতর্কমুক্ত হোৱাৰ লগতে মেধাসম্পন্ন সকলো ছাত্র–ছাত্রীয়ে প্রশাসনিক বিষয়াৰ পদ পাবলৈ সক্ষম হৈছে৷ সংবাদ মেলখনত সদস্য সচিব লক্ষ্য কোঁৱৰে আগন্তুক দিনত এ পি এছ চি, ইউ পি এছ চিৰ লগতে উপদেষ্টা পৰিষদে বেংক, এছ এছ চিৰো প্রশিক্ষণৰ দিহা কৰিব বুলি প্রকাশ কৰে৷ লক্ষ্য কোঁৱৰৰ সৈতে সংবাদ মেলত উপস্থিত থকা ১০গৰাকী এ পি এছ চি উত্তীর্ণ প্রার্থীয়ে সর্বানন্দ সোণোৱালৰ দুর্নীতিবিৰোধী স্থিতিক উষ্ম আদৰণি জনোৱাৰ লগতে যুৱ প্রজন্মৰ এ পি এছ চিৰ প্রতি মনোভাব ইতিবাচক হোবা বুলি মন্তব্য কৰে৷ উল্লেখ্য যে এইবাৰৰ অসম লোকসেৱা আয়োগে ঘোষণা কৰা ফলফলত ছাত্র আৰু যুৱ কল্যাণ উপদেষ্টা পৰিষদে প্রশিক্ষণ প্রদান কৰা কংকনজ্যোতি শইকীয়াই এ চি এছৰ প্রথম স্থান দখল কৰাৰ সমান্তৰালভাৱে জিণ্টু শর্মাই দ্বিতীয স্থান আৰু নিমাশ্রী ডাউকাই তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে৷