নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপিত যোগদান লোকগীতৰ সম্রাজ্ঞীৰ কন্যা অলকা পাণ্ডেৰ

নিয়মীয়া বাৰ্তা ২৮ ডিচেম্বৰঃ গোৱালপৰীয়া লোকসংগীত সম্রাজ্ঞী, পদ্মশ্রী প্রতিমা বৰুৱা পাণ্ডেৰ মৃত্যু বার্ষিকীৰ দিনাই তেওঁৰ কন্যা অলকা পাণ্ডেই ভাৰতীয় জনতা পার্টীত আনুষ্ঠানিকভাৱে যোগদান কৰে৷ ৰাজ্যিক বিজেপিৰ হেঙেৰাবাৰীস্থিত মুখ্য কার্যালয়ত অনুষ্ঠিত হোৱা আজিৰ যোগদান কার্যসূচীত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস, সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্র নাথ শর্মা, সম্পাদক কৃষ্ণমণি চুতীয়া উপস্থিত থাকে৷ যোগদান কার্যসূচীত উপস্থিত থাকি ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে কয়– ‘মাতৃৰ মৃত্যু বার্ষিকীৰ দিনাই বিজেপিত যোগদান কৰা অলকা পাণ্ডেক দলৰ মজিয়ালৈ স্বাগতম জনাইছোঁ, অনাগত দিনত তেওঁ দলৰ নীতি–আদর্শ নিষ্ঠাসহকাৰে পালন কৰি দল তথা ৰাইজৰ স্বার্থত কাম কৰি যাব বুলি আশা প্রকাশ কৰিছোঁ৷ বিজেপিত যোগদান কৰি অলকা পাণ্ডেই নিজৰ মনোভাব প্রকাশ কৰি কয় যে জাতি–ধর্ম–বর্ণ নির্বিশেষে সকলোকে সুৰক্ষা দিয়াৰ একমাত্র উপায় হৈছে বিজেপি৷ ভাৰতীয় জনতা পার্টীত প্রতিজন শিল্পীৰ বাবে এখন উপযুক্ত মঞ্চ তথা সন্মান আছে, আজি সেই সন্মান লাভ কৰি গৌৰৱান্বিত৷ এজন শিল্পী হিচাপে অসম তথা ভাৰতবর্ষৰ ৰাইজৰ কাৰণে কাম কৰি যাবলৈ ভাৰতীয় জনতা পার্টীয়ে একমাত্র বিকল্প বুলি অলকা পাণ্ডেই মত প্রকাশ কৰে৷

You might also like