নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিশু উন্নয়ন প্রকল্প বিষয়াৰ পৰীক্ষাত ছ’চিয়েল ৱর্কছৰ সলনি আহিল ছ’চি’লজীৰ প্রশ্ন

অসম লোকসেৱা আয়োগৰ পৰীক্ষাত পুনৰ বিসংগতি

নিয়মীয়া বাৰ্তা ৯ নৱেম্বৰঃ অন্তহীন সমালোচনাৰ পাছতো কলংকমুক্ত হোৱা নাই অসম লোকসেৱা আয়োগ৷ আজি সমাজ কল্যাণ বিভাগৰ বিষয়া নিযুক্তিৰ বাবে অনুষ্ঠিত কৰা পৰীক্ষাত পুনৰ দায়িত্বজ্ঞানহীনতাৰ পৰিচয় দিলে অসম লোকসেৱা আয়োগে৷ যাৰ বাবে শিশু উন্নয়ন প্রকল্প বিষয়াৰ লিখিত পৰীক্ষাত অৱতীর্ণ হোৱা হাজাৰ হাজাৰ পৰীক্ষার্থীৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়৷ উল্লেখ্য যে সমাজ কল্যাণ বিভাগৰ ৭৩টা শিশু উন্নয়ন প্রকল্প বিষয়াৰ পদৰ নিযুক্তিৰ বাবে ২০১৯ চনৰ ৩ আগষ্টতে বিজ্ঞাপন প্রকাশ কৰিছিল এ পি এছ চিয়ে৷ সেইমর্মে যোগ্যতাসম্পন্ন কেইবাহাজাৰ প্রার্থীয়ে এই পদসমূহৰ বিপৰীতে আবেদন কৰি নিযুক্তি পৰীক্ষাৰ বাবে বাট চাই থাকে৷ কিন্তু বিগত এটা বছৰত নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সক্ষম নহ’ল লোকসেৱা আয়োগ৷ অৱশেষত যোৱা ১ নৱেম্বৰৰ পৰা শিশু উন্নয়ন বিষয়া পদৰ বাবে নিযুক্তি পৰীক্ষাৰ দিন ঘোষণা কৰা হয়৷ ইতিমধ্যে ইংৰাজী আৰু সাধাৰণ জ্ঞান বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হৈ গৈছে৷ দেওবাৰে আছিল ঐচ্ছিক বিষয়ৰ পৰীক্ষাৰ দিন৷ ঐচ্ছিক বিষয়ৰ ভিতৰত আছে ছ’চিয়েল ৱর্কছ, লেবাৰ এণ্ড ছ’চিয়েল ৱেলফেয়াৰ, ছ’চি’লজী, এনথ্রপ’লজী, ক্রিমিন’লজী, চাইল্ড ডেভেলপমেণ্ট, হোম ছায়েন্স, নিউটেচন, ফিল’ছফী আৰু এডুকেচন৷ ইয়াৰে যিকোনো এটা বিষয় প্রার্থীসকলে বাছি ল’ব পাৰে৷ প্রায় ১,২০০ প্রার্থীয়ে নির্বাচন কৰিছিল ছ’চিয়েল ৱর্কছৰ বিষয়টো৷ কিন্তু এইসকল প্রার্থীয়ে  পৰীক্ষাত অৱতীর্ণ হ’বলৈ গৈ মূৰে–কপালে হাত দিবলগীয়া হয়৷ কিয়নো ছ’চিয়েল ৱর্কছৰ প্রশ্ণকাকতখন ভৰি আছিল কেৱল ছ’চি’লজীৰ প্রশ্ণৰে৷ প্রশ্ণকাকত দেখি হতবাক হৈ পৰা প্রার্থীসকলে নিৰীক্ষকক এই ভয়ানক বিভ্রান্তি আঙুলিয়াই দিয়ে৷ কিন্তু বহু সময় ধৰি অসম লোকসেৱা আয়োগৰ পৰা কোনো সদুত্তৰ লাভ নকৰিলে শিশু উন্নয়ন প্রকল্প বিষয়া পদৰ প্রার্থীসকলে৷ তেনেকৈয়ে ২ ঘণ্টা সময় পৰীক্ষাগৃহত কলম কামুৰি বহি থাকিবলগীয়া হয় ছ’চিয়েল ৱর্কছৰ ঐচ্ছিক বিষয় হিচাপে বাছি লোৱা প্রার্থীসকল৷ পৰীক্ষাৰ সময় উকলি যোৱাৰ পাছত অসম লোকসেৱা আয়োগৰ তৰফৰ পৰা এক বিবৃতিযোগে জনোৱা হয় যে প্রশ্ণকাকতৰ বিসংগতিৰ বিষয়টো বিবেচনা কৰি চোৱা হ’ব আৰু এইক্ষেত্রত যথোচিত পদক্ষেপ গ্রহণ কৰা হ’ব৷ কিন্তু আয়োগৰ এনে দায়সৰা মন্তব্যত আশ্বস্ত হোৱা নাই পৰীক্ষার্থীসকল৷ তেওঁলোকে সঠিক প্রশ্ণকাকতেৰে ছ’চিয়েল ৱর্কছ বিষয়ৰ পৰীক্ষা নতুনকৈ অনুষ্ঠিত কৰাৰ বাবে দাবী উত্থাপন কৰিছে৷

You might also like