ক’ৰোনাৰ বিভীষিকাৰ মাজতে এপিএছচিৰ জাননীক লৈ পৰীক্ষার্থীৰ মাজত হাহাকাৰ
নিয়মীয়া বাৰ্তা, ৭ জুলাইঃ অসম লোকসেৱা আয়োগৰ ২০২০ বর্ষৰ সংযুক্ত প্রতিযোগিতামূলক (প্রাৰম্ভিক) পৰীক্ষা অহা আগষ্ট মাহৰ দ্বিতীয় সপ্তাহত অনুষ্ঠিত কৰাৰ প্রস্তুতি চলাইছে এ পি এছ চিয়ে৷ ইয়াৰ বাবে যোৱা ৫ জুলাইত আয়োগৰ সচিবগৰাকীয়ে সকলো জিলাৰ উপায়ুক্তলৈ প্রেৰণ কৰিছে এখন বিশেষ পত্র৷
পত্রখনত উল্লেখ কৰা মতে, ৰাজ্যৰ ৩১খন জিলাৰ সদৰ স্থানত অনুষ্ঠিত কৰা হ’ব এই পৰীক্ষা৷ সুকলমে পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে সকলো জিলাত এগৰাকী অতিৰিক্ত উপায়ুক্তক দায়িত্ব প্রদানৰ বাবে অনুৰোধ জনোৱা হৈছে৷ এই পত্রখন ৰাজহুৱা হোৱাৰ লগে লগে পৰীক্ষার্থীসকলৰ মাজত হাহাকাৰ লাগিছে৷ কিয়নো সমগ্র ৰাজ্যত এতিয়াও ক’ৰোনাৰ ভয়াৱহ সংক্রমণ অব্যাহত আছে৷ আক্রান্তৰ সংখ্যা হ্রাস পোৱাৰ কোনো সম্ভাৱনাই এতিয়ালৈকে পৰিস্ফুট হোৱা নাই৷ এনে পৰিস্থিতিত পৰীক্ষাৰ সম্ভাব্য সময়সূচী প্রকাশ পোৱাৰ লগে লগে পৰীক্ষার্থীসকল হতচকিত হৈ পৰিছে৷
বিগত প্রায় দুমাহ ধৰি ৰাজ্যত লকডাউনসদৃশ পৰিস্থিতি বলৱৎ হৈ থকাৰ পৰিপ্রেক্ষিতত ছাত্র–ছাত্রীসকলৰ অধ্যয়নতো ব্যাঘাত জন্মিছে৷ স্বাভাৱিক পাঠদান সকলো শিক্ষানুষ্ঠানতে বন্ধ হৈ আছে৷ যাৰ বাবে সকলো পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্রতো গভীৰ অনিশ্চয়তাৰ সৃষ্টি হৈছে৷ মেট্রিক–উচ্চতৰ মাধ্যমিক পৰীক্ষা ইতিমধ্যে বাতিল কৰা হৈছে৷
বিশ্ববিদ্যালয়সমূহে অনুষ্ঠিত কৰিছে অনলাইন অ’পেন বুক পৰীক্ষা৷ এনে এক শংকাময় পৰিস্থিতিৰ মাজত আগষ্টৰ দ্বিতীয় সপ্তাহত সংযুক্ত প্রতিযোগিতামূলক (প্রাৰম্ভিক) পৰীক্ষা অনুষ্ঠিত কৰাৰ প্রস্তুতি চলোৱাৰ খবৰে সকলোকে আচৰিত কৰি তুলিছে৷ অৱশ্যে ক’ৰোনা পৰিস্থিতিসাপেক্ষে পৰীক্ষা অনুষ্ঠিত কৰা হ’ব বুলি এ পি এছ চিয়ে সদৰী কৰিছে৷
উল্লেখ্য যে ২০২০ চনৰ ৮ ছেপ্টেম্বৰত অসম লোকসেৱা আয়োগে ৩৫০টাৰো অধিক পদৰ বাবে বিজ্ঞাপন প্রকাশ কৰিছিল৷ সেইমর্মে ৰাজ্যৰ ৭৬ হাজাৰৰো অধিক যুৱক–যুৱতীয়ে উক্ত পদসমূহৰ বাবে আবেদন জনাইছিল৷ বৃহৎসংখ্যক পৰীক্ষার্থীয়ে পৰীক্ষাৰ বাবে প্রস্তুতি চলাই থকাৰ মাজতে আহি পৰিল ক’ৰোনাৰ বিভীষিকা৷ স্বাভাৱিক জীৱনযাত্রা স্থবিৰ হৈ পৰাত প্রস্তুতিৰ ক্ষেত্রত পৰীক্ষার্থীসকলৰো নানান অসুবিধাৰ সৃষ্টি হয়৷ এতিয়া তেনেই কম সময়ৰ ব্যৱধানত পৰীক্ষা অনুষ্ঠিত হ’লে ঈপ্সিত ফলাফল লাভ নকৰাৰ আশংকাত ভুগিছে পৰীক্ষার্থীসকল৷