নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হেকৰা উঃ মাঃ বিদ্যালয়ত এপিএছচিত উত্তীৰ্ণক উষ্ম সম্বৰ্ধনা

নিয়মীয়া বাৰ্তা, ২০ জানুৱাৰী : এপিএছচিত উজলিল জাহিদ হুছেইন হাজৰিকা নামৰ এগৰাকী ছাত্ৰ। খণ্ড উন্নয়ন বিষয়া পদত ৪ৰ্থ ৰেংক পাবলৈ সক্ষম হয় তেওঁ | প্ৰাক্তন ছাত্ৰৰ কৃতিত্বত গৌৰৱান্বিত হেকৰা উ: মা: বিদ্যালয় পৰিয়াল। হেকৰা উ: মা: বিদ্যালয়ত জাহিদ হুছেইন হাজৰিকালৈ উষ্ম সম্বৰ্ধনাৰ দিহা কৰা হয় | ডা: জাহিদ হুছেইন হাজৰিকা এগৰাকী পশু চিকিৎসক হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ মাজতেই অৱতীৰ্ণ হৈছিল অসম লোকসেৱা আয়োগৰ পৰীক্ষাত |পৰীক্ষাৰ ফলাফলত ডা: জাহিদুল ইছলাম হাজৰিকাই ৪ৰ্থ ৰেংক পায় খণ্ড উন্নয়ন বিষয়া চমুকৈ বিডিঅ’ হিচাপে | ঈপ্সিত ফলাফল পাই উৎফুল্লিত জাহিদুল ইছলাম হাজৰিকা, শিক্ষক পিতৃ আফতাব হুছেইন হাজৰিকা, পৰিয়াল, গাঁওবাসী আৰু তেওঁ পঢ়া বিদ্যালয়খনৰ শিক্ষক-ছাত্ৰসকল |তেওঁৰ একালৰ শিক্ষানুষ্ঠান হেকৰা উঃ মাঃ বিদ্যালয়ত জাহিদুল ইছলামৰ এই সফলতাৰ বাবে শুকুৰবাৰে বিশেষ সম্বৰ্ধনা জনোৱা হয় কৃতী ছাত্ৰগৰাকীক | একালৰ নিজৰেই ছাত্ৰগৰাকীৰ এনে সফলতা দেখি প্ৰতিগৰাকী শিক্ষক গৰ্বিত আৰু আনন্দিত হয় অনুজ শিক্ষাৰ্থীসকলো | সকলোৱে এনে কৃতিত্বৰ বাবে সম্বৰ্ধনা যাচে একালৰ মেধাৱী ছাত্ৰ জাহিদুল ইছলাম হাজৰিকালৈ। আনহাতে সম্বৰ্ধনা গ্ৰহণৰ অন্তত নিজৰ অভিব্যক্তি আৰু অনুভৱ ব্যক্ত কৰাৰ উপৰি অনুজ ছাত্ৰ-ছাত্ৰীসকললৈ কেতবোৰ বহুমূলীয়া পৰামৰ্শও দিয়ে এপিএছচিত কৃতিত্ব অৰ্জন কৰা প্ৰাক্তন ছাত্ৰগৰাকীয়ে |

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like