নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইনী পাকত উদ্যোগ বিভাগৰ উপ–সঞ্চালকসহ একাধিক পদ

এপিএছচিৰ নিযুক্তি প্রক্রিয়াত বিসংগতি

নিয়মীয়া বাৰ্তা ১৯ জানুৱাৰীঃ অসম লোকসেৱা আয়োগ (এপিএছচি)ৰ অধীনত অনুষ্ঠিত বিভিন্ন নিযুক্তি পৰীক্ষাক লৈ বিভিন্ন সময়ত উত্থাপিত হৈ আহিছে নানান অভিযোগ৷ যাৰ বাবে যোগ্যজনৰ পৰিৱর্তে একাংশ অযোগ্যই ৰাজ্য প্রশাসনৰ বহু গুৰুত্বপূর্ণ পদবীত নিযুক্তি লাভ কৰাৰো উদাহৰণ আছে৷ এইবাৰ নিযুক্তিৰ পিছতো এ পি এছ চিৰ বিসংগতিৰ বাবে আইনী মেৰপেঁচত সোমাই পৰিছে ৰাজ্যৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ অধীনৰ বিভিন্ন পদ৷ নাকচ হোৱা প্রার্থীকে চূড়ান্ত তালিকাত স্থান প্রদান কৰি নিযুক্তি দিয়াৰ অভিযোগেৰে শেহতীয়াকৈ বিভাগটোত সম্পন্ন হোৱা নিযুক্তি প্রক্রিয়াক প্রত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰুজু হৈছে এটা গোচৰ৷ ৰূপম কলিতা নামৰ এজন ব্যক্তিয়ে ২৮৪/২০২২ নম্বৰৰ লেখ আবেদনৰ জৰিয়তে উদ্যোগ আৰু বাণিজ্যিক বিভাগৰ অধীনত কার্যবাহী প্রবন্ধক, প্রকল্প প্রবন্ধক আৰু উপ–সঞ্চালক পদৰ নিযুক্তি লৈ প্রত্যাহ্বান জনাইছে৷ এই আবেদনৰ জৰিয়তে তেওঁ উক্ত পদসমূহৰ নিযুক্তিত স্থগিতাদেশ প্রদান কৰিবলৈ ন্যায়ালয়ক প্রার্থনা জনাইছে৷

অৱশ্যে ইতিমধ্যে সংশ্লিষ্ট পদসমূহত নির্বাচিত প্রার্থীসকলে যোগদান কৰাৰ বাবে স্থগিতাদেশ দিবলৈ অপাৰগতা প্রকাশ কৰে উচ্চ ন্যায়ালয়ে৷ কিন্তু উক্ত পদবীসমূহত নিযুক্তি এই আবেদনখনৰ চূড়ান্ত সিদ্ধান্তৰ ওপৰত নির্ভৰ কৰিব বুলি গুৰুত্বপূর্ণ মন্তব্য কৰিছে উচ্চ ন্যায়ালয়ে৷ উল্লেখ্য যে অসম লোকসেৱা আয়োগে উক্ত পদসমূহত নিযুক্তিৰ বাবে ২০২০ বর্ষৰ ২৬ জুনত বিজ্ঞাপন প্রকাশ কৰিছিল৷ ইয়াৰ পিছতে আয়োগে এখন নাকচ কৰা প্রার্থীৰ তালিকা প্রকাশ কৰিছিল৷ এই নাকচ কৰা প্রার্থীৰ তালিকাখনত সন্নিৱিষ্ট কৰা একাংশ প্রার্থীয়েই পদসমূহত নিযুক্তি লাভ কৰে৷ লক্ষণীয়ভাৱে নাকচ কৰা প্রার্থীৰ তালিকাৰ পিছত পুনৰ আন এখন অতিৰিক্ত তালিকা প্রকাশ কৰি এ পি এছ চিয়ে পুনৰ নাকচ হোৱা প্রার্থীকেই সন্নিৱিষ্ট কৰি বাট মোকলাই দিছিল নিযুক্তিৰ৷ এইদৰে বিসংগতিপূর্ণভাৱে প্রার্থী তালিকা প্রকাশ কৰাক লৈ পূর্বেই সৃষ্টি হৈছিল বিতর্কৰো৷ কিন্তু এনে বিতর্কৰ মাজতে ২০২১ বর্ষৰ ৯ নৱেম্বৰত এই পদসমূহৰ বাবে চূড়ান্ত তালিকা প্রকাশ কৰা হৈছিল৷ ন্যায়ালয়ত আবেদনকাৰীৰ হৈ যুক্তি প্রদর্শন কৰি তেওঁৰ অধিবক্তাই কয় যে কেৱল নির্ধাৰিত কেইজনমান প্রার্থীক নিযুক্তি দিয়াৰ বাবে সাক্ষাৎকাৰ প্রক্রিয়া পিছুৱাই দিয়া হৈছিল৷ আজি ন্যায়ালয়ে চাৰি সপ্তাহৰ ভিতৰত এই সন্দর্ভত সংশ্লিষ্ট কর্তৃপক্ষক উত্তৰ দিবলৈ জাননী জাৰি কৰে৷

You might also like