এপিএছচি কেলেংকাৰিৰ আন এক ক’লা অধ্যায়ঃ ৰাকেশ পালৰ ‘পৰীক্ষা’ত উত্তীর্ণই চলাইছে প্রশাসন
নিয়মীয়া বাৰ্তা, ১৩ ডিচেম্বৰ: দুর্নীতিৰ সদাগৰ ৰাকেশ পালক গ্রেপ্তাৰৰ পাছত অসম লোকসেৱা আয়োগত (এ পি এছ চি) সংঘটিত বিয়াগোম নিযুক্তি কেলেংকাৰিৰ সৈতে জড়িত প্রতিজন লোক আৰক্ষীৰ জালত পৰিব বুলি ৰাজ্যবাসীয়ে কৰা আশা কার্যতঃ পূৰণ নহ’ল৷ বৰঞ্চ একাংশ অভিযুক্তক গ্রেপ্তাৰ কৰিয়েই যেন দায়িত্ব সামৰিলে তদন্তকাৰী আৰক্ষীয়ে৷ যাৰ পৰিপ্রেক্ষিতত ৰাকেশ পালৰ আশিসধন্য হৈ এ পি এছ চিৰ পৰীক্ষাত উত্তীর্ণ হোৱা একাংশ বিষয়াই এতিয়াও চম্ভালি আছে ৰাজ্যৰ প্রশাসন৷
শেহতীয়াকৈ ৰাকেশ পালৰ বাসগৃহত তদন্তকাৰী ডিব্রুগড় আৰক্ষীয়ে জব্দ কৰা এখন টেবুলেচনৰ শ্বীটে উন্মোচিত কৰিছে আৰক্ষীৰ সোপাঢ়িলা স্থিতি৷ ৰাকেশ পালে পৰীক্ষাত উত্তীর্ণ কৰি দিবলৈ টেবুলেচন শ্বীটত নিজ হাতেৰে বহু নম্বৰ বৃদ্ধি কৰি দিয়াৰ পাছতো অসম অসামৰিক সেৱা, অসম আৰক্ষী সেৱা আৰু সহযোগী সেৱাসমূহত কর্মৰত হৈ থকা এই বিষয়াসকলক গ্রেপ্তাৰ নকৰিলে তদন্তকাৰী আৰক্ষীয়ে৷ প্রাপ্ত তথ্য অনুসৰি ২০১৩ বর্ষত অনুষ্ঠিত অসম লোকসেৱা আয়োগৰ সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাৰ নম্বৰৰ টেবুলেচন শ্বীট ৰাকেশ পালৰ বাসগৃহৰ পৰা ডিব্রুগড় আৰক্ষীয়ে জব্দ কৰিছিল৷ ইয়াৰ পাছতে এই টেবুলেচন শ্বীটৰ হস্তাক্ষৰৰ ফৰেনছিক লেবৰেটৰীলৈ প্রেৰণ কৰা হৈছিল৷ যোৱা এপ্রিল মাহত তদন্তকাৰী আৰক্ষীয়ে এই টেবুলেচন শ্বীটখনৰ ফৰেনছিক প্রতিবেদন লাভ কৰিবলৈ সক্ষম হয়৷ য’ত ৰাকেশ পালে এই টেবুলেচন শ্বীটখনত একাংশ প্রার্থীক উত্তীর্ণ কৰাই দিয়াৰ বাবে নম্বৰ বৃদ্ধি কৰি দিছিল বুলি সঁচা প্রমাণিত হয়৷
একে সময়তে টেবুলেচন শ্বীটত নম্বৰ বৃদ্ধি কৰি দিয়া প্রার্থীসকলৰ উত্তৰবহীসমূহ বিশেষ আদালতৰ অনুমতি সাপেক্ষে পুনৰ পৰীক্ষাৰ বাবে আনে তদন্তকাৰী আৰক্ষীয়ে৷ য’ত এইটো স্পষ্ট হৈ পৰে যে উত্তৰবহীত লাভ কৰা নম্বৰতকৈ টেবুলেচন শ্বীটত মন পছন্দৰ প্রার্থীসকলক অত্যধিক নম্বৰ বঢ়াই দিছিল ৰাকেশ পালে৷ অর্থাৎ টেবুলেচন শ্বীট আৰু উত্তৰবহীৰ মাজত এই প্রার্থীসকলৰ নম্বৰৰ মিল নাছিল৷ এই বৃহৎ অনিয়ম পোহৰলৈ অহাৰ পাছতো উক্ত প্রার্থীসকলক আজি পর্যন্ত আৰক্ষীয়ে গ্রেপ্তাৰ নকৰিলে অথবা তদন্তৰ আওতালৈ নানিলে৷ যাৰ পৰিপ্রেক্ষিতত ৰাকেশ পালে ধনৰ মোনা লৈ অনুষ্ঠিত কৰা নিজা ‘পৰীক্ষা’ত উত্তীর্ণ হোৱা এইসকল প্রার্থীয়েই এতিয়াও চম্ভালি আছে ৰাজ্যৰ প্রশাসন৷ চক্র বিষয়া, আৰক্ষী অধীক্ষক আৰু আন আন গুৰুত্বপূর্ণ পদত নিযুক্তি লাভ কৰি এইসকলেই চলাই আহিছে ৰাজ্য৷ কিন্তু স্বাভাৱিকতে প্রশ্ণ উত্থাপন হৈছে যে লাখ লাখ টকাৰ উপঢ়ৌকন দি বক্রপথেৰে চাকৰি লোৱা এইসকল বিষয়াই সু–শাসন আৰু দুর্নীতিমুক্ত প্রশাসন ৰাইজক দিবলৈ সক্ষম হৈছেনে? নে তেওঁলোকেও ধনৰ বিনিময়ত প্রশাসনৰ কাম–কাজ চলাবলৈ আৰম্ভ কৰিছে, তাক লৈও সন্দেহৰ অৱকাশ আছে৷ এক উচ্চস্তৰীয় সূত্রই সদৰী কৰা অনুসৰি শেহতীয়াকৈ ফাদিল হোৱা এই টেবুলেচন শ্বীটখনত পৱিত্র কৈৱর্তৰ উপস্থিতিত নিজৰ বাসগৃহত মন পছন্দৰ প্রার্থীসকলৰ নম্বৰ বঢ়াই দিছিল ৰাকেশ পালে৷ একাংশ প্রার্থীক উত্তীর্ণ কৰাই দিয়াৰ বাবে ২০০–৩০০ পর্যন্ত নম্বৰ বঢ়াই দিছিল ৰাকেশ পালে৷ মুঠ ১০ৰ পৰা ১২জন প্রার্থীৰ ক্ষেত্রত অনিয়ম সংঘটিত হোৱা এই টেবুলেচন শ্বীটত উল্লেখ থকা অনুসৰি এজন প্রার্থীৰ নম্বৰ ৬৮০ৰ পৰা ৮৭০ নম্বৰলৈ বৃদ্ধি কৰি দিছিল ৰাকেশ পালে৷ সেইদৰে আন এজন প্রার্থীৰ ৰাজনীতি বিজ্ঞান বিভাগৰ প্রথমখন প্রশ্ণকাকতত মাত্র ৫৭ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছিল যদিও তেওঁৰ নম্বৰ ১০৭লৈ বৃদ্ধি কৰি দিয়া হৈছিল৷ এয়া মাত্র কেইটামান উদাহৰণহে৷
মন পছন্দৰ আটাইকেইজন প্রার্থীৰ ক্ষেত্রতে এনেদৰে নম্বৰ বৃদ্ধি কৰি দিছিল দুর্নীতিৰ সদাগৰ ৰাকেশ পালে৷ লক্ষণীয় যে ২০১৩ বর্ষত অনুষ্ঠিত সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাৰ ফলাফলৰ এক ন্যায়িক তদন্তৰ নির্দেশ দিছিল গুৱাহাটী উচ্চ ন্যায়ালয়েও৷ ইয়াৰ ভিত্তিত ৰাজ্য চৰকাৰে অৱসৰপ্রাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শর্মাৰ নেতৃত্বত এখন কমিটী গঠন কৰি দিয়ে৷ এই কমিটীখনে উক্ত পৰীক্ষাৰ উত্তৰবহী, মার্কশ্বীট, টেবুলেচন শ্বীট আদি পৰীক্ষা কৰিছে৷ এই পৰীক্ষাত অনিয়ম সংঘটিত হোৱা বুলি ধৰা পৰা প্রার্থীসকলক আয়োগে চমন জাৰি কৰাৰ লগতে তেওঁলোকৰ মতামত স্পষ্ট কৰিবলৈ নির্দেশ দিছিল৷ ইতিমধ্যে বহুসংখ্যক অভিযুক্ত প্রার্থীয়ে আয়োগৰ সন্মুখত হাজিৰ হৈ নিজৰ মতামত প্রদান কৰিছে৷ টেবুলেচন শ্বীটখনত নম্বৰ বঢ়াই দিয়া অধিকাংশ প্রার্থীকেই চমন জাৰি কৰিছে বিপ্লৱ কুমাৰ শর্মা নেতৃত্বাধীন ন্যায়িক আয়োগেও৷ কিন্তু একেই অনিয়ম সংঘটিত কৰি একাংশ প্রার্থীয়ে জে’লৰ ভাত খোৱাৰ পাছত আন একাংশই কিদৰে ৰাজ্যৰ প্রশাসনৰ গুৰুত্বপূর্ণ পদবীত নিয়োজিত হৈ থকাৰ সুযোগ লাভ কৰিছে, তাক লৈ উত্থাপন হৈছে প্রশ্ণ৷ লগতে কিয় এইসকল বিষয়াক তদন্তকাৰী আৰক্ষীয়ে গ্রেপ্তাৰ কৰা নাই, তাক লৈ সৃষ্টি হৈছে ৰহস্যৰ৷