নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘মাক চিনাকি কৰাই দি সুখী হৈছোঁ‌’ : এপিএছচিত উত্তীৰ্ণ মৰিয়নিৰ হৰিচৰণৰ মন্তব্য

বিশেষ বাৰ্তা, ২২ অক্টোবৰঃ দৰিদ্ৰতাই যে শিক্ষাগ্ৰহণত কেতিয়াও হেঙাৰ হ’ব নোৱাৰে তাক প্ৰমাণ কৰি দেখুৱালে হৰিচৰণ ভূমিজে। বাঁ‌হৰ সৰু ঘৰত বাস কৰা হৰিচৰণ ভূমিজে আজি যেন আকাশ স্পৰ্শ কৰিবলৈ সক্ষম হ’ল। চাহ বাগিচাৰ পৰিবেশৰ মাজতো নিজকে সুকীয়া ধৰণে গঢ়ি তোলা হৰিচৰণ প্ৰকৃততেই আদৰ্শ যুৱক। কালি ঘোষনা কৰা এ পি এছ চি পৰীক্ষাৰ ফলাফলত হৰিচৰণ ভূমিজে ৪১ সংখ্যক স্থান লাভ কৰিবলৈ সক্ষম হৈছে । হৰিচৰণৰ সফলতাই সমগ্ৰ মৰিয়নিলৈ আশাৰ বতৰা লৈ আহিছে। মৰিয়নিৰ কঠালগুৰি চাহ বাগিচাৰ কাছাৰী লাইনৰ নিবাসী হৰিচৰণ সৰুৰে পৰাই পঢ়া শুনাত মেধা আছিল । তেনেই সৰু হৈ থাকোঁ‌তেই দেউতাকে মাক আৰু সন্তানক এৰি আঁ‌তৰি গৈছিল । দুটি সন্তানৰ ভিতৰত এটা হৰিচৰণ আৰু আনটো সন্তান ছোৱালী তুলিকা ভূমিজ। তেতিয়াৰে পৰা মাক লক্ষী ভূমিজে তুলি তালি ডাঙৰ দীঘল কৰিছে দুয়োকে। নিজেই পঢ়া লিখা নাজানিলেও নিজৰ সন্তানক পঢ়াই শুনাই ‘ভাল মানুহ’ কৰাৰ সপোন দেখিছিল লক্ষী ভূমিজে। দৰিদ্ৰতাই কোঙা কৰা পৰিয়ালটো কেতিয়াবা খালি পেটেৰেও ৰাতি পাৰ কৰিবলগীয়া হৈছিল। পঢ়ি থাকোতেও প্ৰায়েই হৰিচৰণে খালি পেটেৰে বিদ্যালয়লৈ গৈছিল। মৰিয়নিৰ ইংৰাজী মাধ্যমৰ শিক্ষানুষ্ঠান চেইন্ট এন্থ্নী হাইস্কুলত নাম লগাই দিছিল মাকে। কিন্তু দ্বিতীয় শ্ৰেণীত মৰিয়নি জাতীয় বিদ্যাপীঠত নাম ভৰ্তি কৰাই দিয়ে হৰিচৰণৰ। হৰিচৰণৰ পঢ়াৰ প্ৰতি থকা ধাউতি তেতিয়াই চকুত পৰিছিল জাতীয় বিদ্যাপীঠৰ অধ্যক্ষ ৰঞ্জিত গোহাঁইবৰুৱাই । কিন্তু ভনীয়েক তুলিকাকো বিদ্যালয়ত নাম ভৰ্তি কৰাৰ সময়ত আৰ্থিক সমস্যাৰ সন্মুখীন হয় মাতৃ লক্ষী ভূমিজ । তেতিয়া পঞ্চম শ্ৰেণীলৈ উত্তীৰ্ণ হোৱা হৰিচৰণক চৰকাৰী স্কুললৈ আনিবলৈ চেষ্টা চলাই মাকে। লক্ষী ভূমিজ বিদ্যালয়লৈ কেবাবাৰো গ’ল যদিও বিদ্যালয়খনৰ কৰ্তৃপক্ষই হৰিচৰণক এৰি নিদিলে। বিপৰীতে হৰিচৰণক সম্পূৰ্ণ বিনামূলীয়াকৈ পঢ়াৰ সুবিধা দিয়ে বিদ্যালয় কৰ্তৃপক্ষই। মৰিয়নি জাতীয় বিদ্যালয়ৰ কৰ্তৃপক্ষই মেট্ৰিক পৰীক্ষালৈকে বিনামূলীয়াকৈ পঢ়ুৱাই আৰু ২০১০ চনত ডিষ্টিংচন সহ প্ৰথম বিভাগত উত্তীৰ্ণ হয় । পিছত সেই জাতীয় বিদ্যাপীঠৰ কৰ্তৃপক্ষৰ অনুৰোধ মৰ্মে দুবছৰীয়া উচ্চতৰ মাধ্যমিক পাঠ্যক্ৰমো তিতাবৰৰ প্ৰাগজ্যোতিকা একাডেমীয়ে সম্পূৰ্ণ বিনামূলীয়াকৈ অধ্যয়ন কৰাৰ সুযোগ দিয়ে । সেইসময়ত মৰিয়নি আঞ্চলিক ছাত্ৰ সন্থা ( আছু ) ই তেওঁলৈ আগবঢ়োৱা সহযোগিতাৰ বিষয়েও হৰিচৰণে উল্লেখ কৰে । উচ্চতৰ মাধ্যমিকৰ পৰা স্নাতকলৈকে মৰিয়নি আঞ্চলিক ছাত্ৰ সন্থাই মেধাবী ছাত্ৰজনৰ শিক্ষাগ্ৰহণত সহযোগিতা আগবঢ়াইছিল। তাৰ মাজতে নিজৰ পঢ়াৰ খৰচ উলিয়াবলৈ টিউচনো লৈছিল হৰিচৰণে। আনহাতে ২০১২ চনত সুখ্যাতিৰে উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত উত্তীৰ্ণ হোৱাৰ পিছত যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা ৰসায়ন বিজ্ঞানত মেজৰ লৈ সুখ্যাতিৰে প্ৰথম শ্ৰেণীত উত্তীৰ্ন হয়। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা ২০১৭ চনত প্ৰথম শ্ৰেণী পাই স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰাৰ পিছত তাতেই কেম্পাছ ইন্টাৰভিউত ‘চান ফাৰ্মাচিউটিকেলছ’ত চাকৰি পায়। সেইসময়তে তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন চৰকাৰে চাহ জনগোষ্ঠীৰ ল’ৰা ছোৱালীৰ বাবে প্ৰশাসনিক সেৱাৰ বিনামূলীয়া প্ৰশিক্ষণৰ ব্যৱস্থা কৰে। সেই বিষয়ে জানিব পাৰি ‘চান ফাৰ্মাচিউটিকেলছ’ৰ চাকৰি ত্যাগ কৰি গুৱাহাটীত ছমহীয়া উক্ত প্ৰশিক্ষণ গ্ৰহণ কৰে। তাৰ পিছত ক’ভিডৰ সময়ত ঘৰতেই থাকি লোক সেৱা আয়োগৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলায়। প্ৰবল আত্মবিশ্বাসী হৰিচৰণে প্ৰথমবাৰতেই লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হৈ নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি শৈক্ষিক জীৱনত তেওঁলৈ আগবঢ়োৱা সকলোৰে অৱদানৰ কথা উল্লেখ কৰে। ‘সৰুৰে পৰাই মাৰ দুখ কষ্ট দেখি আহিছোঁ‌- বাগিচাত পাত চিঙি আমাক পঢ়িবলৈ পইচা যোগাৰ কৰিছিল মায়ে। আমাক লৈ মাৰ বহুত সপোন আছিল। মাৰ সেই কষ্ট আৰু সপোন সাৰ্থক কৰিব পাৰি আজি ভাল লাগিছে।’ – এইদৰে কয় হৰিচৰণে। তেওঁ লগতে কয়- ‘ মাৰ কষ্ট উপলব্ধি কৰিছিলোঁ। আজি মাক চিনাকি কৰি দিবলৈ পাই বেছি ভাল লাগিছে।’ আনহাতে, নতুন প্ৰজন্মক পঢ়াৰ প্ৰতি অধিক আগ্ৰহী হ’বলৈ তেওঁ আহ্বান জনায়। তেওঁ কয়- সকলোৱে চেষ্টা কৰিব লাগে। চেষ্টাৰ লগতে কষ্ট কৰিলে এদিন সেই কষ্টই ফল পাবই। তাৰোপৰি সপোন দেখিব লাগিব। ধনী দুখীয়াৰ কোনো কথা নাই। কি হ’ব সেইয়াও বেছিকে ভাবিব নালাগে। যিকোনো কামৰ আগতেই কেতিয়াও হাৰ মানিব নালাগে – ধৈৰ্য্য ধৰি আগবাঢ়ি যাওক- আত্মবিশ্বাসী সদায় অটুত ৰাখক। নিজৰ লক্ষ্য স্থিৰ কৰি কাম কৰি যাওক- দেখিব সফলতা এদিন আহিবই।”- এইদৰে কয় মেধাৱী ছাত্ৰজনে। উল্লেখযোগ্য যে, দুমাহমানৰ পূৰ্বে তেওঁ এ টি ই পি এফ অ’- ৰ সহকাৰী পুঁ‌জি নিয়ন্ত্ৰণ বিষয়া হিচাপে যোগদান কৰিছিল। ইফালে, হৰিচৰণৰ মাতৃ লক্ষী ভূমিজে কয়- ‘মই একো নাজানো। ল’ৰাই চাকৰি পাইছে বুলি জানিছো। শুনি ভাল লাগিছে । কিন্তু কি চাকৰি সেইবোৰ নাজানো।’ আনহাতে, সৰুৰে পৰাই নিজৰ দুয়োটি সন্তানক ‘মানুহ’ কৰাৰ সপোন দেখিছিল বুলি উল্লেখ কৰি মহিলাগৰাকীয়ে কয়- ল’ৰা ছোৱালীহাল ভাল মানুহ হওক সেইয়াই লাগে। কালি ফলাফল ঘোষনা হোৱাৰে পৰা শুভাকাংক্ষীৰ লানি নিছিগা সোঁ‌ত বৈছে হৰিচৰণৰ ঘৰলৈ। আজি ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, বিধায়ক ৰূপজ্যোতি কুৰ্মী, মৰিয়নি জাতীয় বিদ্যাপীঠৰ অধ্যক্ষ ৰঞ্জিত গোহাঁই বৰুৱাৰ লগতে শিক্ষক – শিক্ষয়িত্ৰী বৃন্দ, মৰিয়নি আঞ্চলিক ছাত্ৰ সন্থা, আছুৰ কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সদস্য দ্বীপ দত্ত, মৰিয়নি প্ৰেছ ক্লাৱ, কিংশুক, চাহ মজদুৰ সংঘ, অসম চাহ জনগোষ্ঠী জাতীয় মহাসভা, মৰিয়নি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° হৰেন গোৱালা, মৰিয়নি পৌৰসভাৰ পৌৰপতি বিশ্বপ্ৰভা শইকীয়াৰ লগতে কেবাগৰাকীও ৱাৰ্ড কমিছনাৰ আদি বহুসংখ্যক লোকে ঘৰলৈ গৈ হৰিচৰণক অভিনন্দন জনায়। সাংসদ তাছাই হৰিচৰণ ভূমিজৰ সাফল্য এক আশাৰ বতৰা বুলি উল্লেখ কৰি নিষ্ঠা আৰু সততাৰে ভৱিষ্যতৰ দিনত নিজৰ দায়িত্ব পালন কৰিবলৈ হৰিচৰণৰ প্ৰতি আহ্বান জনায়।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like