নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০১৮ বর্ষৰ এপিএছচিৰ সংযুক্ত পৰীক্ষাঃ বন্ধ খামত ৫৪১ প্রার্থীৰ ফলাফল হাইক’ৰ্টত দাখিল

নিয়মীয়া বাৰ্তা, ২২ ডিচেম্বৰঃ অসম লোকসেৱা আয়োগ (এপিএছচি)ৰ ২০১৮ বর্ষত অনুষ্ঠিত সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাৰ ৫৪১গৰাকী প্রার্থীৰ ফলাফল সোমবাৰে বন্ধ খামত দাখিল কৰা হয় গুৱাহাটী উচ্চ ন্যায়ালয়ত৷

চূড়ান্ত ফলাফল ঘোষণাৰ বাবে অনুমতি বিচাৰি দাখিল কৰা আবেদনৰ শুনানি গ্রহণ কৰি উচ্চ ন্যায়ালয়ে এই ফলাফল দাখিল কৰিবলৈ নির্দেশ দিছিল৷ আজি এই গোচৰটোৰ শুনানি গ্রহণ কৰি ৰায়দান কৰাৰ সম্ভাৱনা আছে উচ্চ ন্যায়ালয়ে৷ এই পৰীক্ষাৰ চূড়ান্ত ফলাফল ঘোষণাৰ বিৰোধিতাৰে দাখিল কৰা আন একাংশ প্রার্থীৰ আবেদনৰ শুনানি আজি গ্রহণ কৰিব উচ্চ ন্যায়ালয়ে৷

উল্লেখ্য যে ২০১৮ চনত অনুষ্ঠিত সংযুক্ত প্রতিযোগিতামূলক লিখিত পৰীক্ষাত ভুল এনছাৰ কী অন্তর্ভুক্ত হোৱাক লৈ তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ ইয়াৰ ফলত একাংশ প্রার্থী বঞ্চিত হোৱাৰো অভিযোগ উত্থাপিত হৈছে৷

আনহাতে, আন একাংশ প্রার্থীয়ে ভুল এনছাৰ কীৰ জৰিয়তে লিখিত পৰীক্ষাত উত্তীর্ণ হোৱাৰ তথ্য পোহৰলৈ আহিছে৷ ইয়াৰ পিছতে এই সমগ্র বিষয়টো গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মজিয়া পায়৷ পূর্বে শুনানি গ্রহণ কৰি ন্যায়ালয়ে আয়োগক মূল লিখিত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ লগতে মৌখিক সাক্ষাৎকাৰ অনুষ্ঠিত কৰিবলৈ অনুমতি প্রদান কৰিছিল৷

You might also like