নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এপিএছচিত উজলিল ৰঙাপানীৰ জামানুৰ ইছলাম

নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰী : সদ্যঘোষিত এপিএছচিৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত কামৰূপৰ বকো সমষ্টিৰ অন্তৰ্গত ৰঙাপানী অঞ্চললৈ সুনাম কঢ়িয়ালে কৃতী ছাত্ৰ জামানুৰ ইছলামে। অসম লোকসেৱা আয়োগ (এপিএছচি) পৰীক্ষাত ২৩ নং স্থানেৰে অসম অসামৰিক সেৱা পদ লাভ কৰিবলৈ সক্ষম হয়। জামানুৰ ইছলাম সোণতলীৰ ৰঙাপানী গাঁৱৰ ইছমাইল হুছেইন হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক তথা ৰঙাপানী অঞ্চলৰ বিশিষ্ট ব্যক্তি আব্দুল মতিন সৰকাৰৰ সু-সন্তান। ইছলামৰ এই কৃতিত্বত অঞ্চলজুৰি উলাহৰ ঢৌ নামিছে |

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like