নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় সভ্যতাই-সংস্কৃতিয়ে অধিকাৰ নহয় দায়িত্বৰ কথাহে আমাক সোঁৱৰাই দিয়েঃ জয়ন্ত মল্ল বৰুৱা

নিয়মীয়া বাৰ্তা, ২৭ ফেব্ৰুৱাৰীঃ সনাতনী আদৰ্শৰে উদ্বুদ্ধ ভাৰতীয় সভ্যতাই, ভাৰতীয় সংস্কৃতিয়ে অধিকাৰ নহয় দায়িত্বৰ কথাহে আমাক সোঁৱৰাই দিয়ে৷ সেয়েহে আমি অধিকাৰ সাব্যস্ত কৰাৰ বিপৰীতে দায়িত্বসহকাৰে নিজ নিজ কাম কৰি যাব লাগে৷ যিয়ে যি কৰ্ম কৰে সেইজনে সেই ধৰ্ম পালন কৰিব লাগিব৷ তেতিয়াহে সমাজ এখন, দেশ এখন প্ৰগতিৰ দিশত আগুৱাব পাৰিব৷ আমাৰ জাতি স্বাৱলম্বী হলেহে দেশৰ, সমাজৰ প্ৰগতি সম্ভব৷ এই মন্তব্য বিজেপি নেতা জয়ন্ত মল্ল বৰুৱাৰ৷ অসমৰ বৌদ্ধিক জগতৰ চিৰনমস্য প্রবাদপুৰুষ আনন্দৰাম বৰুৱাৰ নামেৰে প্ৰতিষ্ঠাপিত পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমিৰ এই বৰ্ষৰ ন-পুৰণি শিক্ষার্থী সন্মিলন, গ্ৰন্থ আৰু মুখপত্ৰ উন্মোচন অনুষ্ঠানটি আজি আনন্দৰাম বৰুৱা একাডেমি ডিগ্ৰী কলেজ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায়৷ আনন্দৰাম বৰুৱা একাডেমিৰ ৰেক্টৰ তথা পৰিচালন সঞ্চালক ড° ৰণজিৎ ডেকাৰ সভাপতিত্বত উৎপল মেধিয়ে আঁত ধৰা অনুষ্ঠানটো উদ্বোধন কৰি অসমৰ মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাই ভাষণত কয় যে আজিৰ তাৰিখত আমাৰ উঠি অহা যুবক যুৱতীসকল আৰু ভাই ককাইসকল উৎপাদনমুখী হব লাগিব। এটা সময়ত আমাৰ ঘৰৰ চৌহদৰ পাচলিৰে পৰিয়াল চলিছিল কিন্তু আজি সেই পৰিৱেশ নোহোৱা হৈছে আমি সেই পৰিৱেশ ঘুৰাই আনি আমি স্বাৱলম্বী হব লাগিব বুলিও গুৰুত্বপূৰ্ণ মন্তব্য কৰে।তেঁও লগতে ইউক্ৰেইনত থকা অসমৰ ছাত্ৰ ছাত্ৰীসকল সুৰক্ষিত হৈ আছে বুলি মন্তব্য কৰে৷ আনন্দৰাম বৰুৱা একাডেমিয়ে অসমৰ শিক্ষা জগতত এক বিশেষ স্থান দখল কৰি আহিছে আৰু ভৱিষ্যতেও শিক্ষাৰ ক্ষেত্ৰখনত বিশেষ অৰিহণা যোগাই আহিব বুলি তেওঁ নিজৰ ভাষণত আশা ব্যক্ত কৰে৷ আনন্দৰাম বৰুৱা একাডেমিৰ মুখ্য শৈক্ষিক উপদেষ্টা ৰত্নেশ্বৰ দাসে বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা অনুষ্ঠানটিত অতিথিসকলক গামোছা, চেলেং চাদৰ, ফুলৰ তোৰা, শৰাই আৰু প্ৰতীকপটেৰে আদৰণি জনায় শিক্ষানুষ্ঠানখনৰ চিনিয়’ৰ ছেকেণ্ডাৰী শাখাৰ অধ্যক্ষ নন্দিতা বৰ্মণ ডেকাই৷ অনুষ্ঠানত কোকৰাঝাৰস্থিত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচার্য প্ৰফেছৰ লাইশ্রাম লাডু সিঙে সন্মানীয় অতিথি হিচাপে উপস্থিত থকাৰ লগতে কটন বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপিকা ড° ফুনু দাস শৰ্মা আৰু আনন্দৰাম বৰুৱা একাডেমিৰ সহকাৰী অধ্যাপক ড৹ ছেহনাজ চুলতানাৰ সম্পাদনাত “ইমাৰজিং ইচ্ছুচ এণ্ড ৰিচেণ্ট ট্ৰেণ্ডচ ইন ইণ্ডিয়ান এডুকেশ্বন” শীৰ্ষক গ্ৰন্থৰ লগতে শিক্ষানুষ্ঠানখনৰ সহকাৰী অধ্যাপক কল্যাণ কলিতা আৰু তপন কুমাৰ হাজৰিকাৰ মুখ্য সম্পাদনাত প্ৰকাশ পোৱা আনন্দৰাম বৰুৱা একাডেমিৰ বাৰ্ষিক মুখপত্ৰ “অনুৰণন”ৰ উনবিংশ সংখ্যাটি উন্মোচন কৰি শৈক্ষিক দিশৰ কেবাটাও গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰি কয় যে শিক্ষাই মানুহৰ সৰ্বদিশৰ উন্নয়নত মুখ্যভাৱে সহায়ক হয়৷ ভাষণ প্ৰসংগত তেওঁ ইয়াকো কয় যে আনন্দৰাম বৰুৱা একাডেমি এখন পূৰ্ণ পৰ্যায়ৰ বিশ্ববিদ্যালয়লৈ ৰূপান্তৰিত হোৱাৰ সম্পুৰ্ণ সক্ষমতা আছে৷ অনুষ্ঠানত কোকৰাঝাৰ বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যক্ষ ড° আৰ এন সিনহাই বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন প্ৰেৰণাদায়ক ভাষণেৰে মুগ্ধ কৰে৷ অনুষ্ঠানত আনন্দৰাম বৰুৱা একাডেমিয়ে প্রয়াত শৰৎ ডেকাৰ সোঁৱৰণত সদৌ অসম ভিত্তিত আয়োজন কৰা অনলাইন চিত্রাংকণ প্রতিযোগিতাৰ পুৰস্কাৰপ্ৰাপ্ত সকলক নগদ ধন, মানপত্ৰ আৰু মুখপত্ৰ প্ৰদান কৰে উপাধ্যক্ষ অমূল্য কলিতাই৷
প্ৰেৰক কল্যাণ কলিতা

You might also like