নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশিষ্ট লোক শিল্পী অৰ্চনা মহন্তৰ দেহাৱসান

দীৰ্ঘদিন অসুস্থতাৰ অন্তত ইহসংসাৰৰ পৰা মেলানি মাগিলে শিল্পীগৰাকীয়ে

নিয়মীয়া বাৰ্তা, ২৭ আগষ্টঃ বিশিষ্ট লোকশিল্পী অৰ্চনা মহন্তৰ দেহাৱসান। দীৰ্ঘদিন ধৰি অসুস্থতাৰ অন্তত আজি পুৱা প্ৰায় ১১.৩৫ বজাত মহানগৰীৰ হেল্থ চিটী হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে শিল্পীগৰাকীয়ে।

বিগত ১৪ জুলাইত ব্ৰেইন ষ্ট্ৰকত আক্ৰান্ত হৈছিল আৰু মগজুৰ ৰক্ত ক্ষৰণৰ বাবে চিকিৎসাধীন হৈ আছিল হাস্পতালত। অতি গুৰুতৰ অৱস্থাত থকা অৰ্চনা মহন্তৰ স্বাস্থ্যৰ কিছু উন্নতি হৈছিল যদিও আজি সেই বেয়া খবৰটোৱে জোঁকাৰি গ’ল ৰাজ্য। ২০২০ বৰ্ষটোৱেই যেন ইটোৰ পিছত সিটো বেয়া খবৰ কঢ়িয়াই আনিছে। অসমীয়া সংগীতজগতক অপূৰণীয় ক্ষতি কৰি এই ইহসংসাৰৰ পৰা মেলানি মাগিলে যশস্বী শিল্পীগৰাকীয়ে।

বিহু সম্ৰাট খগেন মহন্ত পত্নী আৰু অংগৰাগ পাপন মহন্তৰ মাতৃ অৰ্চনা মহন্ত। বিহু মঞ্চত খগেন মহন্ত আৰু অৰ্চনা মহন্তৰ যুতি সকলোৰে প্ৰিয় আছিল। দুয়ো একেগলে পৰিবেশন কৰা বিহুগীত বোৰ আজিও সমানেই জনপ্ৰিয়। 

অৰ্চনা মহন্তৰ মৃত্যুত ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শোক প্ৰকাশ কৰে তেখেতৰ মৃত্যুত লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। এয়া অসমীয়া সংগীত জগতৰ বাবে এক অপূৰণীয় ক্ষতি।

You might also like