নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বর্ষাপাৰাত অৰিজিৎ সিঙৰ কণ্ঠৰ যাদুত মোহাৱিষ্ট অনুৰাগী

🔹 সুৰ–সংগীতৰ মূর্ছনাত জীপাল মহানগৰীৰ শীতৰ নিশা

🔹 এচিএৰ ষ্টেডিয়ামত প্রাইড ইষ্টৰ বর্ণাঢ্য আয়োজন 

🔹 ‘কনচার্ট ফৰ হাৰমনী’ৰ সাক্ষী হ’ল হাজাৰ হাজাৰ দর্শক

ষ্টাফ ৰিপ’ৰ্টাৰ, ১৭ ডিচেম্বৰ : সুৰৰ মূর্ছনা, সংগীতৰ মায়াজাল তথা ৰঙীন আলোকেৰে উজলি উঠিল বর্ষাপাৰাৰ এচিএ ক্রিকেট ষ্টেডিয়াম৷ প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ উদ্যোগত কালি বর্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত ‘কনচার্ট ফৰ হাৰমনী’ শীর্ষক অনুষ্ঠানটোত ইটোৰ পিছত সিটো হিট গানেৰে সমগ্র পৰিৱেশ মায়াময় কৰি তুলিলে বলীউডৰ তাৰকা সংগীত শিল্পী তথা যুৱপ্রজন্মৰ হার্টথ্র’ৱ অৰিজিত সিঙে৷ নিজৰ প্রিয় শিল্পীগৰাকীক নিচেই কাষৰ পৰা এবাৰ প্রত্যক্ষ কৰি সংগীতৰ আনন্দ উপভোগ কৰিবলৈ ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা আহি হাজিৰ হ’ল অগণন সংগীতানুৰাগী৷ সন্ধিয়া প্রায় সাত বাজি যোৱাৰ মধুৰ লগনত শিল্পীগৰাকীয়ে আৰম্ভ কৰিলে সংগীতানুষ্ঠান৷ ইটোৰ পিছত সিটোকৈ এফালৰ পৰা গাই গ’ল নিজৰ জনপ্রিয় গীতসমূহ৷ ভাৰতীয় সংগীত জগতত এগৰাকী অত্যন্ত ভদ্র শিল্পীৰূপে পৰিচিত অৰিজিত সিং৷ অত্যন্ত মার্জিত শিল্পীগৰাকীৰ এই স্বভাৱসিদ্ধ ভদ্রতাই সদায়েই আকর্ষণ কৰি আহিছে অনুৰাগীসকলক৷ কালি পুৱাৰ পৰা লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰৰ পৰা সন্ধিয়াৰ অনুষ্ঠানলৈকে মৰমৰ প্রিয় শিল্পীগৰাকীক স্বচক্ষে প্রত্যক্ষ কৰিবলৈ সেয়ে সমাহাৰ ঘটিল অনেক গুণমুগ্ধৰো৷ বিমানবন্দৰৰ লেখীয়াকৈ সন্ধিয়া বর্ষাপাৰাৰ ক্রিকেট ষ্টেডিয়ামতো সৃৃষ্টি হ’ল জনসমুদ্র৷ প্রিয় শিল্পীগৰাকীক কাষৰ পৰা পোৱাৰ আপাহত বিয়লিৰ পৰাই লানি নিছিগা ভিৰ দেখা গ’ল বর্ষাপাৰা ক্রিকেট ষ্টেডিয়ামত৷ সন্ধিয়া হৈ অহাৰ লগে লগে ভিৰ ইমানেই বৃদ্ধি হ’ল যে মহানগৰীৰ মূল বাট–পথসমূহো কিছু সময়ৰ বাবে যান–জঁটত আবদ্ধ হৈ পৰিল৷ অৱশ্যে মহানগৰ আৰক্ষীয়ে অতি তৎপৰতাৰে যান–জঁট নিয়ন্ত্রণ কৰিবলৈ সক্ষম হ’ল৷ প্রিয় শিল্পীগৰাকীৰ সংগীতানুষ্ঠান উপভোগৰ বাবে অহা বহু দর্শকে শিল্পীগৰাকীক দিবলৈ বিভিন্ন সামগ্রী লৈ অহাও দেখা গ’ল৷ কোনোবাই যদি নিজ হাতে অংকন কৰা ছবি হাতত লৈ আহিল, তেন্তে আন কোনোবাই শিল্পীগৰাকীৰ এটা অটোগ্রাফ পোৱাৰ আশাৰে হাতত অটোগ্রাফ বহী লৈ অহা দেখা গ’ল৷ মুঠৰ ওপৰত অৰিজিত সিঙৰ সংগীতানুষ্ঠানক লৈ সংগীতপ্রেমী ৰাইজ যথেষ্ট উৎকণ্ঠিত হৈ পৰা পৰিলক্ষিত হ’ল৷ বৃহৎ এই অনুষ্ঠানটো গুৱাহাটীত অনুষ্ঠিত কৰি শিল্পীগৰাকীৰ সান্নিধ্য লাভৰ সুযোগ দিয়া বাবে সংগীতপ্রেমী ৰাইজে প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডক কৃতজ্ঞতাও জনালে৷ সুললিত কণ্ঠৰে সংগীতৰ যাদুৰে কেইবাঘণ্টীয়া অনুষ্ঠানটোত দর্শকক মোহাচ্ছন্ন কৰি ৰাখিলে শিল্পী অৰিজিত সিঙে৷ শীতৰ সেমেকা ৰাতিও য’ত প্রায় গৌণ হৈ পৰিল৷ শান্ত–সমাহিতভাৱে প্রতিগৰাকী সংগীতানুৰাগীয়ে মাথোঁ শুনি গ’ল প্রিয় শিল্পীগৰাকীৰ কণ্ঠৰে নিগৰি অহা মায়াময় সাংগীতিক শব্দব্রহ্মক৷

You might also like