নিয়মীয়া বাৰ্তা, ২ ছেপ্টেম্বৰ : ১৯৬৬ চনত বেংকক এছিয়ান গেমছত সোণৰ পদকেৰে সমগ্ৰ বিশ্বতেই উজ্বলি উঠা উত্তৰ-পূবৰ গৌৰৱ তথা প্ৰথম অৰ্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱাৰ তিনি ছেপ্টেম্বৰৰ ওপজা দিনটোক সমগ্ৰ ৰাজ্যই উলহ-মালহেৰে পালন কৰাৰ সময়তে আজি ওপজা দিনৰ প্ৰাকমুহূৰ্তত এইগৰাকী কিংবদন্তি ক্ৰীড়াবিদক ওলগ যাচিলে এজাক শিশুৱে ৷ শাৰীৰিক অসুস্থতাত ভুগি থকা কিংবদন্তি ক্ৰীড়াবিদগৰাকীয়েও এইসকল শিশুৰ শুভেচ্ছা গ্ৰহণ কৰি দীৰ্ঘ সময় ওমলিলে ৷ ইতিহাস প্ৰসিদ্ধ জয়সাগৰ পুখুৰীৰ পাৰত ওমলি-জামলি ডাঙৰ হোৱা অৰ্জুন ভোগেশ্বৰ বৰুৱায়ো আজি যেন শৈশৱৰ স্মৃতি ৰোমন্থন কৰি ঘূৰি গ’ল শৈশৱৰ সেই মধুৰ সময়বোৰলৈ ৷ যাৰ বাবে শিশুসকলক মাজত বহুৱাই শিশুকালৰ স্মৃতি ৰোমন্থনেৰে জীপাল কৰি তুলিলে ওপজা দিনৰ প্ৰাকমুহূৰ্ততো ৷ উল্লেখ্য যে জয়সাগৰস্থিত ৰংপুৰ মধ্য ইংৰাজী বিদ্যালয়ৰ ওচৰতে অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ ঘৰ যদিও ৩ ছেপ্টেম্বৰত ক্ৰীড়াবিদগৰাকী প্ৰতিবছৰে কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত অভিৰুচি ক্ৰীড়া দিৱসত যোগদানৰ বাবে গুৱাহাটী অথবা অসমৰ অন্যান্য স্থানৰ কেন্দ্ৰীয় কাৰ্য্যসূচীত উপস্থিত থাকিবলগীয়া হয়৷ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ এই মহান খেলুৱৈগৰাকীক জন্মদিনৰ শুভেচ্ছা জনোৱাৰ লগতে অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ সান্নিধ্য লাভ কৰাৰ বাবে প্ৰবল হেঁপাহ আছিল যদিও এনেবোৰ কাৰণতেই সেই হেঁপাহ পূৰণ হোৱা নাছিল৷ অৱশেষত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলে আজি তেওঁৰ বাসগৃহলৈ গৈ গামোচা আৰু ফুলৰ থোপাৰে শুভেচ্ছা জনায়। ছাত্ৰ-ছাত্ৰীসকলে অৰ্জুন ভোগেশ্বৰ বৰুৱাক সন্মুখত পাই বিভিন্ন প্ৰশ্নৰে তেওঁক ব্যতিব্যস্ত কৰা তোলে। অশীতিপৰ খেলুৱৈগৰাকীয়ে কণ কণ ছাত্ৰ-ছাত্ৰীৰ মাজত আত্মহাৰা হৈ পৰে। তেওঁ ছাত্ৰ-ছাত্ৰীৰ কথাবোৰৰ সযত্নে উত্তৰ দিয়াৰ লগতে ক্ৰীড়াৰ সৈতে সকলোকে জড়িত থাকি অসমৰ ক্ৰীড়া জগতখনক আগবঢ়াই নিবলৈ আহ্বান জনাই আৰু আশীৰ্বাদ দিয়ে। প্ৰধান শিক্ষক আছাদ উল্লাহে আঁত ধৰা অনুষ্ঠানটোত শিক্ষক মুকুল বৰা, শিক্ষয়িত্ৰী তথা আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ ৰুবী ভট্টাচাৰ্য্য আৰু নিৰ্মালি দত্তই শুভেচ্ছামূল বক্তব্য আগবঢ়ায় ৷ উল্লেখ্য যে ষাঠি-সত্তৰ দশকত অসমত খেলৰ ক্ষেত্ৰত এক সুবিধাজনক পৰিৱেশ নাছিল। বিশেষকৈ ক্ৰীড়াৰ ক্ষেত্ৰত আন্ত:গাঁথনিৰ যথেষ্ট অভাৱ আছিল। তেনে এক প্ৰেক্ষাপটত খেলক জীৱনৰ লক্ষ্য হিচাপে লৈ অলেখ প্ৰত্যাহ্বানৰ মাজেদি ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত হোৱা প্ৰতিযোগিতাত পদক অৰ্জন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছিল অসম-সন্তান অৰ্জুন ভোগেশ্বৰ বৰুৱাই। মানসিক দৃঢ়তা, একাগ্ৰতা আৰু কঠোৰ পৰিশ্ৰমৰ ফলতেই এইগৰাকী অসম সন্তানে আন্তৰ্জাতিক পৰ্যায়ত ঈৰ্ষণীয় সফলতা অৰ্জন কৰি অসম তথা উত্তৰ-পূৰ্বাঞ্চললৈ অৰ্জুন বঁটা কঢ়িয়াই অনা প্ৰথমগৰাকী অসমীয়া আছিল।
প্ৰেৰক আশ্ৰফুৰ ৰহমান