মাজবাটৰ চিকাৰী ডাংগাত বৃহৎ অস্ত্র উদ্ধাৰ
নিয়মীয়া বাৰ্তা, ৩ মে : অসম – অৰুণাচল সীমান্তৱর্তী চিকাৰী ডাংগাত বিটিআৰৰ ওদালগুৰি জিলাৰ মাজবাটৰ আৰক্ষীয়ে বৃহৎ পৰিমাণৰ অস্ত্র উদ্ধাৰ কৰিছে । আৰক্ষী সুত্রে জানিব পৰা মতে, আজি ৩ মে’ৰ পুৱতি নিশা মাজবাট অঞ্চলৰ চিকাৰী ডাংগাৰ এক ঘন অৰণ্যৰ মাজত মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰা হৈছে এই বৃহৎ পৰিমাণৰ অবৈধ অস্ত্র । ওদালগুৰি জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জ্যোতি পেগু আৰু মাজবাট আৰক্ষী থানাৰ আৰক্ষীৰ লগতে লালপানী আৰক্ষী চকীৰ আৰক্ষীয়ে যুটীয়াভাৱে গোপনে অভিযান চলাই উদ্ধাৰ কৰা অস্ত্রখিনিৰ ভিতৰত — ৬ টা এ কে -চিৰিজৰ ৰাইফল, ৯ এম এম পিষ্টল এটা, ৭৫ জাই সজীৱ গুলী আৰু ৯ টা মেগজিন আছে । উল্লেখযোগ্য যে , ইয়াৰ পূৰ্বেও মাজবাট আৰু লালপানী আৰক্ষীয়ে অসম- অৰুণাচল সীমান্তৱর্তী লালপানী এলেকাত চাৰিবাৰকৈ বৃহৎ পৰিমাণৰ অস্ত্র উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল । ইয়াৰ পাছত এনেদৰে পুনৰ উক্ত অঞ্চলটোত অবৈধ অস্ত্র উদ্ধাৰ কৰিছে । গতিকে এনেকুৱাকৈ সঘটনাই অস্ত্ৰ উদ্ধাৰ হোৱা ঘটনাত অসম – অৰুণাচল সীমান্তৱর্তী অঞ্চলৰ মাজবাট আৰু লালপানীৰ লগতে চিকাৰী ডাংগা অঞ্চলৰ ৰাইজৰ মাজত বৰ্তমান তীব্ৰ প্ৰতিক্ৰিয়াই সৃষ্টি কৰিছে ।