নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

“শ্ৰীৰামপুৰ গেটৰ পইচাৰে আমি বিটিচি চৰকাৰ চলাবলৈ অহা নাই”-প্ৰমোদ বড়ো

নিয়মীয়া বাৰ্তা, ৩ মে’: ”হাগ্ৰামা মহিলাৰীয়ে কাকো চিনি নাপায়, কেৱল শ্ৰীৰামপুৰ গেট হে চিনি পায়। ৰাতিপুৱাৰ পৰা এটাই দেখে সেয়া শ্ৰীৰামপুৰ গেট। হাগ্ৰামা মহিলাৰীক আমি শ্ৰীৰামপুৰ গেটত এটা ঘৰ বনাই দিম তাতে বহি তেওঁ সদায় কেইখন ট্ৰাক অহাযোৱা কৰিছে তাৰ হিচাপ ৰাখিব পাৰিব।’‘- আজি কোকৰাঝাৰত সুখ আৰু প্ৰগতিৰ পদ যাত্ৰা শীৰ্ষক অনুষ্ঠানত উপস্থিত থাকি এনেদৰে হাগ্ৰামা মহিলাৰীক ক্ষুৰধাৰ সমালোচনা কৰা দেখা গল বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োক।

সভাত উদ্দাত্ত ভাষণত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে কয়- “শ্ৰীৰামপুৰ গেটক লক্ষ্য কৰি আমি বিটিচি চৰকাৰ চলাবলৈ অহা নাই। বিটিচিৰ লাখ লাখ লোকৰ শান্তি আৰু নিৰাপত্তাৰ কাৰণে ৰাজনীতি কৰিবলৈ আহিছোঁ, শ্ৰীৰামপুৰ গেটৰ কাৰণে নহয়। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত আমি বিটিচিত দুৰ্নীতি বন্ধ কৰাৰ বাবে দিনে-নিশাই কাম কৰি আছোঁ।”

ইপিনে বিগত ২টা বছৰত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ নেতৃত্বত হোৱা কামৰ খতিয়ান দাঙি ধৰি তেওঁ হাগ্ৰামাক সকীয়াই দি কয় যে যেতিয়ালৈকে বিটিচিত বিজেপি-ইউপিপিএলৰ চৰকাৰ আছে, তেতিয়ালৈকে হাগ্ৰামা বা তেওঁৰ কোম্পানীয়ে ৰাইজক কোনোধৰণৰ বিপথে পৰিচালিত কৰিব নোৱাৰিব।

You might also like