বিশেষ বাৰ্তা, ২৮জুলাইঃ মৰিগাঁৱত উৎকোচ লৈ আজি হাতে-লোটে গ্ৰেপ্তাৰ হোৱা আবকাৰী বিষয়া বৰষা বৰা বৰদলৈৰ ডিব্ৰুগড়ৰ বাসগৃহত আৰক্ষীয়ে ব্যাপক তালাচী চলাই ছীল কৰি দিলে প্ৰাসাদোপম বাসগৃহটো। ডিব্ৰুগড় চহৰৰ বৈৰাগীমঠ কনভয় পথত (ডনবস্ক স্কুলৰ সমীপত)থকা বৰষা বৰা বৰদলৈৰ তলাবন্ধ হৈ থকা বিশাল অট্টালিকাত আজি ডিব্ৰুগড়ৰ আৰক্ষীয়ে বিয়লিৰে পৰা হঠাৎ অভিযান চলায়।বন্ধ ঘৰৰ তলা ভাঙি ডিব্ৰুগড়ৰ আৰক্ষীয়ে দণ্ডাধীশৰ উপস্থিতিত বৰদলৈ বাসগৃহত অভিযান চলাই কিবা আপত্তিজনক নথিপত্ৰ বা নগদ ধন লাভ কৰিছে নেকি,সেয়া জানিব পৰা হোৱা নাই।মৰিগাঁওত এখন বাৰৰ মালিকৰ পৰা নগদ ২০ হেজাৰ টকা ঘোচ লোৱা অৱস্থাত দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰা পাছতে বৰষাৰ বিভিন্ন স্থানত থকা সম্পত্তিক লৈ বহু সন্দেহৰ অৱকাশ হোৱাত প্ৰশাসনৰ এনে অভিযান বুলি জানিব পৰা গৈছে।ডিব্ৰুগড়স্থিত বৰষা বৰা বৰদলৈ বাসগৃহত কেইবাঘন্টা সময় ধৰি আৰক্ষী আৰু দণ্ডাধীশে অভিযান কৰে যদিও কেনে ধৰণৰ কি জব্দ কৰিছে সেয়া আনুষ্ঠানিক ভাৱে অৱগত কৰা নাই।আৰক্ষীয়ে বাসগৃহটো অভিযান চলোৱাৰ পাছত ছীল কৰি দিছে।উক্ত বাসগৃহত কোনো লোক ওলোৱা-সোমোৱাৰ ক্ষেত্ৰত আৰক্ষী প্ৰশাসনে বাৰণ কৰিছে। উল্লেখযোগ্য যে বৰষাৰ ডিব্ৰুগড়ৰ বাসগৃহত তলাবন্ধ যদিও সপ্তাহত এবাৰ,কেতিয়াবা মাহত এবাৰ কৈ আহে যদিও সামাজিক নাছিল মহিলা বিষয়া গৰাকী।ৰাজ্যৰ লগতে কোনো বহিঃৰাজ্যত বৰষাৰ স্থাৱৰ বা অস্থাৱৰ সম্পত্তি বিষয়ে তদন্ত কৰি শীঘ্ৰেই অভিযান চলোৱাৰ কথা।
প্ৰেৰক বিভাস দুৱৰা