নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটেৰ ৰাশিফল

মেষঃ যিকোনো শুভ কর্মৰ পৰা বিৰত থাকক৷ হাতলৈ ধনৰ আগমনৰ সম্ভাৱনা আছে৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ১৷
বৃষঃ কর্মক্ষেত্রৰ সূত্রে বিদেশ যাত্রাৰ যোগ আছে৷ পুৱা–গধূলি শিৱৰ জপ কৰক৷ ৰঙা বস্ত্র পৰিধান কৰিব৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৮৷
মিথুনঃ দিনটো শুভ৷ নতুন সংবাদ পাব পাৰে৷ যাত্রা কৰিলে দুপৰীয়া ১২ বজাৰ পিছত কৰক৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ২৷
কর্কটঃ অর্থপ্রাপ্তিৰ ক্ষেত্রত সৰু–সুৰা বাধাৰ সন্মুখীন হ’ব পাৰে৷ শিক্ষার্থীৰ ক্ষেত্রত অলপ সতর্ক থাকক৷ শুভ ৰং গুলপীয়া৷ শুভ সংখ্যা ৫৷
সিংহঃ কর্মস্থানত অত্যধিক কামৰ প্রভাৱ পৰিব পাৰে৷ আর্থিক উন্নতি নিশ্চিত৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৭৷
কন্যাঃ আর্থিক দিশত মধ্যমীয়া৷ দূৰসংবাদে আনন্দিত কৰিব পাৰে৷ ভ্রমণত শুভ৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৩৷
তুলাঃ দিনটো মধ্যমীয়া৷ প্রেমত শুভ৷ সন্ধিয়া তুলসীৰ তলত চাকি জ্বলাব৷ শুভ সংখ্যা ২৷ শুভ ৰং বেঙুনীয়া৷
বৃশ্চিকঃ অর্থৰ আগমনত বাধাৰ সৃষ্টি হ’ব পাৰে৷ আকস্মিকভাৱে হোৱা ঘটনাই আনন্দিত কৰিব৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৬৷
ধনুঃ শৰীৰটোৰ প্রতি যত্ন লোৱা প্রয়োজন৷ মানসিক অশান্তিত ভুগিব পাৰে৷ যাত্রা কৰিলে পূব দিশৰ পৰা কৰিব৷ কর্মত উন্নতিৰ যোগ৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৫৷
মকৰঃ অনাৱশ্যক সমস্যাৰ মাজত পৰিবও পাৰে৷ গতিকে পূর্বৰ পৰাই তেনে বিষয়ৰ প্রতি সতর্ক হওক৷ বিদ্যাত জটিলতা কম৷ ভ্রমণত কষ্ট৷ পৰাপক্ষত ভ্রমণ নকৰাই ভাল৷ শুভ ৰং বগা৷ শুভ সংখ্যা ১৷
কুম্ভঃ কর্মত উন্নতিৰ যোগ আছে৷ শিক্ষার্থীৰ বাবে সময়টো ভাল নহয়৷ ৰাতি নিৰামিষ আহাৰ গ্রহণ কৰক৷ শুভ ৰং কমলা৷ শুভ সংখ্যা ৮৷
মীনঃ কর্মত বাধা আছে৷ যিকোনো কাম কৰাৰ আগতে ভাবি–চিন্তি আগবাঢ়ক৷ পুৱা–গধূলি শিৱৰ মন্ত্র জপ কৰক৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৪৷

You might also like