নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাৰিদুৱাৰত ড্ৰাগছসহ তিনিজনক আটক

নিয়মীয়া বাৰ্তা, ৭ আগষ্ট : শোণিতপুৰৰ চাৰিদুৱাৰত আজি ড্ৰাগছৰ কণ্টেইনাৰসহ আটক কৰা হৈছে তিনিজন যুৱকক । জানিব পৰা মতে, চাৰিদুৱাৰ আৰক্ষীয়ে এক বিশেষ সূত্ৰৰ খবৰৰ ভিত্তিত অভিযান চলাই চাৰিদুৱাৰৰপৰা ড্ৰাগছসহ তিনিজন যুৱকক আটক কৰে । আটকাধীন যুৱককেইজন ক্ৰমে ৰাজা ঘোষ, নিমা তামাং আৰু সংগীয়া মুছাহাৰী। যুৱককেইজনৰপৰা আৰক্ষীয়ে ড্ৰাগছভৰ্তি আঠটাকৈ কণ্টেইনাৰ জব্দ কৰিছে। জব্দকৃত ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় এক লাখ টকা হ’ব বুলি আৰক্ষী সূত্ৰত প্ৰকাশ।

প্ৰেৰক প্ৰাঞ্জল বৰা

You might also like