নিয়মীয়া বাৰ্তা, ৩ জুন : বৰপেটাৰ বাঘবৰৰ যাদৱপুৰৰ এখন মূল পকী পথে বাৰুকৈয়ে জ্বলা-কলা খুওৱাইছে পথচাৰীক। কিয়নো মূল পথছোৱাত এককাঁলকৈ পানী জমা হোৱাৰ ফলত পথছোৱাৰে সম্প্ৰতি যাতায়ত কৰোঁতে চৰম অসুবিধা ভোগ কৰিবলগীয়া হৈছে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে শ শ পথচাৰী। ইফালে বিগত কেইদিন ধৰি পথছোৱাৰ মাজত জমা হোৱা পানী পথৰ গাতে লাগি থকা এখন এম ই স্কুল আৰু এখন অংগনৱাড়ী কেন্দ্ৰৰ চৌহদ সম্পূৰ্ণ ৰূপে বুৰাই ৰাখিছে। ফলত বিদ্যালয় দুখনৰ শৈক্ষিক পৰিৱেশ বিনষ্ট হৈছে। উল্লেখ্য যে বামুন দংৰাৰ পৰা তেমুৰা দংৰালৈ উক্ত পথছোৱাৰ পুনৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱাৰ পথত। কিন্তু বিভাগীয় কৰ্তৃপক্ষ আৰু ঠিকাদাৰৰ চৰম হেমাহিৰ বাবে আজিও সম্পূৰ্ণ নহ’ল ঠাকুৰ বজাৰ-যাদৱপুৰ পথৰ আধৰুৱা অংশখিনি। সেয়ে এতিয়া অতিষ্ঠ ৰাইজে অতি সোনকালে পথছোৱা সম্পূৰ্ণ কৰি যাতায়াত সুচল কৰিবলৈ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছে।
প্ৰেৰক আব্দুল আজিজ আহমেদ