কৃত্ৰিম বান-ত বিপৰ্যস্ত গুৱাহাটীৰ জনজীৱন, কাম নাথাকিলে নাহিব ওলাই
নিয়মীয়া বাৰ্তা ডিজিটেল, ২৯ মে’ : আজি পুৱা অহা এজাক মুষলধাৰ বৰষুণত বিধ্বস্ত হৈ পৰে মহানগৰীৰ জীৱন যাত্ৰা। বতৰ বিজ্ঞানৰ পূৰ্বানুমান সত্য প্ৰমাণিত কৰি অহা ধাৰাসাৰ বৰষুণত গুৱাহাটী জলমগ্ন হৈ পৰে। গুৱাহাটীত বৰষুণ দিলেই বানপানীৰ সৃষ্টি হোৱাটো তেনেই সৰু কথা, কিন্তু ব্যস্ত মহানাগৰিকৰ বাবে এনে ধৰণৰ বানপানীয়ে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰে।
আজি হোৱা ধাৰাসাৰ বৰষুণত ঠায়ে ঠায়ে কৃত্ৰিম বানৰ সৃষ্টি হয়। হাতীগাঁও, চানমাৰি, ৰুক্মিনী নগৰত কৃত্ৰিম বানে তীব্ৰ ৰূপ ধাৰণ কৰে।
বৰষুণত গুৱাহাটীৰ বিভিন্ন অঞ্চল জলমগ্ন হৈ পৰে। ফলত বিপদসংকুলভাৱে চলিছে যান-বাহন। কৃত্ৰিম বানত জুৰুলা মহানগৰবাসী।
ইফালে পুৱাৰে পৰা অহা মুষলধাৰ বৰষুণত মহানগৰীৰ বেলতলা, যোৰাবাটতো বিষম পৰিস্থিতিৰ সৃষ্টি কৰে।
ইফালে কালিয়ে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে ভাৰতৰ বতৰ বিজ্ঞান বিভাগে আগন্তুক ২-৩ দিনত গুৱাহাটীত প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী দিছে।
আই এম ডিয়ে IMDও সকীয়াই দিছে যে অনাগত দিনত গুৱাহাটীত বজ্ৰপাতৰ সৈতে বৰষুণ আৰু ঘণ্টাত ৪০-৫০ কিলোমিটাৰ বেগেৰে বতাহৰ সৈতে ধুমুহা বতাহৰ সম্ভাৱনা অতিশয় বেছি । আৰু দুৰ্বল স্থানত ভূমিস্খলনৰ আশংকা বৃদ্ধিৰ কথা জনাইছে।
অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই উল্লেখ কৰা অনুসৰি কৰ্তৃপক্ষই পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে আৰু জৰুৰীকালীন সঁহাৰি ব্যৱস্থা সষ্টম কৰি ৰখা হৈছে।
লগতে গুৱাহাটীবাসীক প্ৰয়োজনীয় সকলো সাৱধানতা অৱলম্বন কৰি সজাগ হৈ থাকিবলৈ অনুৰোধ জনোৱাৰ লগতে দৈনিক যাতায়াত আৰু দীৰ্ঘ দূৰত্বৰ যাত্ৰীসকলক সেই অনুসৰি নিজৰ ৰুটিন পৰিকল্পনা কৰিবলৈ, আৰু তীব্ৰ বৰষুণৰ সময়ত অপ্ৰয়োজনীয় গতিবিধিৰ পৰা হাত সাৰিবলৈ কয়।