নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হৰ ঘৰ ত্ৰিৰংগা অভিযানৰ বাইক ৰেলীত দেশপ্ৰেমৰ জয়গান সৰ্বানন্দ সোণোৱালৰ

🔹 ডিব্ৰুগড়ৰ কৃত্ৰিম বান সমস্যাৰ পৰ্যালোচনা

বিশেষ বাৰ্তা, ১৩ আগষ্ট : কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড় চহৰত উপস্থিত হৈ কৃত্ৰিম বানে শেহতীয়াকৈ সৃষ্টি কৰা সমস্যা তথা অসুবিধাৰ বিতং বুজ লয়। ইয়াৰ পূৰ্বে যোৱা ২০ জুলাইত সৰ্বানন্দ সোণোৱালে সমগ্ৰ ডিব্ৰুগড় চহৰৰ বিভিন্ন অঞ্চল তথা সমীপৱৰ্তী অঞ্চলবোৰ পৰিদৰ্শন কৰি কৃত্ৰিম বানে সৃষ্টি কৰা সামগ্ৰিক অৱস্থাৰ বুজ লৈছিল। সোণোৱালে আজি বগীবিলৰ সমীপৱৰ্তী মোহনাঘাটৰ পৰা আৰম্ভ কৰি আইথানলৈ অঞ্চলসমূহ ভ্ৰমণ কৰি স্বচক্ষে খহনীয়া, কৃত্ৰিম বানে সৃষ্টি কৰা সমস্যা, মথাউৰিৰ অৱস্থা আদি নিৰীক্ষণ কৰে। শেহতীয়া কৃত্ৰিম বানপানী আৰু খহনীয়াই ডিব্ৰুগড়ত বিস্তৰ প্ৰতিকূলতাৰ সৃষ্টি কৰাৰ ফলত স্বাভাৱিক জনজীৱনত প্ৰভাৱ পৰিছিল। আজি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড় চহৰৰ সাম্প্ৰতিক পৰিস্থিতিৰ পুনৰ বুজ লয় আৰু নলা-নৰ্দমাৰ ব্যৱস্থাপনাৰ দিশটোৰ পুনৰ পৰ্যালোচনা কৰে। জনসাধাৰণক সকাহ দিয়াৰ বাবে এইক্ষেত্ৰত তৎপৰতাৰে ব্যৱস্থা ল’বলৈ আৰু জাৱৰ নিষ্কাশনৰ কাম ক্ষিপ্ৰতাৰে কৰিবলৈও সংশ্লিষ্ট বিষয়াসকলক তেওঁ নিৰ্দেশ দিয়ে। সমস্যাবোৰৰ স্থায়ী সমাধানৰ পথ ক্ষিপ্ৰতাৰে প্ৰশস্ত কৰাত তেওঁ গুৰুত্ব দিয়ে। তেওঁ জনায় যে আইআইটি গুৱাহাটীয়ে শীঘ্ৰেই ডিব্ৰুগড়ৰ কৃত্ৰিম বানৰ কাৰকসমূহ অধ্যয়ন কৰি মাষ্টাৰপ্লেন প্ৰস্তুত কৰিব আৰু চৰকাৰক কাৰিকৰী পৰামৰ্শ
তথা সহযোগিতা আগবঢ়াব। এই সন্দৰ্ভত ৰাজ্য চৰকাৰে আইআইটিলৈ লিখিতভাৱে পত্ৰ প্ৰেৰণ কৰাৰ কথা তেওঁ উল্লেখ কৰে। আইআইটি গুৱাহাটীৰ পৰামৰ্শৰ আধাৰত চৰকাৰে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিব বুলি সোণোৱালে উল্লেখ কৰে।

তদুপৰি তেওঁ কয় যে আৰআইডিবি-ৰ ৩৫০ কোটি টকাৰ প্ৰকল্পৰ কাম শীঘ্ৰেই আৰম্ভ হ’ব, যাৰ যোগেদি খহনীয়া, কৃত্ৰিম বান ৰোধ, নলাৰ সু-ব্যৱস্থা আদি বিভিন্ন দিশত কাম কৰি সমস্যাবোৰৰ স্থায়ী সমাধানৰ বাবে ব্যৱস্থা লোৱা হ’ব। খহনীয়া ৰোধৰ বাবে জিঅ’ বেগ আদি ব্যৱস্থাৰে কাম চলি আছে বুলিও সোণোৱালে সদৰী কৰে। আনহাতে, চাবুৱা নগৰৰ নৰ্দমা ব্যৱস্থাপনাৰ বাবেও আইআইটি গুৱাহাটীৰ পৰামৰ্শ লোৱা হ’ব বুলি তেওঁ উল্লেখ কৰে, যাতে ডিব্ৰুগড় চহৰ আৰু চাবুৱা নগৰৰ খহনীয়া, কৃত্ৰিম বান পৰিস্থিতিৰ স্থায়ী সমাধানৰ পথ প্ৰশস্ত হয় আৰু বহনক্ষম উন্নয়ন ত্বৰান্বিত হয়। এইক্ষেত্ৰত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে যৌথভাৱে পদক্ষেপ গ্ৰহণ কৰি যাব বুলি সোণোৱালে মন্তব্য কৰে। আনহাতে হৰ ঘৰ ত্ৰিৰংগা অভিযানৰ অংশ হিচাপে দেশৰ গৌৰৱময় ৭৮সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ডিব্ৰুগড় জিলা বিজেপি আৰু যুৱ মৰ্চাৰ উদ্যোগত আয়োজিত বাইক ৰেলী-ত্ৰিৰংগা যাত্ৰাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও অংশগ্ৰহণ কৰে। তাৰ পূৰ্বে তেওঁ ডিব্ৰুগড়স্থিত শ্বহীদ কুশল কোঁৱৰৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণেৰে শ্ৰদ্ধা জ্ঞাপন কৰে। তেওঁ উল্লেখ কৰে- ‘দেশৰ স্বাধীনতা সংগ্ৰামত শ্বহীদ কুশল কোঁৱৰৰ অতুলনীয় ত্যাগ, সাহস আৰু সক্ৰিয় ভূমিকা- এক অবিস্মৰণীয় অধ্যায়। আজি ডিব্ৰুগড়ত ‘ত্ৰিৰংগা যাত্ৰা’ত ভাগ লোৱাৰ পূৰ্বে মহান শ্বহীদগৰাকীৰ প্ৰতিমূৰ্তিত সতীৰ্থসকলৰ সৈতে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰোঁ। শ্বহীদ কুশল কোঁৱৰৰ স্বদেশপ্ৰেম আৰু মাতৃভূমিৰ হকে আগবঢ়োৱা সমৰ্পিত সেৱাই দেশবাসীক উদ্বুদ্ধ কৰি যাব।” আজি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ লগতে উপস্থিত থাকে ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, অসম পেট্ৰ’ কেমিকেলছ লিমিটেডৰ অধ্যক্ষ তথা বিজেপিৰ ৰাজ্যিক সম্পাদক বিকুল ডেকা, ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ চৈকত পাত্ৰ, উপ-মেয়ৰ উজ্জ্বল ফুকন, ডিব্ৰুগড় জিলা বিজেপিৰ সভাপতি উজ্জ্বল কাশ্যপ, যুৱ মৰ্চাৰ জিলা সভাপতি বিদ্যুৎ গগৈ, ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা, অসম গণ পৰিষদৰ অন্যতম ৰাজ্যিক উপ-সভাপতি সুনীল ৰাজকোঁৱৰ প্ৰমুখ্যে অন্যান্য বিষয়া তথা সতীৰ্থসকল।

You might also like