নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৃত্ৰিম বানত ডুবিল নগৰবেৰাৰ বাট-পথ

নিয়মীয়া বাৰ্তা, ৭ আগষ্ট : নিশাৰ মুষলধাৰ বৰষুণৰ ফলত নগৰবেৰাৰ সদাব্যস্ত ৰাজপথ জলমগ্ন হোৱাত ৰাইজৰ হাহাকাৰ লাগিছে | নগৰবেৰা নিউ মাৰ্কেটৰ পৰা বিপ্ৰ চলিহা মহাবিদ্যালয় অভিমুখী পকী পথছোৱা এক আঁঠু পৰ্যন্ত পানীৰ তলত সোমাই পৰাত পথচাৰী, যান-বাহন চলাচলত যথেষ্ট জটিলতা নামিছে | পথটিৰ কলিতা কেবিনৰ সন্মুখৰ পৰা উন্নয়ন খণ্ড কাৰ্যালয় পৰ্যন্ত জলমগ্ন। স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰী পুৱাৰ ভাগত জলমগ্ন পথেৰে বিপদসংকুলভাৱে পথছোৱা পাৰ হোৱা পৰিলক্ষিত হয়। আনহাতে, পথছোৱাৰ দুযোকাষে থকা খালবোৰো পানীৰে পৰিপূৰ্ণ। তেনেস্থলত অনুমান কৰি আহ-যাহ কৰোঁতে সাধাৰণ ইফাল-সিফাল হ’লেই বিপদ অনিবাৰ্য | পানীত ডুবি ভালেসংখ্যক বাহনৰো যান্ত্ৰিক বিজুতি ঘটা বুলিও জানিব পৰা গৈছে | জলমগ্ন পথছোৱা বিগত বছৰত মেৰামতিৰ দিহা কৰা হৈছিল যদিও অতি দ পথটিত মাটি নিদিয়াকৈ মেৰামতি কৰা বাবেই কামফেৰা কৰিও নকৰাৰ দৰেই হোৱা বুলিও অভিযোগ উত্থাপন হৈছে | শীঘ্ৰে বৃহত্তৰ নগৰবেৰা অঞ্চলৰ জলমগ্ন দ ঠাইৰ পথসমূহ ওখ কৰি মেৰামতিৰ দিহা কৰি যাতায়াত সুচল কৰাৰ দাবী জনাইছে |

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like