নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লোহাৰঘাটত শিল্পী দিৱস উদযাপন 

কামৰূপ জিলাৰ পলাশবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত লোহাৰঘাটত আজি দিনজোৰা কাৰ্যসূচীৰে শিল্পী দিৱস উদযাপন কৰা হয়। লোহাৰঘাট আঞ্চলিক যুৱ ক্লাবৰ উদ্যোগত তথা পি এম শ্ৰী লোহাৰঘাট চৰকাৰী মজলীয়া বিদ্যালয়ৰ সহযোগত আয়োজন কৰা শিল্পী দিৱসৰ কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন কৰে যুৱ ক্লাবৰ সভাপতি সমৰ দলৈয়ে।

আনহাতে, চৰকাৰী মজলীয়া বিদ্যালয়খনৰ প্ৰধান শিক্ষক ধীৰাজ চন্দ্ৰ দাসে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰাৰ উপৰি বিদ্যালয়ৰ ছাত্ৰীসকলে সমৱেত সংগীত পৰিৱেশন কৰে ৷ ইফালে, জ্যোতিষ ৰাভাই আঁত ধৰা শিল্পী দিৱসৰ কাৰ্যসূচীত দীপক চন্দ্ৰ দাস তথা প্ৰধান শিক্ষক ধীৰাজ চন্দ্ৰ দাসকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে শিল্পী দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰাৰ লগতে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱন দৰ্শন আৰু অৱদান সম্পৰ্কে  আলোকপাত কৰে ৷

তদুপৰি বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে গীত-মাত পৰিৱেশন, কবিতা আবৃত্তি কৰে ৷ ইফালে, শিল্পী দিৱসৰ স’তে সংগতি ৰাখি ভলীবল প্ৰতিযোগিতা এখনো অনুষ্ঠিত কৰা বুলি জানিবলৈ দিয়ে সংঘৰ সম্পাদক জুনিল ৰাভাই ৷

নিয়মীয়া বাৰ্তা, বৰদুৱাৰ বাগান, ১৭ জানুৱাৰী :

You might also like