নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰুণি কাশ্যপলৈ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ ৰেডক্লিফ ফেল’শ্বিপ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১১ মে’ : অসমীয়া লেখক সাহিত্যিক আৰুণি কাশ্যপলৈ চলিত বছৰৰ ৰেডক্লিফ ফেল’শ্বিপ প্ৰদান কৰা হৈছে। হাৰ্ভাৰ্ড বিশ্ববিদ্যলয়ৰ ৰেডক্লিফ ইন্‌ষ্টিটিউট অফ এডভান্চড্‌ ষ্টাডীয়ে প্ৰত্যেক বছৰে পৃথিৱীৰ প্ৰায় ৫০জন নিজৰ ক্ষেত্ৰখনৰ আগৰণুৱা ব্যক্তিক এই সন্মান প্ৰদান কৰে। যোৱা প্ৰায় সাত দশকজুৰি এই সন্মান হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ে প্ৰায় ১৫০০ ব্যক্তিক প্ৰদান কৰি আহিছে যদিও উপন্যাস-গল্প-কবিতাৰ শাখাত মাত্ৰ ৭৯জন ব্যক্তিয়েহে এই সন্মান লাভ কৰিছে। তাৰে ভিতৰত আছে নাইজেৰিয়াৰ বিশ্ববিখ্যাত ঔপন্যাসিক আৰু মেক আৰ্থাৰ জিনিয়াচ সন্মান আৰু অৰেঞ্জ প্ৰাইজ ফৰ ৱিমেনচ্‌ ৰাইটিং বঁটা লাভ কৰা চিমানমান্দা এডিচি, পুলিটজাৰ প্ৰাইজ পোৱা কবি জেৰিক’ ব্ৰাইন, পুলিটজাৰ বঁটা লাভ কৰা উপন্যাসিক হ্নন’ত দিয়াজ, মেক আৰ্থাৰ জিনিয়াচ গ্ৰান্ট লাভ কৰা কিয়েসে লেম’ন, ৱিমেনচ্‌ প্ৰাইজ ফৰ ফিকচন বঁটা লাভ কৰা উপন্যাসিক টায়াৰি জ’নচ, ইত্যাদি। হাৰ্ভাৰ্ড ৰেডক্লিফ ফেল’শ্বিপ এটা বিৰল সন্মান আৰু ই একো একোজন লেখকৰ কৰ্মজীৱনত সুদুৰ প্ৰসাৰী প্ৰভাৱ পেলায় বুলি ধৰা হয়। আৰুণি কাশ্যপ এই সন্মান লাভ কৰা প্ৰথম অসমীয়া সাহিত্যক। ২০২৪-২৫ বৰ্ষত কাশ্যপে ৰেডক্লিফ ইন্‌ষ্টিটিউট অফ এডভান্চড্‌ Carl and Lily Pforzheimer Fellow হিচাপে অসম আৰু আমেৰিকাৰ পটভূমিত এখন নতুন উপন্যাসৰ কামত ব্যস্ত থাকিব। আৰুণি কাশ্যপৰ জন্ম ১৯৮৪ত শিলচৰত। পেছাত অধ্যাপক, লেখক, কবি আৰু অনুবাদক। বৰ্ত্তমান যুক্তৰাষ্ট্ৰৰ ইউনিভাৰচিটি অৱ জিঅ’ৰ্জিয়াৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক আৰু ক্ৰিয়েটিভ ৰাইটিং (সৃজনীমূলক লিখনি) কাৰ্যক্ৰমৰ সঞ্চালক। তেওঁ ইংৰাজী সাহিত্যৰ শিক্ষা লাভ কৰে দিল্লীৰ চেন্ট্‌ ষ্টিফেন্চ কলেজত আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰৰ মিনেচটা ৰাজ্যিক বিশ্ববিদ্যালয়ত। অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতে সমানে সাহিত্যচৰ্চা কৰা অতি কম লেখকৰ মাজৰ এজন। সমালোচকৰ দ্বাৰা বহলভাৱে প্ৰশংসিত পেংগুইনৰ দ্বাৰা প্ৰকাশিত দ্য হাউচ ৱিথ এ থাউজেণ্ড ষ্টৰিজ শীৰ্ষক উপন্যাসখনৰ জৰিয়তে ২০১৩ চনত ইংৰাজী সাহিত্য জগতত আত্মপ্ৰকাশ কৰা আৰুণিয়ে অতি কম বয়সৰে পৰা ২০০১ চনৰে পৰা অসমীয়া ভাষাত সাহিত্য প্ৰকাশ কৰি আহিছে। আকাশবাণাৰ যুৱবাণী অনুষ্ঠানত প্ৰথম অসমীয়া গল্প প্ৰচাৰ হোৱাৰ পাছত আৰুণিৰ গল্প, প্ৰবন্ধ সাপ্তাহিকী আৰু কাকতত নিয়মিত প্ৰকাশ হৈ আহিছে। তাৰোপৰি আন্তৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় কেইবাখনো অসমীয়া আৰু ইংৰাজী ভাষাত প্ৰকাশিত গ্ৰন্থৰ লেখক আৰুণি কাশ্যপে ইতিমধ্যে কেইবাটাও সন্মানীয় বঁটা লাভ কৰিছে বা তাৰ বাবে মনোনীত হৈছে। ২০২২-ত তেওঁ লাভ কৰে ইউনিভাৰচিটি অৱ জিঅ’ৰ্জিয়াৰ হিউমেনিটিজ আৰু আৰ্টচ্‌ প্ৰগামৰ ফেকাল্টি ৰিচাৰ্চ গ্ৰান্ট। সাম্প্ৰতিক অসম আৰু ভাৰতৰ পটভূমিত এখন উপন্যাস লিখিবৰ বাবে পায় জিঅ’’ৰ্জিয়াৰ ৱিলচন চেন্টাৰৰ পৰা আৰ্টচ লেব ফেকাল্টি ফেল’শ্বিপ।

You might also like