নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুলীয়াজানৰ শিক্ষাবিদ অৰুণ কুমাৰ বৰদলৈৰ বিয়োগ

নিয়মীয়া বাৰ্তা, ১৪ জুলাই : দুলীয়াজান কঁঠালগুৰি অঞ্চলৰ শৈক্ষিক-সাংস্কৃতিক ক্ষেত্ৰখনৰ গুৰি ধৰোঁতা শিক্ষাবিদ অৰুণ কুমাৰ বৰদলৈৰ (৮৫) আজি সন্ধিয়া ৬ বাজি ৩৫ মিনিটত পৰলোকপ্ৰাপ্তি হয় । তেওঁৰ মৃত্যুত সমগ্ৰ দুলীয়াজান অঞ্চলৰ বৌদ্ধিক আৰু সাংস্কৃতিক মহল শোকত ম্ৰিয়মাণ হৈ পৰিছে। জটিল ৰোগত আক্ৰান্ত হৈ থকা অৰুণ কুমাৰ বৰদলৈক দুদিন পূৰ্বে ডিব্ৰুগড় মেডিকেলত ভৰ্তি কৰোৱা হৈছিল আৰু চিকিৎসালয়তে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। যোৰহাট জিলাৰ টীয়ক জগদুৱাৰৰ পৰা ১৯৬১ চনত চাকৰিসূত্ৰে দুলীয়াজানলৈ আহি প্ৰথমে টিপলিং ঘাট হাইস্কুলত সহকাৰী শিক্ষক হিচাপে তেওঁ যোগদান কৰে। পাছলৈ কঁঠালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰে আৰু কঁঠালগুৰিৰে স্হায়ী বাসিন্দা হয় । অৰুণ কুমাৰ বৰদলৈয়ে শিক্ষকতাৰ উপৰি একাদিক্ৰমে অসম সাহিত্য সভাৰ আজীৱন সদস্য, সু-নাট্যকাৰ, লোকবাদ্য শিল্পী, চিত্ৰকলা আদিত সু-নিপুণতা লাভ কৰিছে। তদুপৰি সাংস্কৃতিক ক্ষেত্ৰখনতো বিভিন্ন অগ্ৰণী অনুষ্ঠান-প্ৰতিষ্ঠানৰ পৰাও তেওঁ সন্মান অৰ্জন কৰিছে । এইগৰাকী সৰবৰহী-সংস্কৃতিৱান ব্যক্তিৰ মৃত্যুত সদৌ অসম ছাত্ৰ সন্থাৰ লগতে বৃহত্তৰ ম’হমাৰী আঞ্চলিক ৰাস মঞ্চ, বৃহত্তৰ ম’হমাৰী যুৱ সমাজ, সাংস্কৃতিক বিকাশ কেন্দ্ৰ, শ্ৰীমন্ত শংকৰদেৱ সংঘ, দুলীয়াজান সাহিত্য সভা, দুলীয়াজান ৰাস মঞ্চ, দুলীয়াজান সন্মিলিত সাংবাদিক মঞ্চ, দুলীয়াজান প্ৰেছ ক্লাবৰ উপৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ব্যক্তিবিশেষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শোক প্ৰকাশ কৰিছে । তেওঁ মৃত্যুৰ সময়ত সহধৰ্মিণীসহ পো-বোৱাৰী, জী আৰু নাতি-নাতিনী তথা আত্মীয়-স্বজনক ইহসংসাৰত এৰি যায় ।

প্ৰেৰক কৃষ্ণা গগৈ

You might also like