জাগুনৰ দিহিং নদী অৰুণাচল ঘাটত নাও দুৰ্ঘটনা, সন্ধানহীন এক
নিয়মীয়া বাৰ্তা, ২০ জুনঃ তিনিচুকীয়া জিলাৰ জাগুন আৰক্ষী চকীৰ অন্তৰ্গত জাগুন ঘাটত আজি সংঘটিত হয় এক নাও দুৰ্ঘটনা । দুৰ্ঘটনাত এজন প্ৰাক্তন সেনা কিৰণ থাপা নামৰ লোকজন সন্ধানহীন হয়। প্ৰাপ্ত খবৰ অনুসৰি কিৰণ থাপাই জীয়েক আৰু নাতিনীয়েকৰ সৈতে এখন এ এচ ২৩ জেদ ১২৯২ নম্বৰৰ আই টুৱেন্টী গাড়ীৰে ঘৰলৈ বুলি জাগুনৰ পৰা জাগুনৰ দিহিং নদী অৰুনাচল ঘাটত উপস্থিত হয় । আৰু তেওঁ গাড়ীখন নাৱত উঠাওতে হঠাৎ এস্কচেলেটৰ বেছিকৈ দিয়াত গাড়ীখনে তীব্ৰ গতিৰে নাৱত থকা এখন গ্লেমাৰ বাইক মহতীয়াই দিহিং নদীত পৰে । ইয়াৰ পিছতে নাৱৰ যাত্ৰী আৰু স্থানীয় ৰাইজৰ মাজত হুৱাদুৱা লাগে। কিন্তু তাৎক্ষণিকভাৱে স্থানীয় ৰাইজৰ তৎপৰতাত প্ৰায় ৩০০ মিটাৰ আঁতৰত গাড়ীখন উদ্ধাৰ কৰে। কিন্তু দুৰ্ভাগ্যবশত ৫৫ বছৰীয়া কিৰণ থাপা গাড়ীৰ পৰা ওলাই যায়। বৰ্ত্তমানেও কিৰণ থাপাৰ সন্ধান নোপোৱাৰ লগতে বাইকখনো উদ্ধাৰ কৰিব পৰা নাই । সৌভাগ ক্ৰমে গাড়ীৰ পৰা নামি থকাত কিৰণ থাপাৰ জীয়ৰী নাতিনীৰ প্ৰাণ ৰক্ষা পৰে। কিৰণ থাপাৰ ঘৰ জাগুন কঠাচেমা গাঁৱত।। আনহাতে সমগ্ৰ মাৰ্ঘেৰিটাৰ মহকুমা নদ নদীসমূহত বানপানীৰ প্ৰতি লক্ষ্য ৰাখি যন্ত্ৰচালিত নাও, হাতনাও আদি চলাচল বন্ধ ৰাখিবলৈ মহকুমা প্ৰশাসনে জাননী জাৰি কৰিছিল যদিও এইক্ষেত্ৰত নাও চালকসকলে প্ৰশাসনক অংগুষ্ঠ প্ৰদৰ্শন কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।
প্ৰেৰৰক মানস প্ৰতিম গগৈ