বিশেষ বাৰ্তা, ৯ মে : অসম-অৰুণাচল প্ৰদেশৰ বালিপৰা টাৱাং সংযোগী পথৰ টিপ্পীত সংঘটিত ভূমিস্খলনৰ ফলত একমাত্ৰ পথছোৱাৰ যাতায়াত আৱদ্ধ হৈ পৰিছে। কালিৰে পৰা হোৱা ভূমিস্খলনৰ ফলত পথছোৱাৰ দুয়োপাৰে শ শ বাহন আবদ্ধ হৈ পৰাত হাহাকাৰ সদৃশ পৰিবেশৰ সৃষ্টি কৰিছে। উল্লেখ্য যে টিপ্পীৰ পাহাৰৰ পৰা খহি অহা প্ৰকাণ্ড প্ৰকাণ্ড শিলাখণ্ডৰ লগতে বালি মাটিয়ে পথছোৱা আৱদ্ধ কৰি পেলাইছে। ইতিমধ্যে গুৰুত্বপূৰ্ণ পথছোৱা মুকলি কৰি দিয়াৰ বাবে দিনে নিশাই সীমান্ত পথ সংগঠনৰ জোৱান সকল নিয়োজিত হৈ আছে।
প্ৰেৰক হিমাংশু শইকীয়া