নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লিকাবালিত ইনাৰলাইন পাৰ্মিটৰ নামত অসমৰ শ্ৰমিকক প্ৰহাৰ অৰুণাচলী পুলিচৰ

নিয়মীয়া বাৰ্তা, ২ আগষ্টঃ অসম অৰুণাচল সীমান্তৱৰ্তী লিকাবালিত আন্তঃৰাজ্যিক পাৰপত্ৰ (ইনাৰলাইন পাৰ্মিট)ৰ নামত অৰুণাচল পুলিচে অসমৰ চাৰি শ্ৰমিকক শাৰীৰিক অত্যাচাৰ কৰা ঘটনাই অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখযোগ্য যে ৩১ জুলাইত চিলাপথাৰৰ পৰা অৰুণাচলত বিদ্যুৎ বিভাগৰ শ্ৰমিক হিচাপে কাম কৰিবৰ বাবে ছগৰাকী যাত্ৰী লৈ অৰুণাচল প্ৰদেশৰ ডাপৰিজুলৈ যোৱা এ এছ ২২ চি ৮৯৪৯ নম্বৰৰ টাটা চুমু বাহনখন দিনৰ ১.৩০ বজাত লিকাবালি চেক গেটত কৰ্মৰত পুলিচে ৰখায়। যাত্ৰীসকলে অৰুণাচল প্ৰদেশৰ লৱাৰ চিয়াং জিলাৰ আয়ুক্ত কাৰ্য্যালয়ে প্ৰস্তুত কৰি দিয়া পাৰপত্ৰসমূহ পৰীক্ষা কৰাত কিছু বিসংগতি দেখি যাত্ৰী কেইজনক অৰুণাচলত প্ৰৱেশত বাধা দিয়ে। ইয়াৰ খবৰ লাভ কৰা লগে লগে ধেমাজি জিলা পাব্লিক টেন্সপৰ্ট ফেডাৰেছনৰ সভাপতি ৰঞ্জন গগৈ লিকাবালি চেক গেটত উপস্থিত হৈ বিষয়টো সোধপোছ কৰে আৰু যদি কাগজপত্ৰ খেলিমেলি হৈছে ঘূৰাই পঠাবলৈ অনুৰোধ কৰে। কিন্তু লিকাবালি চেক গেটৰ তত্বাৱধানত থকা আৰক্ষী বিষয়াগৰাকীয়ে উগ্ৰমূৰ্তি ধৰি যাত্ৰীসকলক লিকাবালি থানালৈ নি লকআপত ভৰাই থয়। যাত্ৰীকেইজনক মোকলাই দিবৰ বাবে পুনৰ অনুৰোধ কৰাত তেওঁকো থানাৰ এটা ৰুমত ভৰাই বাহিৰৰ পৰা বন্ধ কৰি থয়। তেনে পৰিস্থিতিত চিলাপথাৰৰ কেবাটাও মটৰ আৰু সামাজিক সংগঠনৰ বিষয়ববীয়া লিকাবালি থানাত উপস্থিত হয়। ইয়াৰ পাছতে নিশা ১১ বজাত ৰঞ্জন গগৈৰ লগতে ছগৰাকী যাত্ৰীক লকআপৰ পৰা উলিয়াই দিয়ে।ছগৰাকী যাত্ৰীৰ ভিতৰৰ ওদালগুৰি জিলাৰ চন্দ্ৰপুৰৰ অৰবিন্দ দৈমাৰীৰ পুত্র চুজুমা দৈমাৰী, ওদালগুৰি জিলাৰ ঢেকীয়াজুলি বাতাচিপুৰৰ বিপিন দৈমাৰীৰ পুত্র ৰিণদাও দৈমাৰী, দৰং জিলাৰ বাতাচিপুৰৰ হাব্ৰুবাৰীৰ খগেন দৈমাৰীৰ পুত্র ৰবীশ্বৰ দৈমাৰী,ওদালগুৰি জিলাৰ গৌমচাৰ দৈমাৰীক বেয়াকৈ মাৰপিট কৰে অৰুণাচল পুলিচে। এনে ঘটনাৰ প্ৰতিবাদ জনাই সদৌ অসম মটৰ শ্ৰমিক সন্থাৰ ধেমাজি জিলা সমিতি, সদৌ অসম পাব্লিক টেন্সপৰ্ট ফেডাৰেছনৰ ধেমাজি জিলা সমিতি আৰু চিলাপথাৰ মেক্সিকেব সন্থাই উক্ত ঘটনাত জড়িত দোষীক ৰাজহুৱাকৈ ক্ষমা নিবিচৰালৈকে অনিষ্ট কাললৈ অসমৰ পৰা অৰুণাচললৈ যাত্ৰীবাহী বাহন চলাচল বন্ধৰ হুংকাৰ দিয়ে। ঘটনাৰ উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ধেমাজি জিলা আয়ুক্ত এখন জাননী দাখিল কৰে আৰু ইয়াৰ প্ৰতিলিপি অৰুণাচল প্ৰদেশৰ লৱাৰ চিয়াং জিলাৰ আৰক্ষী অধীক্ষক, চিলাপথাৰ আৰক্ষী থানাৰ প্ৰভাৰী,ধেমাজি জিলা পৰিবহন বিষয়ালৈ প্ৰেৰণ কৰিছে।

প্ৰেৰক কৰবী দলে

You might also like