ক’ৰোনা আক্রান্ত ট্রাক চালকক অৰুণাচল প্রশাসনে খেদি পঠিয়াই দিলে অসমলৈ
নিয়মীয়া বাৰ্তা , ২৭ জুলাই: অসম–ৰুণাচল সীমান্তৰ বান্দৰদেৱাত অৰুণাচলৰ বিৰুদ্ধে অর্থনৈতিক অৱৰোধ কৰিছে স্থানীয় ৰাইজ আৰু বান্দৰদেৱা ব্যৱসায়ী সন্থাই৷ পুৱা কেইবাশ সচেতন লোক আৰু ব্যৱসায়ীয়ে ১৫নং ৰাষ্ট্রীয় ঘাইপথ অৱৰোধেৰে অৰুণাচল প্রশাসনৰ বিৰুদ্ধে কৰে এই অৱৰোধ৷ অভিযোগ মতে অৰুণাচলত প্রৱেশ কৰা একাংশ ট্রাক চালক ক’ভিড পজিটিভ চিনাক্ত হোৱাৰ পিছতো অৰুণাচল প্রশাসনে দায়িত্বজ্ঞানহীনভাৱে খেদি পঠিয়াইছিল অসমৰ দিশে৷ ইয়াকে লৈ আতংকিত ৰাইজে প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰে৷ উল্লেখ্য যে বিগত দুদিনত অৰুণাচললৈ আগমন ঘটা মালবাহী ট্রাকসমূহৰ চালক–হেণ্ডিমেনৰ ৰেপিড টেষ্টত কেইবাজনো ক’ভিড পজিটিভ চিনাক্ত হয়৷
উল্লেখ্য যে বান্দৰদেৱাস্থিত অৰুণাচলৰ প্রৱেশদ্বাৰত অৰুণাচল প্রশাসন তথা স্বাস্থ্য বিভাগে ৰাজ্যখনলৈ প্রৱেশ কৰা প্রতিখন মালবাহী ট্রাকৰ চালক–হেণ্ডিমেনক ক’ভিড ৰেপিড টেষ্ট কৰিছে৷ সেই পৰীক্ষাতে দুটাকৈ দিনত তিনিজন ট্রাকচালকৰ ক’ভিড পজিটিভ চিনাক্ত হয়৷ কিন্তু পৰিতাপৰ বিষয় যে অৰুণাচল প্রশাসনে সেইকেইজন ব্যক্তিক কোৱাৰেণ্টাইনৰ কোনো ব্যৱস্থা নকৰি দায়িত্বজ্ঞানহীনভাৱে অসমৰ দিশে খেদি পঠিয়ায়৷ সেইসকল ক’ভিড পজিটিভ ব্যক্তিয়ে দিক্বিদিক হেৰুৱাই মুকলিভাৱে বান্দৰদেৱাত ঘূৰি ফুৰাত শংকিত হৈ স্থানীয় সচেতন লোক, ব্যৱসায়ী তথা বান্দৰদেৱা আৰক্ষীয়ে স্বাস্থ্য বিভাগক খবৰ দি কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰে৷ ৰাইজৰ দাবী অনুসৰি অৰুণাচললৈ সামগ্রী সৰবৰাহ কৰা প্রতিখন বাহনৰ ক্ষেত্রত সম্পূর্ণ দায়িত্ব অৰুণাচল প্রশাসনে লোৱাৰ লগতে যদি সেই বাহনৰ চালক তথা কর্মচাৰীৰ ক’ভিড পজিটিভ চিনাক্ত হয়, তেন্তে সেইসকলৰো সম্পূর্ণ চিকিৎসাৰ দায়িত্ব চুবুৰীয়া ৰাজ্যখনেই ল’ব লাগিব৷ লগতে অৰুণাচললৈ প্রৱেশ ঘটা ট্রাকসমূহ কোনোপধ্যেই বান্দৰদেৱাত ৰাখিবলৈ দিয়া নহ’ব৷ আনহাতে বান্দৰদেৱাৰ সমীপৰ পথালিপাহাৰ, ভোগপুৰ তথা হাৰমতীবাসী সচেতন লোকেও ক’ৰোনাৰ আতংক দূৰ নোহোৱাপর্যন্ত অৰুণাচললৈ অহা–যোৱা কৰা ৰাজ্যৰ ভিন্ন প্রান্তৰ লগতে বহিঃৰাজ্যৰ ট্রাকসমূহ পথৰ দাঁতিত নাৰাখিবলৈ আহ্বান জনাইছে৷
শেহতীয়াকৈ অৰুণাচল প্রদেশৰ পাপুমপাৰে জিলাৰ প্রশাসন আৰু লখিমপুৰ জিলা প্রশাসনৰ এক আলোচনাত প্রতিবাদকাৰীসকলৰ্ সকলো দাবী আলোচনাৰ মাধ্যমেৰে অৰুণাচল প্রশাসনে মানি লোৱাত প্রতিবাদকাৰীসকলে লোৱা অর্থনৈতিক অৱৰোধ উঠাই লয়৷