নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৰুণাচলত চাৰি বছৰ পিছত উদ্ধাৰ আমগুৰিৰ যুৱক

🔹 অসমৰ আন বহু ব্যক্তি আবদ্ধ হৈ থকাৰ অভিযোগ
নিয়মীয়া বাৰ্তা, ১ অক্টোবৰ : অসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচলত আমগুৰিৰ এজন ব্যক্তি চাৰি বছৰ পিছত উদ্ধাৰ হোৱা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি, অৰুণাচলৰ দিবাং ভেলী জিলাৰ আনিনি থানাৰ অৰ্ন্তগত গিপুলিন গাঁৱৰ পৰা উদ্ধাৰ হৈছে অসমৰ হালোৱাটিং আৰক্ষী থানাৰ অন্তৰ্গত ৭ নং লাদৈগড় নামতি বঙালী গাঁৱৰ প্ৰয়াত প্ৰভাত চন্দ্ৰ গগৈৰ পুত্ৰ তুলন গগৈ। যোৱা চাৰি বছৰে অৰুণাচলত আবদ্ধ হৈ আছিল এইজন যুৱক। উক্ত ঘটনাৰে তুলন গগৈৰ সম্বন্ধীয় দুলু বুঢ়াগোহাঁই আৰু তেওঁৰ বন্ধু অৰবিন্দ হাজৰিকা জড়িত থকাৰ অভিযোগ আনিছে।  প্ৰাপ্ত অভিযোগ অনুসৰি, অৰবিন্দ হাজৰিকাই তুলন গগৈক শকত অংকৰ বিনিময়ত অৰুণাচলত বিক্ৰী কৰে। ভুক্তভোগী তুলন গগৈক গিপুলিন গাঁৱৰ উদ্ধাৰু মেহুৱে শাৰীৰিক নিৰ্যাতন চলোৱাৰো অভিযোগ উঠিছে।  তুলন গগৈক মাৰধৰ কৰাৰ লগতে দাঁত ভাঙি দিয়া বুলিও অভিযোগ আনিছে। যোৱা ২৭ ছেপ্টেম্বৰত পৰিয়ালৰ লোকে তুলনক উদ্ধাৰ কৰি অনাৰ পাছতে পোহৰলৈ আহিছে সমগ্ৰ ঘটনা। পৰিয়ালৰ লোকে তুলনক আনিনি থানাৰ আৰক্ষীৰ সহযোগত এক দুৰ্গম অঞ্চলৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। অৰুণাচলৰ সেই স্থানত অসমৰ আৰু বহু লোক আবদ্ধ হৈ আছে বুলি জনায় তুলন গগৈয়ে। আবদ্ধ সেইসকল যুৱকক এই মানৱ সৰবৰাহকাৰী চক্ৰৰ পৰা উদ্ধাৰৰ বাবে আৰক্ষীৰ সহায় বিচাৰিছে  ভুক্তভোগীয়ে। ইতিমধ্যে হালোৱাটিং আৰক্ষী থানাত সমগ্ৰ ঘটনা সন্দৰ্ভত লিখিতভাৱে অৱগত কৰিছে। উল্লেখ্য যে চাৰি বছৰ পূৰ্বে হালোৱাটিং আৰক্ষী থানাৰ অন্তৰ্গত বৰছিলাৰ তুলন গগৈ নামৰ ব্যক্তিজন কৰ্মৰ সন্ধানত ঘৰৰ পৰা ওলাই গৈছিল। কৰ্মৰ সন্ধানত ওলাই যোৱা তুলন গগৈক সম্বন্ধীয় ভিনীহিয়েক দুলু বুঢ়াগোহাঁয়ে ডিগবৈৰ টিংৰাই বজাৰৰ অৰবিন্দ হাজৰিকাক গতাই দিয়ে। এই অৰবিন্দই তুলন গগৈক মাহিলি অধিক পাৰিশ্ৰমিক দিয়াৰ লোভ দেখুৱাই অৰুণাচল প্ৰদেশৰ দিবাংভেলী জিলাৰ আনিনি থানাৰ অন্তৰ্গত উদ্ধাৰু মেহুক চমজাই দিয়ে। ভুক্তভোগী তুলন গগৈক যোৱা চাৰি বছৰ ধৰি প্ৰাপ্য মজুৰি নিদিয়াৰ অভিযোগ আনিছে। নিজৰ পৰিয়ালৰ লগত কোনোধৰণৰ যোগাযোগ কৰিবলৈ নিদিয়াৰ লগতে ঘৰলৈ আহিব বিচাৰিলেই শাৰীৰিকভাৱে নিৰ্যাতন চলোৱা বুলি প্ৰকাশ কৰিছে। অৱশেষত তুলন গগৈৰ পৰিয়ালৰ লোকে গিপুলিন গাঁৱৰ এক দুৰ্গম অঞ্চলৰ পৰা স্থানীয় আৰক্ষীৰ সহযোগত উদ্ধাৰ কৰি আনে। ভুক্তভোগী তুলনে ইতিমধ্যে হালোৱাটিং আৰক্ষীক এই বিষয়ে সবিশেষ তথ্য অৱগত কৰা বুলি প্ৰকাশ।
প্ৰেৰক দেৱানন্দ কলিতা
You might also like