নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৰুণাচলৰ স্বাস্থ্যমন্ত্ৰীৰ বাহন লালুকত দুৰ্ঘটনাগ্ৰস্ত

🔹 লখিমপুৰৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ বাহিনীৰ বাহনত খুন্দা
নিয়মীয়া বাৰ্তা,  ১৯ ছেপ্টেম্বৰ : বিশ্বকৰ্মা পূজাৰ দিনটোত লালুকৰ ৰাজপথত অৰুণাচল প্ৰদেশৰ স্বাস্থ্যমন্ত্ৰী আলো লিবাঙৰ বাহন এক দুৰ্ঘটনাত পতিত হয়৷ মন্ত্ৰীগৰাকীৰ বাহনে লখিমপুৰৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ বাহিনীৰ বাহনত খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়৷  জানিব পৰা মতে, অৰুণাচল প্ৰদেশৰ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে অৰুণাচল প্ৰদেশৰ পাচিঘাটৰ পৰা ইটানগৰৰ দিশেৰে আহি থকা অৱস্থাত লালুক থানাৰ অন্তৰ্গত পুখুৰীয়া নামৰ ঠাইত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত লখিমপুৰ জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ বাহিনীৰ বাহনত খুন্দা মাৰে৷ সেই সময়ত লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ বাহিনী উত্তৰ লখিমপুৰ চহৰৰ পৰা লালুকৰ দিশেৰে আহি আছিল বুলি আৰক্ষীয়ে জানিবলৈ দিছে৷ সৌভাগ্যক্ৰমে দুৰ্ঘটনাটোত অৰুণাচলৰ স্বাস্থ্যমন্ত্ৰী আলো লিবাঙৰ কোনো হানি-বিঘিনি নোহোৱাকৈ ৰক্ষা পৰে৷
প্ৰেৰক মৃদুল ফুকন
You might also like