নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপি নেতাৰে সু-সম্পৰ্ক নথকাৰ বাবে অৰুণোদয় কৰ্তন

বিশেষ বাৰ্তা, ২৫ মাৰ্চ : বিজেপি নেতাৰে সু-সম্পৰ্ক নথকাৰ বাবে নাৰায়ণপুৰ গাঁও পঞ্চায়তৰ একাধিক অৰুণোদয় হিতাধিকাৰী নাম কৰ্তন কৰাৰ অভিযোগ উত্থাপন হৈছে৷ ৰাজ্য চৰকাৰে গ্ৰামাঞ্চলৰ মহিলা সবলীকৰণৰ বাবে অৰুণোদয় বঞ্চিত হিতাধিকাৰীসকলক নতুনকৈ আচঁনিত অন্তভুৰ্ক্ত কৰিবৰ বাবে চৰকাৰী কৰ্মচাৰীৰ জৰিয়তে ঘৰে ঘৰে আবেদন পত্ৰ প্ৰদানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে যদিও নাৰায়ণপুৰত একাংশ বিজেপি নেতাই তেওঁলোকৰ সৈতে সু-সম্পৰ্ক নথকা একাংশ অৰুণোদয় আচঁনি লাভ কৰি থকা  হিতাধিকাৰীৰ নাম কৰ্তন কৰাৰ অভিযোগ উত্থাপিত হৈছে৷ নাৰায়ণপুৰ গাঁও পঞ্চায়তৰ ৩নং ৱাৰ্ডৰ প্ৰায় ২০গৰাকী হিতাধিকাৰীৰ নাম কৰ্তন কৰাৰ অভিযোগ উত্থাপন হৈছে৷ অৰুণোদয় আচঁনি ৰূপায়নৰ প্ৰথম পৰ্যায়তে তালিকাভুক্ত এইসকল হিতাধিকাৰীয়ে মাহে মাহে একাউন্টত  ধন লাভ কৰি আহিছিল যদিও সম্প্ৰতি মহিলাসকলৰ নাম কৰ্তন কৰা হয়৷ বঞ্চিত হিতাধিকাৰীসকল একত্ৰিত হৈ ৱাৰ্ডটোৰ বিজেপি বুথ সভাপতি লক্ষীনন্দন শইকীয়া, পুলিন বৰা আৰু বিধায়ক প্ৰতিনিধি পংকজ ভূঞাই হিতাধিকাৰীসকলক নাম কৰ্তন কৰাৰ অভিযোগ উত্থাপন কৰি জানিবলৈ দিয়া অনুসৰি বিজেপি নেতা-কৰ্মীসকলৰ সৈতে সু-সম্পৰ্ক নথকা বাবে আৰু আগন্তুক পঞ্চায়ত নিৰ্বাচনত ব্যক্তিগত লাভালাভৰ বাবে এনেদৰে প্ৰকৃত হিতাধিকাৰীসকলৰ নাম কৰ্তন কৰা বুলি জানিবলৈ দিয়ে৷ এইক্ষেত্ৰত নাম কৰ্তন হোৱা হিতাধিকাৰীসকলে প্ৰশাসনৰ জৰিয়তে উচিত তদন্ত দাবী জনাইছে৷ উল্লেখ্য যে নাৰায়ণপুৰ গাঁও পঞ্চায়তত বিধায়ক প্ৰতিনিধি পংকজ ভূঞাৰ বিৰুদ্ধে অৰুণোদয় আবেদনকাৰীৰ বিৰুদ্ধে স্বজন তোষণৰ অভিযোগ উত্থাপন হৈছে৷ নিজ খেয়ালখুচিৰে এইসকল নেতা কৰ্মীয়ে চৰকাৰী আচঁনিৰ পৰা প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰাৰ অভিযোগ উঠিছে৷ ৰাজ্য চৰকাৰে অৰুণোদয় আঁচনিৰ প্ৰ-পত্ৰ বিতৰণৰ বাবে চৰকাৰী কৰ্মচাৰীক দায়িত্ব প্ৰদান কৰিছে যদিও এইক্ষেত্ৰত নাৰায়ণপুৰত বিধায়কৰ সমৰ্থনপুষ্ট একাংশ নেতা-পালিনেতাই নিজ নিজ ৱাৰ্ডত বিতৰণ কৰাৰ নামত ব্যাপক অনিয়ম সংঘটিত কৰাৰ অভিযোগ উঠিছে ৷
প্ৰেৰক সমীন কুমাৰ শইকীয়া
You might also like