নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৰূপ ডেকাৰ ঘৰত কান্দোনৰ ৰোলঃ ২ফেব্রুৱাৰীত বিয়া; আজি আছিল বিবাহৰ অভ্যর্থনা

  • পুত্রৰ অপৰাধক মানি ল’ব পৰা নাই পিতৃ–মাতৃয়ে
  • ‘অনামিকা’ নামেৰে বন্দনাই দিছিল চিনাকি
  • ধনটি ডেকাৰ সৈতে গৈছিল অৰূপ ডেকাৰ ঘৰলৈ
  • ধনটিৰ পিতৃৰ অভিযোগ– নিচাজাতীয় দ্রব্য খুৱাই পুত্রক অপৰাধত লিপ্ত কৰাইছিল বন্দনাই 
  • বন্দনাক চিনি নোপোৱাৰ দাবী ধনটিৰ পিতৃ–মাতৃৰ
  • চিনিবলৈ অস্বীকাৰ কৰা ধনটিৰ পিতৃ–মাতৃয়ে কেইবাবাৰো বন্দনাৰ সৈতে গৈছিল ফুৰিবলৈ

 

নিয়মীয়া বাৰ্তা, ২২ফেব্ৰুৱাৰী: নৃশংস হত্যাকাণ্ডত নাম সাঙোৰ খোৱাৰ পাছতো পুত্রৰ অপৰাধ কোনোপধ্যেই মানি ল’ব পৰা নাই কৈলাস ডেকাই৷ খানাপাৰাত পুত্র অৰূপ ডেকাৰ সৈতে শাক–পাচলিৰ ব্যৱসায় কৰা কৈলাস ডেকাই এয়া এক গভীৰ ষড়যন্ত্র বুলি মন্তব্য কৰিছে৷ আজি সাংবাদিকৰ আগত যথেষ্ট আৱেগিক হৈ পুত্রৰ নির্দোষিতাৰ গুণ গালে পিতৃ কৈলাস ডেকাই৷ তেওঁৰ মতে মদ খুৱাই পাগল কৰি অৰূপক শংকৰী দে’ আৰু অমৰজ্যোতি দে’ৰ হত্যাকাণ্ডত চামিল কৰিছিল বন্দনা কলিতাই৷ অৰূপে এনেকুৱা নৃশংস কাম কোনো কাৰণতে কৰিব নোৱাৰে বুলি তেওঁ দাবী কৰে৷

উল্লেখ্য যে ধনটি ডেকাৰ জৰিয়তে বন্দনাৰ সৈতে চিনাকি হৈছিল অৰূপৰ৷ কিন্তু নিজৰ প্রকৃত পৰিচয় লুকুৱাই অৰূপৰ পিতৃ–মাতৃৰ সন্মুখত অনামিকা নামেৰে চিনাকি দিয়া বন্দনাই বিয়া হোৱাৰ কথাও গোপনে ৰাখিছিল৷ অৰূপ ডেকাৰ নৱবিবাহিত পত্নীয়ে এই অভিযোগ কৰিছে৷ যোৱা ২ ফেব্রুৱাৰীত বিবাহপাশত আবদ্ধ হোৱা অৰূপৰ বিবাহৰ অভ্যর্থনা অনুষ্ঠান সম্পন্ন হোৱা নাছিল৷ আজি অর্থাৎ ২২ ফেব্রুৱাৰীত অভ্যর্থনা অনুষ্ঠানটো সম্পন্ন হোৱাৰ কথা আছিল৷ সেইমর্মে যোৱা ১৪ ফেব্রুৱাৰীলৈকে অনুষ্ঠানটোৰ যো–জা কৰাত ব্যস্ত আছিল পৰিয়ালটো৷ কিন্তু ১৪ ফেব্রুৱাৰীৰ নিশা আৰক্ষীয়ে হত্যাকাণ্ডটো সন্দর্ভত অৰূপ ডেকাক গ্রেপ্তাৰ কৰি নিয়াৰ পাছৰে পৰা আজিলৈকে পৰিয়ালটোত অশান্তি বিৰাজ কৰিছে৷

অৰূপৰ নৱবিবাহিত পত্নীয়ে  সংবাদ মাধ্যমৰ আগত সদৰী কৰা অনুসৰি অনামিকা বুলি পৰিচয় দিয়া বন্দনা কলিতাৰ প্রকৃত নামটো দুদিন পূর্বেহে গম পাইছিল৷ অৰূপে নিজৰ কলেজীয়া বান্ধৱী ৰূপে বন্দনাক চিনাকি দিছিল৷ স্বামীক একপ্রকাৰ দোষমুক্ত কৰি তেওঁ কয়– অৰূপৰ কোনো দোষ নাই৷ বন্দনা আৰু ধনটিয়ে সম্পত্তিৰ লোভত নৃশংস হত্যাকাণ্ডটো কৰিছে৷ বিনাকাৰণত অৰূপৰ নাম সাঙুৰিছে৷ অৰূপৰ মাতৃয়েও একেদৰে পুত্রক দোষমুক্ত কৰি কয়– মোৰ ল’ৰাই এনেকুৱা বেয়া কাম কেতিয়াও কৰিব নোৱাৰে৷ মদ খুৱাই পাগল কৰি তাক জড়িত কৰিছে বন্দনাই৷ নৃশংস হত্যাকাণ্ডটো সংঘটিত কৰাৰ পাছতো পৰিয়ালবর্গক একো কথা ঘুণাক্ষৰেও জানিবলৈ দিয়া নাছিল অৰূপে৷

মাতৃয়ে কয়– যোৱা ছমাহ ধৰি সি সাধাৰণভাৱে আছিল৷ আমি ঘুণাক্ষৰেও এই কাণ্ডৰ বিষয়ে জনা নাছিলোঁ৷ আমি জানিলে বেলেগৰ ছোৱালী এটা কিয় বিয়া কৰাই আনিব দিলোঁহেঁতেন৷ উল্লেখ্য যে অৰূপৰ পৰিয়ালৰ সৈতে বন্দনাৰ এক ভাল সম্পর্ক আছিল৷ কেইবাবাৰো ধনটি ডেকাৰ সৈতে অৰূপৰ ঘৰলৈ গৈছিল বন্দনা৷ ধনটিৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব বুলি অৰূপৰ পিতৃ–মাতৃক জনাইছিল৷ হত্যাকাণ্ডটো সংঘটিত কৰাৰ পাছত নাৰেংগীত অমৰজ্যোতিৰ ঘৰত পতা সত্যনাৰায়ণ পূজাৰ ভোগ–প্রসাদো অৰূপ ডেকাৰ পৰিয়ালক দিছিল বন্দনাই৷ সম্প্রতি এই কাণ্ডত হতভম্ব হৈ পৰা অৰূপৰ পিতৃ–মাতৃয়ে নিজ পুত্রক যিকোনো প্রকাৰে ঘূৰাই দিবলৈ আৰক্ষীক আহ্বান জনাইছে৷

ইফালে, গাড়ী চলাই জীৱন নির্বাহ কৰা ধনটি ডেকাই যোৱা ৪ মাহ ধৰি বন্দনাৰ বোন্দাৰ পিতৃগৃহৰ ভাৰাঘৰত আছিল৷ হত্যাকাণ্ডটোত ধনটিৰ নাম সাঙোৰ খাই পৰাৰ পাছতো পুত্রৰ অপৰাধক মানি ল’ব পৰা নাই পিতৃ–মাতৃয়ে৷ পিতৃ ৰমেশ ডেকাৰ মতে কোনো কাৰণতে ধনটিয়ে হত্যাকাণ্ড সংঘটিত কৰিব নোৱাৰে৷ যদি কৰিছেও বন্দনাই ষড়যন্ত্রমূলকভাৱে কিবা নিচাজাতীয় বস্তু খুৱাই এই কাম সমাধা কৰাৰ দাবী কৰিছে ৰমেশ ডেকাই৷ বাণিজ্য স্নাতক ধনটি ডেকাৰ বন্দনাৰ সৈতে কলেজীয়া দিনৰে পৰা বন্ধুত্ব আছিল৷ তদুপৰি ধনটিৰ গাড়ীতেই বন্দনা আৰু তেওঁৰ শাহুৱেক শংকৰী দে’ৰ বিভিন্ন ঠাইলৈ অহা–যোৱা কৰিছিল৷ সেইসূত্রে বন্দনাৰ লগতে শংকৰীৰ সৈতেও ধনটিৰ এক সু–সম্পর্ক গঢ়ি উঠিছিল৷ চানমাৰিৰ শংকৰী দে’ৰ ঘৰতো অবাধ আহ–যাহ আছিল ধনটিৰ৷ মন কৰিবলগীয়া যে চিনিবলৈ অস্বীকাৰ কৰা ধনটিৰ পিতৃ–মাতৃয়ে কেইবাবাৰো বন্দনাৰ পিতৃ–মাতৃসহ বিভিন্ন ঠাইত ফুৰিবলৈ গৈছিল৷

বন্দনাই নিজৰ ফেচবুক প্রফাইলত বিভিন্ন ঠাইত দুয়োজনৰ সৈতে ফুৰিবলৈ যোৱা ফটো আপলোড কৰিছিল৷ নৃশংস হত্যাকাণ্ডটোৰ পাছতে ধনটি আৰু বন্দনাৰ দুয়োটা পৰিয়ালে বৰপেটা সত্র, মানাহ ৰাষ্ট্রীয় উদ্যান, সৰভোগৰ গৰখীয়া গোসাঁইৰ থানকে ধৰি বিভিন্ন স্থানলৈ ফুৰিবলৈ গৈছিল৷ যোৱা ৯ ডিচেম্বৰত ধনটিৰ পিতৃ–মাতৃ আৰু বিবাহিত ভনীৰ সৈতে কামাখ্যাত ছাগলী বলি দিছিল বন্দনাই৷ দুটাকৈ নৃশংস হত্যা সংঘটিত কৰাৰ পাছত হয়তো মানসিক শান্তিৰ বাবেই মা কামাখ্যাৰ আশিস বিচাৰিছিল বন্দনাই৷

You might also like