নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অসম ভ্ৰমিব অৰবিন্দ কেজৰিৱালে

বিশেষ বাৰ্তা, ১৯ ফেব্ৰুৱাৰীঃ অসমত নিৰ্বাচনী প্ৰচাৰত অংশ লব আম আদমী পাৰ্টীৰ ৰাষ্ট্ৰীয় আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। অংশ লব পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানেও। আপৰ শীৰ্ষ সকলো নেতাই অসম ভ্ৰমণ কৰিব। অসমত নিৰ্বাচনৰ ৰণনীতি প্ৰস্তুত কৰিবলৈ দিল্লীলৈ অহা আপৰ শোণিতপুৰৰ প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিল্যই আজি সাংবাদিকৰ আগত এই কথা জানিবলৈ দিছে। তেওঁ কয় যে অসমৰ তিনিটা সমষ্টিত সৰ্বশক্তিৰে আপে প্ৰতিদ্বন্দ্বিতা কৰিব। আনহাতে তেওঁৰ বিৰুদ্ধে উত্থাপিত হোৱা বিভিন্ন অভিযোগ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কৌণ্ডিল্যই কয় যে মোৰ বিৰুদ্ধে যোৱা কিছুদিন ধৰি অপপ্ৰচাৰ চলাই থকা দেখিছোঁ। আপৰ প্ৰাৰ্থীজনৰ বক্তব্য- ‘মোৰ নিচিনা এজন সৰু নেতাৰ সৰু ঘটনাবোৰ দেখা ডাঙৰ নেতাৰ কাম হব পাৰে। কিন্তু ডাঙৰ নেতাসকলৰ থকা ডাঙৰ ডাঙৰ ঘটনাবোৰ কিন্তু ৰাইজে চাই আছে’।

প্ৰেৰক কল্লোল ভৌমিক

You might also like