📌 প্রচুৰ সম্ভাৱনাময় উত্তৰ–পূবৰ অর্থনীতিঃ মোদী
📌 সাংস্কৃতিক অনুষ্ঠান প্রধানমন্ত্রীৰ সৈতে উপভোগ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ
📌 গ’ল্ডেন থ্রেডছৰ মুগা শিল্পৰ আভাস লৈ আপ্লুত প্রধানমন্ত্রী মোদী
নিয়মীয়া বাৰ্তা ডিজিটেল, ৭ ডিচেম্বৰঃ উত্তৰ–পূব ভাৰতৰ সমৃদ্ধিশালী সংস্কৃতি আৰু সম্ভাৱনাময় অর্থনীতিক প্রদর্শনৰ লক্ষ্যৰে ৰাজধানী নতুন দিল্লীত আৰম্ভ হৈছে অষ্টলক্ষ্মী মহোৎসৱ৷ দেশৰ ৰাজধানী চহৰখনৰ ভাৰত মণ্ডপমত ৮ ডিচেম্বৰলৈ আয়োজিত অষ্টলক্ষ্মী মহোৎসৱৰ শুভ উদ্বোধন কৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ উত্তৰ–পূর্বাঞ্চলৰ বস্ত্র উদ্যোগ, পৰম্পৰাগত শিল্পকলা, পর্যটন, জিআই টেগ সামগ্রীক প্রাধান্যৰে প্রথমবাৰৰ বাবে আয়োজিত এই অষ্টলক্ষ্মী মহোৎসৱ উদ্বোধন কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে প্রচুৰ সম্ভাৱনাময় অর্থনীতিৰ লগতে সাংস্কৃতিক ঐতিহ্যক সংৰক্ষণৰ গুৰুত্বক আগবঢ়াই নিয়াটোক প্রাধান্য দিয়া হৈছে৷ আমি উত্তৰ–পূবক আৱেগ–র্থনীতি–পৰিৱৰ্তে বিজ্ঞানৰ ত্রিমূর্তিৰ সৈতে সংযোগ কৰিছোঁ৷ উত্তৰ–পূর্বাঞ্চলত আন্তঃগাঁথনি নির্মাণ কৰাই নহ’ব, ভৱিষ্যতৰ বাবেও এক সুদূঢ় ভেটি স্থাপন কৰা হৈছে৷ বগীবিল দলঙৰ উদাহৰণ দি প্রধানমন্ত্রী মোদীয়ে কয় যে দীর্ঘদিন ধৰি নির্মাণ অসম্পূর্ণ হৈ থকা বগীবিল দলংখন সম্পূর্ণ হোৱাৰ আগতে সমগ্র দিনটোৰ যাত্রাৰ তুলনাত এতিয়া ধেমাজি–ডিব্রুগড়ৰ মাজৰ যাত্রা ১ ঘণ্টা বা ২ ঘণ্টাতে সম্ভৱ হৈ পৰিছে৷ অৰুণাচল প্রদেশৰ ছেলা সুৰংগ, ভাৰত–ম্যানমাৰ–থাই ত্রিপাক্ষিক ঘাইপথ, নাগালেণ্ড, মণিপুৰ আৰু মিজোৰামৰ সীমান্ত পথৰ দৰে প্রকল্পই শক্তিশালী পথ সম্প্রসাৰণ কৰিছে৷ প্রধানমন্ত্রী মোদীৰ স্পষ্ট বক্তব্য– ‘মই উত্তৰ–পূর্বাঞ্চলৰ সামগ্রীৰ বাবে ভকেল ফৰ লোকেলৰ মন্ত্র প্রচাৰ কৰোঁ৷ প্রধানমন্ত্রী মোদীয়ে গুজৰাটৰ পোৰবন্দৰত অনুষ্ঠিত হ’বলগীয়া মাধৱপুৰ মেলাত অংশগ্রহণৰ বাবে ৰাইজক আমন্ত্রণ জনাই কয় যে মাধৱপুৰ মেলাত উত্তৰ–পূর্বাঞ্চলৰ কন্যা দেৱী ৰুক্মিণীৰে ভগৱান শ্রীকৃষ্ণৰ বিবাহ উদ্যাপনৰ প্রতীক৷ মহোৎসৱৰ শুভ উদ্বোধন কৰি প্রধানমন্ত্রী মোদীয়ে উত্তৰ পূর্বাঞ্চলৰ শিল্পী–কাৰিকৰৰ ষ্টলসমূহ পৰিদর্শন কৰে৷ কেইবাটাও পেভিলিয়ন পৰিদর্শন কৰি প্রধানমন্ত্রী মোদীয়ে শিল্পী আৰু কাৰিকৰৰ সৈতে বার্তালাপ কৰে৷ উত্তৰ–পূর্বাঞ্চলৰ বৈশিষ্ট্যক প্রতিনিধিত্ব কৰা বৈচিত্র্যময় আৰু সমৃদ্ধিশালী পৰম্পৰাগত শিল্পকলাক ভূয়সী প্রশংসা কৰে প্রধানমন্ত্রী মোদীয়ে৷ এনে প্রচেষ্টাই ভাৰতৰ অর্থনৈতিক বিকাশত উত্তৰ–পূব ভাৰতৰ শক্তিশালী সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব বুলিও কয় প্রধানমন্ত্রী মোদীয়ে৷ এই মহোৎসৱত কেন্দ্রীয় যোগাযোগ আৰু ড’নাৰ মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াই অংশগ্রহণ কৰে৷ উত্তৰ–পূর্বাঞ্চলৰ এই মহোৎসৱে দেশৰ অর্থনীতিক প্রভূত বৰঙণি আগবঢ়োৱাৰ গুৰুত্ব আৰোপ কৰা হৈছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সন্মুখত উত্তৰ–পূবৰ হস্তশিল্প প্রদর্শন হয়৷ এই মহোৎসৱত অংশ লৈছে প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্টৰ গ’ল্ডেন থ্রেডছৰ৷ অসমৰ মুগা শিল্পৰ আভাস লৈ আপ্লুত প্রধানমন্ত্রী৷ মহোৎসৱত প্রধানমন্ত্রীয়ে অসমৰ মুগা শিল্প প্রত্যক্ষ কৰাৰ সময়ত উপস্থিত থাকে প্রাইড ইষ্টৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ৰিণিকি ভূঞা শর্মা৷ উল্লেখ্য যে অষ্টলক্ষ্মী মহোৎসৱত উত্তৰ–পূর্বাঞ্চলৰ ৮খন ৰাজ্যৰ শিল্পী, কাৰিকৰ মিলিত হৈছে৷ পৰম্পৰাগত শিল্পকলাৰ পৰা সাংস্কৃতিক ঐতিহ্যক এই মহোৎসৱত প্রতিফলন কৰা হৈছে৷ হস্তশিল্প আৰু হস্ততাঁত শিল্পৰ সামগ্রী এই মহোৎসৱত প্রতিফলন হৈছে৷ তদুপৰি কৃষিজাত সামগ্রী, পর্যটন আদিৰ বিষয়কো মহোৎসৱত সাঙুৰি লোৱা হৈছে৷ মহোৎসৱৰ লগত সংগতি ৰাখি অষ্টলক্ষ্মীৰ পৰম্পৰাগত সাংস্কৃতিক কার্যসূচীও পৰিৱেশন কৰা হয়৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সৈতে অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই সাংস্কৃতিক কার্যসূচী উপভোগ কৰে৷ এই অনুষ্ঠানত উত্তৰ–পূর্বাঞ্চল উন্নয়ন দপ্তৰৰ কেন্দ্রীয় মন্ত্রী জ্যোতিৰাদিত্য এম সিন্ধিয়া, ত্রিপুৰাৰ মুখ্যমন্ত্রী ড০ মাণিক সাহা, মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমা, ছিকিমৰ মুখ্যমন্ত্রী প্রেমসিং তামাং আৰু উত্তৰ–পূর্বাঞ্চল উন্নয়ন দপ্তৰৰ ৰাজ্যমন্ত্রী সুকান্ত মজুমদাৰৰ লগতে আন বিশিষ্ট ব্যক্তিসকল উপস্থিত আছিল৷