নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উৎকোচ লৈ দুৰ্নীতি নিবাৰকৰ জালত ধূপধৰা থানাৰ ASI আহমেদ আলী

নিয়মীয়া বাৰ্তা, ২৮ অক্টোবৰ : উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল ধূপধৰা আৰক্ষী থানাৰ ASI আহমেদ আলী ৷ ২৫০০ টকা উৎকোচ লৈ গ্ৰেপ্তাৰ হ’ল গোৱালপাৰা জিলাৰ ধূপধৰা থানাৰ ASI আহমেদ আলী ৷ কালি সন্ধিয়া দুৰ্নীতি নিবাৰক শাখাই হাতে-লোটে আটক কৰে ASI আহমেদ আলীক । জানিব পৰা মতে, বিগত ২২ অক্টোবৰত ধূপধৰা আৰক্ষী থানাৰ অন্তৰ্গত তেলিপাৰাত ফাইজৰ ৰহমান নামৰ লোকজনৰ নিজৰ পুত্ৰ আওলাদ হুছেইনৰ সতে পাৰিবাৰিক সংঘাতৰ পৰিপ্ৰেক্ষিতত পিতৃ ফাইজৰ ৰহমানে আওলাদ হুছেইনৰ বিৰুদ্ধে ধূপধৰা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। এজাহাৰৰ ভিত্তিত ধূপধৰা আৰক্ষীয়ে আওলাদ আলীক ২৩ অক্টোবৰত ঘৰৰ পৰা আটক কৰি থানালৈ লৈ আনে । পিছত ২৪ অক্টোবৰত ফাইজৰ ৰহমানে পুত্ৰৰ নামত দিয়া গোচৰ উঠাই লয় আৰু পিতা-পুত্ৰৰ মাজত মীমাংসা হয় । মীমংসা হোৱাৰ পাছতো ASIগৰাকীয়ে উৎকোচ বিচৰাত ৫ হাজাৰ টকাৰ পৰিৱৰ্তে ২৫০০ টকা দিয়াত ধূপধৰা বজাৰৰ এখন গেলামাল দোকানত ASI আহমেদ আলীক হাতে-লোটে গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিবাৰক শাখাই। শনিবাৰে পুৱতি নিশা প্ৰায় ৪ বজাত ধূপধৰা থানাত দুৰ্নীতিগ্ৰস্ত বিষয়াগৰাকীক জেৰা চলোৱাৰ অন্তত গুৱাহাটীলৈ লৈ যায় দুৰ্নীতি নিবাৰক শাখাৰ বিষয়া-কৰ্মচাৰীসকলে ৷

প্ৰেৰক বেনজিন বড়ো

You might also like