নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢেকীয়াজুলিত আস্কৰণ বিঞ্জৰাজ শ্বপিং মলৰ মইমতালি

🔹 নাই ফায়াৰ ছাৰ্ভিচৰ লাইচেঞ্চ

🔹 বিস্ফোৰক তথ্য উন্মোচন কৰিলে আৰটিআই কৰ্মী দিলীপ নাথে 

বিশেষ বাৰ্তা, ১ ছেপ্টেম্বৰ : যি সময়ত গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্তই শ্বপিং মলসমূহৰ স্বত্বাধিকাৰীসকলক মাতি নি নীতিবহিৰ্ভূতভাৱে চলা শ্বপিং মলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে, সেই সময়তে শ্বহীদ নগৰী ঢেকীয়াজুলিত নীতিবহিৰ্ভূতভাৱে আস্কৰণ বিঞ্জৰাজ নামৰ শ্বপিং মলটো চলি থকাৰ অভিযোগ উত্থাপন হৈছে। আৰটিআইৰ তথ্যত পোহৰলৈ আহিছে কেনেদৰে শ্বপিং মলটো ফায়াৰ ছাৰ্ভিচৰ লাইচেঞ্চ অবিহনে বিভাগীয় কৰ্তৃপক্ষক ফাঁকি দি নিজ মইমতালিৰে চলাই আহিছে। উল্লেখযোগ্য যে ঢেকীয়াজুলিৰ মাজমজিয়াত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে অৱস্থিত আস্কৰণ বিঞ্জৰাজ নামৰ শ্বপিং মলটোৰ নাই ফায়াৰ ছাৰ্ভিচৰ লাইচেঞ্চ ৷ তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে আৰটিআই কৰ্মী দিলীপ নাথে উন্মোচন কৰিলে এই বিস্ফোৰক তথ্য ৷ শ্বপিং মলটোত কৰ্মৰত শ শ সাধাৰণ যুৱক-যুৱতীৰ লগতে গ্ৰাহকসকলৰ জীৱনৰ লগত হেতালি খেলি ফায়াৰ ছাৰ্ভিচৰ লাইচেঞ্চ অৰ্থাৎ জুই নিৰ্বাপণৰ বাবে যি অনুমতি পত্ৰ ল’ব লাগে, সেই অনুমতি পত্ৰ নোহোৱাকৈ কেনেকৈ শ্বপিং মলটো চলি আছে বুলি প্ৰশ্ন কৰে আৰটিআই কৰ্মীগৰাকীয়ে। তদুপৰি ফায়াৰ ছাৰ্ভিচৰ লাইচেঞ্চ অবিহনে বিদ্যুৎ বিভাগে কেনেকৈ শ্বপিং মলটোত বিদ্যুৎ সংযোগ দিলে, সেয়াও ৰহস্যৰ বিষয় বুলি সংবাদ মাধ্যমত জনায় আৰটিআই কৰ্মী দিলীপ নাথে ৷ আনহাতে, শ্বপিং মলটোৰ স্বত্বাধিকাৰী অনা-অসমীয়া ব্যৱসায়ীগৰাকীয়ে সাধাৰণ গ্ৰাহকক লুণ্ঠন কৰি নিম্নমানৰ কম দামৰ সামগ্ৰী নিজা টেগ লগাই অধিক দামত বিক্ৰী কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আৰটিআই কৰ্মী দিলীপ নাথে। ঘটনা সন্দৰ্ভত শ্বপিং মলটোৰ বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষ, স্থানীয় বিধায়ক তথা মন্ত্ৰী অশোক সিংহলৰ লগতে ৰাজ্য চৰকাৰক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে আৰটিআই কৰ্মীগৰাকীয়ে ৷

প্ৰেৰক কল্পজ্যোতি নাথ

You might also like