নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম ছাত্র পৰিষদত খহনীয়াঃ কেন্দ্রীয় সাধাৰণ সম্পাদকৰ পদত্যাগ

নিয়মীয়া বাৰ্তা, ৪ মে’ : সর্বত্র ক’ৰোনাৰ আতংকই বিৰাজ কৰি থকা সময়তে ৰাজ্যৰ প্রধান আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম ছাত্র পৰিষদত এতিয়া আৰম্ভ হৈছে দলীয় খহনীয়াৰ ৷ বিগত বর্ষত ৰাজ্যত নাগৰিকত্ব সংশোধনী আইন–২০২৯ৰ বিৰোধিতাৰে প্রতিবাদৰ ঢৌ বৃদ্ধি পোৱা সময়তে গঠন হোৱা ছাত্র সংগঠনটোৰ সাধাৰণ সম্পাদক শিশিৰ কুমাৰ গগৈয়ে পদত্যাগ কৰিলে শনিবাৰে ৷ উল্লেখ্য যে প্রতিটো ৰাজনৈতিক দলৰ দৰে অসম গণ পৰিষদ দলেও বহুতো জল্পনা–কল্পনাৰ অন্তত দলৰ একাংশ নেতাৰ বিৰোধৰ পিছতো বিগতবর্ষৰ ২১ নৱেম্বৰত জন্ম দিছিল নিজৰ ছাত্র সংগঠন অসম ছাত্র পৰিষদ ৷ অসম ছাত্র পৰিষদ গঠনৰ পাছতে ৰাজ্যৰ ভালসংখ্যক ছাত্র–ছাত্রীক দলটোত অংশগ্রহণ কৰাবলৈও সক্ষম হৈছিল অগপ নেতৃত্ব ৷ ছাত্র সংগঠনটো গঠন কৰাৰ পাছতে অগপৰ সভাপতি অতুল বৰাই আঞ্চলিকতাবাদী চিন্তা–চর্চাৰে অসম ছাত্র পৰিষদ গঠন কৰা বুলি ঘোষণা কৰাত নৱপ্রজন্মৰ মাজত যথেষ্ট চর্চাও লাভ কৰিছিল ৷

কিন্তু শেহতীয়াকৈ অগপৰ এই ছাত্র সংগঠনটোক একাংশই ব্যক্তিগত স্বার্থ সিদ্ধিৰ বাবেহে ব্যৱহাৰ কৰা বুলি অভিযোগ উত্থাপন কৰি পদত্যাগ কৰিলে সাধাৰণ সম্পাদক শিশিৰ কুমাৰ গগৈয়ে ৷ শনিবাৰে ছাত্র পৰিষদৰ কেন্দ্রীয় সাধাৰণ সম্পাদকগৰাকীয়ে পৰিষদত কেন্দ্রীয় নেতৃত্বৰ ব্যক্তিকেন্দ্রিক সিদ্ধান্ত চলাৰ অভিযোগো উত্থাপন কৰিছে ৷ ইফালে সোণাৰি মহাবিদ্যালয়ৰ ছাত্র একতা সভাৰ উপ–সভাপতি হিচাপেও কার্যনির্বাহ কৰি অহা প্রাক্তন ছাত্র নেতা শিশিৰ কুমাৰ গগৈয়ে অসম ছাত্র পৰিষদৰ পৰা পদত্যাগ কৰাত স্বাভাৱিকতে গৃহ জিলাত তীব্র প্রতিক্রিয়া সৃষ্টি হোৱাৰ লগে লগে জিলা সমিতি গঠনৰ বাবে প্রস্তুতি চলোৱা ছাত্রকর্মীসকলেও পদত্যাগ কৰে ছাত্র পৰিষদৰ পৰা ৷

You might also like