নিয়মীয়া বাৰ্তা ২২ ফেব্ৰুৱাৰীঃ সমাগত বিধানসভা নির্বাচনত বিজেপিয়ে ১০০খনতকৈ অধিক আসন লাভ কৰি চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’ব৷ দেওবাৰে ভাৰতীয় জনতা পার্টীৰ ৰাষ্ট্রীয় বিষয়ববীয়াৰ সভাত দলৰ শীর্ষ নেতৃত্বক এই কথা অৱগত কৰাইছে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে৷ তেওঁ দৃঢ়তাৰে ঘোষণা কৰে যে অসমৰ ৰাইজৰ বিজেপিৰ প্রতি থকা আস্থা–বিশ্বাস আৰু ৪২ লাখ কর্মকর্তাৰ একাগ্রতাৰ ফলত দলে এই ফলাফল লাভ কৰিবলৈ সক্ষম হ’ব৷
উল্লেখ্য যে দলৰ ৰাষ্ট্রীয় সভাপতি জগত প্রকাশ নাড্ডা, ৰাষ্ট্রীয় উপ–সভাপতি ড০ ৰমন সিং, ৰাষ্ট্রীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষ প্রমুখ্যে ৰাষ্ট্রীয় বিষয়ববীয়াসকলৰ উপস্থিতিত আজি নতুন দিল্লীত অনুষ্ঠিত ৰাষ্ট্রীয় বিষয়ববীয়া সভা সম্বোধন কৰি ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে কয় যে ভাজপা কার্যকর্তাৰ বিৰামহীন সাংগঠনিক কাম–কাজ আৰু বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ বিকাশমুখী সফলতাৰ আধাৰত ভাৰতীয় জনতা পার্টী মিত্রজোঁটে ১০০প্লাছ আসন লাভ কৰাটো নিশ্চিত৷ তেওঁ লগতে আগন্তুক ২০২১ বিধানসভা নির্বাচনৰ সম্পর্কত ৰাজ্যত দলৰ আৰু মিত্রদলৰ স্থিতি, সাংগঠনিক কাম–কাজকে আদি কৰি অসম চৰকাৰৰ সফলতা সন্দর্ভত বিশদভাৱে ৰাষ্ট্রীয় নেতৃত্বক অৱগত কৰায়৷ লগতে বিভিন্ন বিষয়ত ৰাষ্ট্রীয় নেতৃত্বই দিহা–পৰামর্শ আগবঢ়ায়৷