নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিষেধাজ্ঞা নেওচি অসম পালেহি ১,০০০ গাহৰিভর্তি তিনিখন ট্রাক

নিয়মীয়া বাৰ্তা ২০ ফেব্ৰুৱাৰীঃ  ৰাজ্যত আফ্রিকান ছোৱাইন ফিভাৰৰ ভয়াৱহ সংক্রমণ অব্যাহত থকাৰ মাজতে সংঘটিত হৈছে এক ভয়ানক কাণ্ড৷ অসমৰ গাহৰি পালনৰ উদ্যোগটোলৈ চৰম ভাবুকি কঢ়িয়াই আজি ৰাজ্যত প্রৱেশ কৰিছে বহিঃৰাজ্যৰ পৰা এহেজাৰ গাহৰি কঢ়িয়াই অনা তিনিখন ট্রাক৷ প্রাপ্ত তথ্য অনুসৰি, এই গাহৰিসমূহ পোনে পোনে নিয়া হৈছে যোৰাবাটৰ ১৫ মাইলত থকা এখন গাহৰি ফার্মলৈ৷ তাৰ পৰা আন এখন ট্রাকত বহুসংখ্যক গাহৰি তেজপুৰ অভিমুখে লৈ যোৱা হৈছে৷ গুৰুত্বপূর্ণ কথাটো হ’ল, পঞ্জাবৰ পৰা অসমলৈ আনি থকাৰ পথতে কেইবাটাও গাহৰিৰ মৃত্যু ঘটিছে৷ এই গাহৰিকেইটাৰ কি কাৰণত মৃত্যু ঘটিছে, সেয়াও এতিয়ালৈকে পৰীক্ষা কৰা হোৱা নাই৷ সেইবাবেই ৰাজ্যখনৰ হাজাৰ হাজাৰ গাহৰিপালক এতিয়া শংকিত হৈ পৰিছে৷ উল্লেখ্য যে ক’ভিডৰ সমান্তৰালভাৱে অসমত আফ্রিকান ছোৱাইন ফ্লুৱেও বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰিছিল৷ এই ৰোগৰ কোনো প্রতিষেধক বা চিকিৎসাৰ ব্যৱস্থা নথকা বাবে ৰোগাক্রান্ত ফার্মৰ সকলো গাহৰি এফালৰ পৰা নিধন কৰিবলগীয়া হৈছিল৷

যাৰ বাবে থলুৱা গাহৰিপালকসকলে দিনতে আন্ধাৰ দেখিবলৈ আৰম্ভ কৰে৷ শেহতীয়াকৈ মাৰাত্মক ৰোগবিধৰ প্রকোপ কিছু হ্রাস পোৱাৰ লগে লগে গাহৰি পালনৰ উদ্যোগটোৱে পুনৰ ঠন ধৰি উঠিবলৈ ধৰে৷ কিন্তু সাৱধানতামূলক ব্যৱস্থা হিচাপে পশুপালন বিভাগে আক্রান্ত জিলাৰ পৰা আন জিলালৈ গাহৰি সৰবৰাহত নিষেধাজ্ঞা আৰোপ কৰি থৈছে৷ তেনে সময়তে আৰম্ভ হয় থলুৱা গাহৰিপালকৰ বিৰুদ্ধে আন এক চক্রান্ত৷ এটা বিশেষ ছিণ্ডিকেট বাহিনীয়ে পঞ্জাব, ৰাজস্থান, হাৰিয়ানা আদিৰ পৰা গাহৰি সৰবৰাহ কৰি সমগ্র উত্তৰ–পূবৰ বজাৰ দখল কৰাৰ অভিসন্ধি ৰচনা কৰে৷ ইয়াৰ বাবে তেওঁলোকে নানা কূটকৌশলৰ আশ্রয় লয়৷ ইয়াৰ অংশ হিচাপেই আজি তিনিখনকৈ ট্রাকত বহিঃৰাজ্যৰ পৰা অসমলৈ সৰবৰাহ কৰা হয় এহেজাৰ গাহৰি৷ যি সময়ত ৰাজ্যৰ এখন জিলাৰ পৰা আন এখন জিলালৈ গাহৰি সৰবৰাহত নিষেধাজ্ঞা আৰোপ হৈ আছে, তেনে সময়ত বহিঃৰাজ্যৰ পৰা গাহৰি কঢ়িয়াই অনা তিনিখন ট্রাক কেনেকৈ অসমত প্রৱেশ কৰিলে, সেয়া ৰহস্যৰ বিষয় হৈ পৰিছে৷

You might also like