অসম চুক্তিৰ ৬নং দফা বাতিল কৰাৰ দাবী
নিয়মীয়া বাৰ্তা ২২ ফেব্ৰুৱাৰীঃ ‘জাতি–ধর্ম–বর্ণ নির্বিশেষে সকলোকে নিৰাপত্তা আৰু সুৰক্ষা দিবলৈ কংগ্রেছ বদ্ধপৰিকৰ৷ আজি হোজাইত সদৌ অসম ভাষিক সংখ্যলঘু অভিৱর্তনত কংগ্রেছৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰা উপস্থিত হৈ এই মন্তব্য কৰে৷ তেওঁ কয় যে অসমত হিন্দু বাঙালীসকলক ৰাজনৈতিকভাৱে সুৰক্ষা দিয়াৰ বাবে যি ভাষিক সংখ্যালঘু পৰিষদ আছে, সেই সমিতিৰ জৰিয়তে সর্বভাৰতীয় কংগ্রেছ কমিটীৰ নির্দেশমর্মে আজিৰ এই অভিৱর্তন অনুষ্ঠিত কৰা হৈছে, য’ত হিন্দু বাঙালীসকলৰ বিভিন্ন সমস্যাক লৈ লোৱা প্রস্তাৱসমূহ কংগ্রেছ চৰকাৰ আহিলে আলোচনামর্মে সমাধান কৰাৰ লগতে অসমৰ হিন্দু বাঙালীসকলৰ ৰাজনৈতিক, অর্থনৈতিক আৰু সামাজিক সুৰক্ষা নিশ্চিত কৰা হ’ব৷বর্তমান বিজেপিৰ চৰকাৰৰ দিনত হিন্দু বাঙালীসকল ৰাজনৈতিকভাৱে সুৰক্ষিত নহয় বুলি তেওঁ মন্তব্য কৰাৰ লগতে হিন্দু বাঙালীসকলক বিজেপিয়ে ৰাজনৈতিক স্বার্থসিদ্ধিৰ বাবেব্যৱহাৰ কৰি আছে বুলিও কয়৷ বৰাই আৰু কয় যে কংগ্রেছৰ নির্বাচনী ইস্তাহাৰত ‘কা’ বাতিল সন্দর্ভত দাবী সন্নিৱিষ্ট কৰা হ’ব৷ কংগ্রেছৰ সর্বভাৰতীয় সভাপতি ৰাহুল গান্ধীয়ে অসমৰ বিভিন্ন সভাত অসমত কংগ্রেছ চৰকাৰ আহিলে অসমত কোনোপধ্যেই ‘কা’ প্রযোজ্য হ’বলৈ দিয়া নহয়বুলি দিয়া প্রতিশ্রুতি অসম প্রদেশ কংগ্রেছে পালন কৰিব৷
দেওবাৰে হোজাইৰ বিহুতলী খেলপথাৰত কংগ্রেছৰ ভাষিক সংখ্যালঘু অভিৱর্তনত মুখ্য অতিথি হিচাপে উপস্থিত হৈ ৰিপুণ বৰাই এইদৰে কয় যে কংগ্রছ দলে সংসদত যিদৰে ‘কা’ৰ বিৰোধিতা অক্ষুণ্ণ ৰাখিছে, সেই ধাৰা অসমতো ‘কা’বিৰোধী আন্দোলনেৰে সমান্তৰালভাৱে অব্যাহত ৰাখিছে৷ অপহূত দুই কুইপ’ বিষয়াৰ সন্দর্ভত বৰাই প্রতিক্রিয়া প্রকাশ কৰি বিষয়া দুগৰাকীক বিনাচর্তে মুক্ত কৰি দিয়াৰ বাবে আলফা স্বাধীনলৈ আহ্বান জনোৱাৰ লগতে তেওঁলোকক সুৰক্ষিতভাৱে মুক্ত কৰাৰ বাবে চৰকাৰক পদক্ষেপ ল’বৰ বাবে আহ্বান জনায়৷ দুদিনীয়া এই অভিৱর্তনৰ মুকলি সভাত উপস্থিত থকা কংগ্রেছৰ সর্বভাৰতীয় সাধাৰণ সম্পাদক মুকুল বাজপায়ে কয় যে যোৱা ৬০ বছৰত কংগ্রেছ দলে ভাৰতৰ বিভিন্ন জাতি–সম্প্রদায়ৰ মাজত ঐক্য–সম্প্রীতি বজাই ৰাখিছিল৷ কিন্তু যোৱা সাত বছৰত মোদী চৰকাৰে ভাৰতীয়সকলৰ মাজত বিভাজনৰ বীজ বিয়পাই দি সম্প্রীতিৰ বাতাৱৰণ ধবংস কৰি পেলাইছে৷ বিভাজনৰ ৰাজনীতি কৰি বিজেপি চৰকাৰে অসমত ক্ষমতা দখল কৰিব বিচাৰিছে যদিও অসমৰ সচেতন ৰাইজে বিজেপিৰ এই আভিসন্ধি নাকচ কৰি পুনৰ অসমৰ সকলো সম্প্রদায়ৰ মাজত শান্তি–সম্প্রীতি অক্ষুণ্ণ ৰাখিবলৈ কংগ্রেছ দলক নির্বাচিত কৰিব৷ ‘কা’ কোনো সমস্যা সমাধানৰ ৰাস্তা নহয়,বৰঞ্চ ‘কা’ৰ জৰিয়তে মোদী অসমত এক নতুন সমস্যা সৃষ্টি কৰি সামাজিক সমস্যা জীয়াই ৰাখি গাদী দখলৰ এক অপপ্রয়াস কৰিছে বুলি তেওঁ তীব্র সমালোচনা কৰে৷
ভাৰতৰ গৃহমন্ত্রী অমিত শ্বাহে ‘কা’ কার্যকৰী কৰিববুলি বিভিন্ন সভা–সমিতিত দিয়া প্রতিশ্রুতি সন্দর্ভত সাংবাদিকে কৰা প্রশ্ণৰ উত্তৰত বাজপায়ে কয় যে গৃহমন্ত্রীয়ে এনে মন্তব্য কৰি মানুহক আন্ধাৰত শিল মাৰি ‘কা’ক এটা অস্ত্র হিচাপে লৈ নির্বাচনী বৈতৰণী পাৰ হ’ব খুজিছে৷ ‘কা’ ভাৰতৰ সংবিধানসন্মত নহয়৷ ভাৰতৰ সংবিধান পৰিপন্থী যিকোনো কামৰ কংগ্রেছীয়ে বিৰোধিতা কৰিব আৰু যিসকল ভাৰতীয় নাগৰিকে সংবিধানক সন্মান কৰে, তেওঁলোকে কেতিয়াও এনে সংবিধান পৰিপন্থী কাম মানি নলয়৷ সভাত সাংসদ প্রদ্যুৎ বৰদলৈয়ে কয় যে কংগ্রেছ শাসনৰ অলপ সময়ত তিনিটা কেলেংকাৰি আছিল লুইচ বার্জাৰ কেলেংকাৰি, ডিমা হাছাও কেলেংকাৰি, সাৰদা কেলেংকাৰি৷ এই কেলেংকাৰিসমূহ সংঘটিত কৰিছিলবর্তমানৰ বিজেপি শাসনৰ মন্ত্রী হৈ থকা ব্যক্তিয়ে৷বর্তমান অসমৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে নিজেই এই কথা কৈছিল৷ প্রাক্তন মন্ত্রী ৰকিবুল হুছেইনে কয় যে কংগ্রেছ দলৰ জন্ম হৈছিল হিন্দু বাঙালীৰ হাত ধৰি, কংগ্রেছৰ প্রতিষ্ঠালগ্ণৰ সভাপতি আছিল হিন্দু বাঙালী৷
বিজেপি কেতিয়াও হিন্দু বাঙালীসকলক যে ৰাজনৈতিক অধিকাৰ দিব নোখোজে তাৰ প্রমাণ হিচাপে ব্রহ্মপুত্র ভেলীত এজনো হিন্দু বাঙালীক মন্ত্রী পদত অধিষ্ঠিত কৰা নহ’ল৷ কংগ্রেছৰ সময়ত ব্রহ্মপুত্র ভেলীত চাৰিজন বাঙালী মন্ত্রী দিয়া হৈছিল৷ গতিকে হিন্দু বাঙালীসকলক নিজৰ স্বার্থ সুৰক্ষাৰ বাবে সজাগ হ’বলৈ আহ্বান জনায়৷ হোজাই জিলা কংগ্রেছৰ সভাপতি, প্রাক্তন মন্ত্রী ড০ অর্ধেন্দু দে’ৰ সভাপতিত্বত অনুষ্ঠিত আজিৰ এই অভিৱর্তনত কালি অনুষ্ঠিত হোৱা প্রতিনিধি সভাত হিন্দুবাঙালীসকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীতবহু প্রস্তাৱ লোৱা হয়, যি প্রস্তাৱসমূহ সমর্থন কৰি বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ, কংগ্রেছৰ সর্বভাৰতীয় মহিলা সমিতিৰ সভানেত্রী সুস্মিতা দেৱে কেন্দ্র আৰু ৰাজ্যত কংগ্রেছ চৰকাৰ আহিলে হিন্দু বাঙালীসকলৰ বাবে লোৱা প্রস্তাৱসমূহ ৰূপায়িত কৰাৰ বাবে কাম কৰি যাব বুলি ঘোষণা কৰে৷ অসমত ২০১৪ চনৰ ভোটাৰ তালিকা ভিত্তিত এন আৰ চি প্রস্তুত কৰা, জনসংখ্যা অনুসাৰে অসম চৰকাৰে চাকৰিৰ ক্ষেত্রত হিন্দু বাঙালীসকলৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰা ,অসমত প্রায় এক কোটি জনসংখ্যা থকা বাংলাভাষীসকলক সন্মান জনাই বাংলা ভাষাক দ্বিতীয় ৰাজ্য ভাষা হিচাপে স্বীকৃতি প্রদান কৰা, অসমৰ বাংলা মাধ্যমৰ শিক্ষা প্রতিষ্ঠানসমূহ উপযুক্তভাৱে সংৰক্ষণৰ ব্যৱস্থা কৰা, অসমৰ প্রশাসনিক পদ আৰু উচ্চ শিক্ষাৰ চৰকাৰী শিক্ষা প্রতিষ্ঠানতবাঙালীস বাবে আসন সংৰক্ষণ কৰা, ভাষিক সংখ্যালঘু উন্নয়ন পৰিষদ পুনৰুজ্জীৱিত কৰি আন স্বশাসিত পৰিষদৰ দৰে সমষ্টি নির্ধাৰণ কৰি নির্বাচনৰ মাধ্যমেৰে পৰিষদ গঠনৰ আইনী ব্যৱস্থা গ্রহণ কৰাৰ লগতে বিচাৰপতি বিপ্লৱ শর্মাৰ নেতৃত্বত অসম চুক্তিৰ ৬নং দফা ৰূপায়ণৰ বাবে দিয়া ছুপাৰিছ খাৰিজ কৰাৰ দাবী জনাই প্রস্তাৱ গ্রহণ কৰা হয়৷