নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ আকাশত উৰিব ‘টেক্সি’ বিমান

উৰণ আঁচনিৰ ২৪ পথ অনুমোদন কেন্দ্রৰঃ গুৱাহাটী–তেজু, গুৱাহাটী–ৰূপসী, তেজপুৰ–আইজল, ডিব্রুগড়–আগৰতলা, গুৱাহাটী–পাচিঘাট গুৱাহাটী–তেজপুৰ, গুৱাহাটী–মিছা, গেলেকী–মিছা, যোৰহাট–গেলেকী, মিছা–গুৱাহাটী, গুৱাহাটী–শ্বিলং, শিলচৰ–শ্বিলং পথ হ’ল সংযোজিত

নিয়মীয়া বাৰ্তা ২৮ আগষ্টঃ  আকাশী পথেৰে অসম তথা উত্তৰ–পূর্বাঞ্চলৰ যোগাযোগ ব্যৱস্থা সুচল কৰাৰ লক্ষ্যৰে গুৰুত্বপূর্ণ পদক্ষেপ লৈছে কেন্দ্রই৷ কেন্দ্রীয় চৰকাৰৰ আঁচনি ‘উড়ান’ৰ অন্তর্গত আঞ্চলিক সংযোগীকৰণ আঁচনি (আৰচিএছ)ৰ চতুর্থ পর্যায়ত আজি অসামৰিক বিমান পৰিবহণ মন্ত্রালয়ে দেশীয় বিমান সেৱাত নতুনকৈ ৭৮টা আকাশী পথ ঘোষণা কৰে৷ অসমৰ বাবে সুখবৰ যে ইয়াৰে ২৪টা আকাশী পথেই ৰাজ্যখনক স্পর্শ কৰিব৷ গুৱাহাটীৰ সৈতে ৰাজ্যৰ বিভিন্ন সৰু–বৰ চহৰক এই সেৱাৰ দ্বাৰা সংযোগ কৰাৰ লগতে বিভিন্ন চহৰৰ মাজতো চলিব এই বিমানসমূহ, যাক ‘টেক্সি’ বিমান আখ্যা দিয়া হৈছে৷ উত্তৰ–পূর্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ চহৰৰ সৈতেও গুৱাহাটী আৰু অসমৰ আন কেইবাখনো চহৰক এই নতুন আকাশী পথেৰে সংযোগ কৰা হৈছে৷ অসমৰ আকাশত উৰিব লগা এই টেক্সি বিমানেৰে ৰাজ্যৰ সকলো শ্রেণীৰ নাগৰিকে কম ব্যয়ত বিমান ভ্রমণৰ সুযোগ লাভ কৰিব৷ কার্যতঃ ৰাজ্যত জনমুখী হৈ পৰিব এই বিমানযাত্রাসমূহ৷ অসামৰিক বিমান পৰিবহণ মন্ত্রালয়ে জনোৱা মতে উড়ান বিমানসমূহৰ ৫০ শতাংশ আসনৰ বাবে ৰেহাই মূল্যত টিকট দিয়া হ’ব৷ কেন্দ্রীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে ভায়েবিলিটী গেপ ফাণ্ডিঙৰ জৰিয়তে এইক্ষেত্রত পৰিবহণ সংস্থাক ক্ষতিপূৰণ দিব৷ নতুন আকাশী পথৰ ভিতৰত আছে গুৱাহাটী–ৰূপসী, গুৱাহাটী–তেজপুৰ, গুৱাহাটী–মিছা, মিছা–গেলেকী, যোৰহাট–গেলেকী আদি৷ সেইদৰে গুৱাহাটী আৰু ৰাজ্যৰ কেইবাখনো চহৰৰ পৰা উত্তৰ–পূর্বাঞ্চলৰ বিভিন্ন স্থানৰ লগতে কলকাতাকো সংযোগৰ ব্যৱস্থা কৰা হৈছে৷ গুৱাহাটী আৰু তেজুৰ মাজতো এই বিমান চলাচল কৰিব৷ একেদৰে গুৱাহাটী–পাছিঘাট, তেজপুৰ–আইজল, ডিব্রুগড়–আগৰতলা, ৰূপসী–কলকাতা, গুৱাহাটী–শ্বিলং, শিলচৰ–শ্বিলং আদি আকাশী পথ নতুনকৈ ঘোষণা কৰা হৈছে৷ ২০১৬ চনৰ ১০ অক্টোবৰত অসামৰিক বিমান পৰিবহণ মন্ত্রালয়ে আঞ্চলিক সংযোগীকৰণ আঁচনি আৰম্ভ কৰিছিল৷ ২০১৭ চনৰ ২৭ এপ্রিলত চিমলাৰ পৰা প্রথম আৰচিএছ উড়ান সেৱা আৰম্ভ কৰা হৈছিল৷ চৰকাৰে এই সেৱা প্রসাৰৰ বাবে পর্যায়ক্রমে ব্যৱস্থা গ্রহণ কৰি আছে৷ আৰচিএছৰ চতুর্থ পর্যায়ত উত্তৰ–পূর্বাঞ্চলৰ লগতে জম্মু–কাশ্মীৰ, লাডাখ, পাহাৰীয়া ৰাজ্য আৰু দ্বীপ ৰাজ্যসমূহৰ ওপৰত গুৰুত্ব প্রদান কৰা হয়৷ আজি ঘোষণা কৰা আকাশী পথসমূহৰ ভিতৰত হেলিপ’টলৈ বা হেলিপ’টৰ পৰা বিমান উৰিবলগীয়া আকাশী পথো আছে৷ এইপর্যন্ত উড়ানৰ ২৭৪টা আকাশী পথ ঘোষণা কৰা হৈছে৷ এই বিমানসমূহ ৪৫টা বিমানবন্দৰৰ মাজত চলি আছে৷ তদুপৰি তিনি হেলিপ’টলৈ উড়ান বিমানৰ অহা–যোৱা অব্যাহত আছে৷ অসামৰিক বিমান পৰিবহণ মন্ত্রালয়ৰ যুটীয়া সচিব ঊষা পাধিয়ে কয় যে আৰ চি এছৰ চতুর্থ পর্যায়ত নতুন আকাশী পথ চিনাক্ত কৰাৰ সময়ত কেন্দ্রীয় চৰকাৰৰ এক্ট ইষ্ট পলিচীকো গুৰুত্বসহকাৰে লোৱা হয়৷ তেওঁ কয় যে এয়াৰপ’ট অথৰিটী অৱ ইণ্ডিয়াই ইতিমধ্যে যিসমূহ বিমানবন্দৰ উন্নীত কৰিছে বা নতুনকৈ আন্তঃগাঁথনি সাজু কৰি তুলিছে সেইসমূহৰ মাজত উড়ান বিমান চলাচলৰ নতুন আকাশী পথ চিনাক্তকৰণত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে৷

You might also like