‘মই যিহেতু জে’লত আছোঁ, গতিকে শুভাকাংক্ষী কাকো ফোন কৰিব পৰা নাই, অলপ ধন পালে দলটো আগুৱাই নিব পাৰিম’
নিয়মীয়া বাৰ্তা, ১১ আগষ্টঃ উপ–নির্বাচনক কেন্দ্র কৰি ৰাজ্যৰ ৰাজনীতি উত্তাল হৈ থকাৰ সময়তে আজি এক বিস্ফোৰক অভিযোগে খলকনিৰ সৃষ্টি কৰিছে৷ বিজেপিৰ বিৰুদ্ধে পুনৰ উপ–নির্বাচনত মহাজোঁট গঠনৰ লক্ষ্যৰে কংগ্রেছ আৰু ৰাইজৰ দলে আৰম্ভ কৰা তৎপৰতাৰ মাজতে আজি ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে ধন দাবী কৰাৰ এক বিস্ফোৰক অভিযোগ উত্থাপন কৰিলে এআইইউডিএফৰ বিধায়ক আমিনুল ইছলামে৷
মঙলবাৰে বিধানসভাৰ প্রাংগণত সাংবাদিকৰ সৈতে হোৱা বার্তালাপত আমিনুল ইছলামৰ অভিযোগ– দল গঠনৰ বাবে অখিল গগৈয়ে ১০ কোটি টকা বিচাৰিছিল৷ টকা নোপোৱাৰ বাবেই মহাজোঁটৰ অংশ হোৱা নাছিল ৰাইজৰ দল৷
উল্লেখ্য যে উপ–নির্বাচনৰ বাবে শেহতীয়াকৈ এআইইউডিএফক একাষৰীয়াকৈ ৰাখি কংগ্রেছ আৰু অন্য বিৰোধী ৰাজনৈতিক দলক লৈ অখিল গগৈ মহাজোঁট গঠনৰ প্রক্রিয়া আৰম্ভ কৰিছে৷ আনকি ৰাইজৰ দলৰ প্রতিনিধি দলৰ সৈতে ৰাজীৱ ভৱনত কংগ্রেছৰ বৈঠক অনুষ্ঠিত হোৱাৰ পিছতে দেওবাৰে অখিল গগৈৰ সৈতে বৈঠকত বহিছিল কংগ্রেছৰ দুগৰাকীকৈ কার্যকৰী সভাপতি৷ ইয়াৰ বিপৰীতে সদ্যসমাপ্ত বিধানসভা নির্বাচনত মহাজোঁটৰ অন্যতম দল এআইইউডিএফক মিত্রজোঁটৰ পৰা আঁতৰাই দিব বিচাৰিছে অখিল গগৈয়ে৷
বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইইউডিএফক সাম্প্রদায়িক দল বুলি অভিহিত কৰি এআইইউডিএফ মহাজোঁটত থাকিলে ৰাইজৰ দল আঁতৰি আহিব বুলিও ঘোষণা কৰিছে বিধায়ক গগৈয়ে৷ কার্যতঃ এনে ৰাজনৈতিক তৎপৰতাৰে উপ–নির্বাচনক লৈ অখিল গগৈয়ে সক্রিয় হোৱাৰ সময়তে আজি এআইইউডিএফৰ পৰা ১০ কোটি টকা বিচৰা বুলি বিধায়ক আমিনুল ইছলামে অনা বিস্ফোৰক অভিযোগে ৰাজ্যৰ ৰাজনীতিত সৃষ্টি কৰিছে ব্যাপক প্রতিক্রিয়া৷ উল্লেখ্য যে সোমবাৰে নিশা এক ব্যক্তিগত টিভি চেনেলত বিধায়ক আমিনুল ইছলামে এই অভিযোগ উত্থাপন কৰিছিল৷
মঙলবাৰে পুনৰ মুকলিকৈ এই অভিযোগ তুলি আমিনুল ইছলামে কয়– অখিল গগৈৰ লগত কেইবাবাৰো আলোচনা হৈছিল আমাৰ৷ সেই সময়ত মহাজোঁট গঠনৰ প্রক্রিয়া চলি আছিল৷ তেতিয়া অখিল গগৈয়ে কৈছিল– দল গঠনৰ বাবে তেওঁক ১০ কোটি টকাৰ প্রয়োজন৷ ৰাইজৰ দলৰ আর্থিক অভাৱৰ কথা উল্লেখ কৰি অখিল গগৈয়ে এই ধনৰাশি পালে মহাজোঁটত চামিল হোৱাৰ আশ্বাস দিছিল৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (জি এম চি এইচ)ৰ পেয়িং কেবিনত থকা সময়ত অখিল গগৈক এআইইউডিএফৰ প্রতিনিধিয়ে সাক্ষাৎ কৰিছিল৷ এই সাক্ষাৎকালতেই তেওঁ ১০ কোটি টকা পালে ৰাইজৰ দলক আগুৱাই নিব পাৰিব বুলি উল্লেখ কৰাৰ লগতে মহাজোঁটত চামিল হোৱাৰো ইংগিত দিছিল৷
আমিনুল ইছলামে কয়– অখিল গগৈয়ে কৈছিল, মই যিহেতু জে’লত আছোঁ, আমাৰ সংগঠনৰ মানুহখিনিৰো ফোন টেপিং হৈ আছে৷ গতিকে আমাৰ শুভাকাংক্ষী কাকো ফোন কৰিব পৰা নাই৷ ধনৰ অভাৱৰ বাবে সংগঠনক আগুৱাই নিব পৰা নাই৷ খুব আন্তৰিক পৰিৱেশত এই কথাখিনি কৈছিল৷ বিধায়ক ইছলামে পুনৰ কয়– এই কথাবোৰ বর্তমান মই অৱতাৰণা কৰাৰ অর্থ হ’ল যে যেতিয়া অখিল গগৈয়ে আমাৰ পৰা ধন বিচাৰিছিল, তেতিয়া কিন্তু এআইইউডিএফক সাম্প্রদায়িক বুলি কোৱা নাছিল বা এআইইউডিএফ থাকিলে মহাজোঁটত নাথাকো বুলি কোৱা নাছিল৷ পৰৱর্তী সময়ত মই দলৰ কর্ণধাৰ সমিতিত এই কথাখিনি আলোচনা কৰিছিলোঁ যদিও সেই সময়ত আমাৰ দলৰ ইমান ধন দিব পৰা অৱস্থা নাছিল৷ অখিল গগৈয়ে টকা দাবী কৰা বুলি ক’লে কথাটো ভুল বুজা যায়৷ সেই সময়ত আমাৰ সৈতে অখিল গগৈৰ গুড অন ফেইট্থ আলোচনাহে হৈছিল৷ সেই সময়ত অখিল গগৈয়ে নতুনকৈ দল খোলাৰ কথা চিন্তা কৰি আছিল৷ তেতিয়া দলৰ নামো ঠিক হোৱা নাছিল, মহাজোঁটো গঠন হোৱা নাছিল৷
লক্ষণীয় দিশটো হ’ল যে এআইইউডিএফৰ সৈতে হোৱা এই আলোচনাৰ পিছতেই অখিল গগৈক জি এম চি এইচৰ পেয়িং কেবিনত সাক্ষাৎ কৰিছিল বিজেপিৰ এজন সদস্যই৷ এই সাক্ষাতৰ পিছতেই হঠাৎ সুৰ সলনি হৈছিল তেওঁৰ আৰু আমাক সাম্প্রদায়িক আখ্যা দিছিল৷ আমি অখিল গগৈক টকা দিয়া নাছিলোঁ আৰু তেওঁ দাবীও কৰা নাছিল৷ সেই সময়ত যিহেতু মহাজোঁটৰ আলোচনা হৈ আছিল, অখিল গগৈয়ে মহাজোঁটৰ ফালৰ পৰা টকাখিনি পোৱাৰ আশা কৰিছিল৷ আমিনুল ইছলামৰ প্রশ্ন– সেই সময়ত এআইইউডিএফক সাম্প্রদায়িক দল বুলি মন্তব্য নকৰা অখিল গগৈয়ে এতিয়া আমাক সাম্প্রদায়িক বুলি কোৱাৰ কাৰণ এয়া নেকি যে আমি তেওঁক ধন নিদিলোঁ?
ইফালে, উপ–নির্বাচনত অখিল গগৈয়ে এআইইউডিএফক বাদ দি গঠন কৰিব খোজা মহাজোঁটৰ প্রসংগত আমিনুল ইছলামৰ মন্তব্য– সদ্যসমাপ্ত নির্বাচনত ১৮টা সমষ্টিত কংগ্রেছে আমাৰ সমর্থনৰ বাবেহে জয়লাভ কৰিবলৈ সক্ষম হৈছিল৷ আমি যদি সমষ্টিকেইটাত প্রার্থিত্ব দিলোঁ হয়, তেনেহ’লে এই ১৮টা সমষ্টিত কংগ্রেছৰ জয় সম্ভৱ নহ’লহেঁতেন৷