জেনেৰেল ইঞ্চুৰেন্স ক’ৰপৰেশ্বন পেঞ্চনাৰ সন্থাৰ উত্তৰ-পূব মন্দল আৰোগ্য নিধিলৈ ৫১ হেজাৰ টকা
নিয়মীয়া বাৰ্তা, ২৯ এপ্ৰিলঃ যি সময়ত সমগ্ৰ বিশ্বতে মহামাৰী ক’ৰোনা ভাইৰাছে সংহাৰ সৃষ্টি কৰি কেইবা লক্ষাধিক লোকৰ প্ৰাণ কাঢিছে, তেনে সময়তে মহামাৰী প্ৰতিৰোধৰ বাবে অহৰহ চেষ্টা অব্যাহত ৰাখিছে ৰাজ্যৰ স্বাস্থ্যবিভাগে ।
ক’ৰোনাৰ বিৰুদ্ধে যুঁজলৈ সহায়ক হোৱাকৈ অসম আৰোগ্য নিধিলৈ জেনেৰেল ইন্সুৰেন্স কপ’ৰেশ্বনৰ পেঞ্চনাৰ সন্থাৰ উত্তৰ পূব মন্দলে আজি ৫১ হেজাৰ টকা আগবঢ়ায় । আজি ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হাতত উল্লিখিত ধনৰাশি তুলি দিয়ে সন্থাৰ সাধাৰণ সম্পাদক ৰমেন শমাই।
ইপিনে যোৱা ২৮ এপ্ৰিল তাৰিখে সন্ধিয়া ৰাষ্ট্ৰীয় স্বাস্থ্য আঁচনি সঞ্চালকলয়ত অসম ফাৰ্মাচী পৰিষদৰ সভাপতি শ্ৰীযুত মুনীন্দ্ৰ চন্দ্ৰ ডেকাৰ হৈ শ্ৰীবীৰেন্দ্ৰ কুমাৰ বৰ্মণ ,তমিজুদ্দিন আহমেদ আৰু মতিউৰ ৰহমানে মুঠ ৩০০০০০ ( তিনি লাখ) টকাৰ চেক এখন অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হাতত আগবঢ়ায়।