বিশেষ বাৰ্তা, ২৩ আগষ্টঃ চুবুৰীয়া ৰাজ্যৰ সৈতে থকা সীমা সমস্যাৰ ফলপ্ৰসূ সমাধানৰ বাবে ৰাজ্য চৰকাৰে তৎপৰতাৰে কাৰ্যব্যৱস্থা গ্ৰহণ কৰি আহিছে। সেই তৎপৰতাৰ অংশ হিচাপে অসম আৰু অৰুণাচল প্ৰদেশৰ মাজৰ দীৰ্ঘদিনীয়া সীমা সমস্যা সমাধানৰ বাবে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীদ্বয় ড° হিমন্ত বিশ্ব শৰ্মা আৰু পেমা খাণ্ডুৱে বিগত ১৫ জুলাইত স্বাক্ষৰ কৰিছিল “নামচাই ঘোষণা-পত্ৰ”ত। এই ঘোষণা-পত্ৰৰ সিদ্ধান্ত অনুযায়ী গঠন হোৱা আঞ্চলিক সমিতিৰ অসম আৰু অৰুণাচল প্ৰদেশৰ সদস্য, সংশ্লিষ্ট বিষয়াসকলৰ সৈতে আজি তিনিচুকীয়া জিলাৰ শদিয়া তথা অৰুণাচল প্ৰদেশৰ পূব চিয়াং, নামনি দিবাং ভেলীৰ সীমান্তৱৰ্তী কালিং, আটছুম, পাগলাম, ৰুক্ম আদি বিবদমান অঞ্চলসমূহ যৌথভাৱে পৰিদৰ্শন মন্ত্ৰী অতুল বৰাই। লগতে মন্ত্ৰী বৰাই স্থানীয় ৰাইজৰ সৈতে মত-বিনিময় কৰি বিস্তাৰিতভাৱে আলোচনা কৰে। উল্লেখ্য যে ১৫ ছেপ্টেম্বৰৰ ভিতৰত আঞ্চলিক সমিতিসমূহে যৌথভাৱে বিবদমান অঞ্চলসমূহ ভ্ৰমণ কৰি প্ৰথম পৰ্যায়ৰ প্ৰতিবেদন দাখিলৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰিছে। সেই লক্ষ্যৰ হেতু মন্ত্ৰী অতুল বৰাই আজি ভ্ৰমণ কৰে অঞ্চলকেইটা। এই ভ্ৰমণৰ দুয়োখন ৰাজ্যৰ সীমা সমস্যা সমাধানৰ বিষয়টোত এখোজ যোগাত্মক দিশ বুলি মন্তব্য কৰে মন্ত্ৰী বৰাই। এই পৰিদৰ্শনৰ সময়ছোৱাত অৰুণাচল প্ৰদেশৰ মন্ত্ৰী আল’ লিবাং, অসমৰ লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, শদিয়াৰ বিধায়ক বলীন চেতিয়া, অৰুণাচলৰ বিধায়কদ্বয় গাম টায়েং আৰু মুচু মিথি প্ৰমুখ্যে তিনিচুকীয়া, নামনি দিবাং ভেলী জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষকসকল, ইষ্ট চিয়াং জিলাৰ জ্যেষ্ঠ বিষয়াসকল তথা দুয়োখন ৰাজ্যৰ সংশ্লিষ্ট বিষয়াসকল উপস্থিত থাকে।