নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিধানসভাৰ অন্তিম ক্ষণত আৱেগিক শাসক–বিৰোধী

নিয়মীয়া বাৰ্তা ১৪ ফেব্ৰুৱাৰীঃ নতুন বিধানসভা ভৱনত আজি অনুষ্ঠিত হ’ল চতুর্দশ অসম বিধানসভাৰ অন্তিমখন অধিৱেশনৰ অন্তিম দিনৰ কার্যসূচী৷ পুৱাৰ ভাগতে বিধানসভাৰ অধ্যক্ষ হিতেন্দ্রনাথ গোস্বামী, মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, মন্ত্রী–বিধায়কসকল উপস্থিতিত বন্তি প্রজ্বলন কৰি আটায়ে নতুন ভৱনটোত মাংগলিক প্রৱেশ কৰে৷ এই উপলক্ষে এখন স্মৰণিকাও উন্মোচন কৰে৷ ইপিনে আজি সদনত অন্তিম ক্ষণত আৱেগিক হৈ পৰে শাসক–বিৰোধীৰ বিধায়কসকল৷ এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে আজিৰ দিনটো আৱেগিক মুহূর্ত বুলি উল্লেখ কৰি কয় যে বর্তমানৰ বিধানসভাৰ কার্যকালত আজিৰ দিনটোতে অন্তিমবাৰৰ বাবে জনপ্রতিনিধিসকল সমৱেত হৈছে৷ তদুপৰি আজিৰ দিনটোতে তেওঁলোকে নতুন বিধানসভা ভৱনত প্রৱেশ কৰিছে৷

যোৱা ৫টা বছৰত লগ পোৱা প্রতিগৰাকী জনপ্রতিনিধি সুস্থ আৰু দীর্ঘায়ু হৈ থকাৰ প্রার্থনা জনাই অনাগত দিনতো আটাইকে জনসাধাৰণৰ হৈ কাম কৰি যাবলৈ আহ্বান জনায়৷ যোৱা ৫টা বছৰত বিধানসভাৰ অধ্যক্ষ হিতেন্দ্রনাথ গোস্বামীয়ে সুস্থ গণতান্ত্রিক মর্যাদা ৰক্ষাৰ বাবে বলিষ্ঠ ভূমিকা লোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰি কয় যে সুস্থ গণতন্ত্রৰ স্বার্থত কেতিয়াবা বিতর্ক বা উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈছিল যদিও কাৰো প্রতি কোনেও যেন বেয়া মনোভাব নাৰাখে, তাৰ বাবেও আহ্বান জনায়৷ বি পি এফৰ কমল সিং নার্জাৰীয়ে বর্তমানৰ জনপ্রতিনিধিসকল আসন্ন নির্বাচনৰ জৰিয়তে পুনৰ যাতে জয়ী হৈ আহে, তাৰ বাবে আটাইকে শুভেচ্ছা জ্ঞাপন কৰে৷ কংগ্রেছৰ ৱাজেদ আলী চৌধুৰীয়েও সদনৰ অভিভাৱক হিচাপে অধ্যক্ষই গ্রহণ কৰা ভূমিকাক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে বর্তমানৰ প্রতিগৰাকী জনপ্রতিনিধি পুনৰ জয়ী হৈ অহাৰ কামনা কৰে৷ সমাজ কল্যাণ মন্ত্রী প্রমীলাৰাণী ব্রহ্মই যোৱা পাঁচটা বছৰে অধ্যক্ষ হিতেন্দ্রনাথ গোস্বামীয়ে দক্ষতাৰে সদন পৰিচালনা কৰি অহাৰ বাবে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে অধ্যক্ষৰ ৰাজনৈতিক জীৱন উজ্জ্বল হোৱাৰ বাবে ভগৱানৰ ওচৰত প্রার্থনা, আল্লাৰ ওচৰত দোৱা বিচাৰে৷

একেদৰে মন্ত্রী আৰু বিধায়কসকলকো পুনৰ জয়ী হৈ অহাৰ বাবে প্রার্থনা জনায়৷ বি পি এফৰ বিধায়ক–বিধায়িকাস যাতে জয়ী হৈ আহে, তাৰ বাবে ঈশ্বৰৰ ওচৰত প্রার্থনা জনায়৷ অগপৰ বৃন্দাবন গোস্বামীয়ে অধ্যক্ষৰ ভূমিকাৰ ভূয়সী প্রশংসা কৰি বিধানসভাৰ মজিয়াত ৰাইজৰ বহু মনৰ কথা প্রতিফলিত কৰাৰ সুযোগ নাথাকে৷ কিন্তু বর্তমানৰ অধ্যক্ষ হিতেন্দ্রনাথ গোস্বামীয়ে স্পীকার্ছ ইনিচিয়েটিভ ব্যৱস্থাৰ জৰিয়তে সেই সমস্যাসমূহ সদনত আলোচনা কৰাৰ যি ব্যৱস্থা কৰিলে, তেওঁৰ সেই অৱদান চিৰস্মৰণীয় হৈ থাকিব৷ বিগত ৫টা বছৰত অগপ দলৰ কোনো কথাই যদি কাৰোবাৰ মনত আঘাত দিছে, তাক ধৰি নাথাকিবলৈ তেওঁ আটাইৰে প্রতি আহ্বান জনায়৷ কংগ্রেছ বিধায়ক ৰূপজ্যোতি কুর্মীয়ে হিতেন্দ্রনাথ গোস্বামীক এজন ভাল অভিভাৱক হিচাপে ধন্যবাদ জ্ঞাপন কৰে৷ অগপ বিধায়ক সত্যব্রত কলিতায়ো দক্ষতাৰে সদন পৰিচালনা কৰাৰ বাবে অধ্যক্ষক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে বর্তমানৰ সদনৰ প্রতিগৰাকী সদস্য অহা নির্বাচনত জয়ী হৈ আহিব বুলি আশা প্রকাশ কৰে৷ এ আই ইউ ডি এফৰ বিধায়ক হাফিজ বছিৰ আহমেদ কাছিমীয়ে অধ্যক্ষৰ নিৰপেক্ষ ভূমিকাৰ শলাগ লোৱাৰ লগতে বর্তমানৰ প্রতিগৰাকী জনপ্রতিনিধি অহাবাৰ যাতে পুনৰ সদনলৈ নির্বাচিত হৈ আহে, তাৰ বাবে ভগৱান আৰু আল্লাৰ ওচৰত প্রার্থনা জনায়৷

সংসদীয় পৰিক্রমা মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে বিজেপি বিধায়িনী দলৰ তৰফৰ পৰা অধ্যক্ষৰ নিৰপেক্ষ দৃষ্টিভংগী আৰু তেওঁ গ্রহণ কৰা স্পীকার্ছ ইনিচিয়েটিভৰ জৰিয়তে বিভিন্ন বিষয় সদনত আলোচনা কৰাৰ লগতে ছাত্র–ছাত্রীসকলক সদনৰ সৈতে জড়িত কৰাৰ যি পদক্ষেপ লৈছিল, তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে৷ সদনৰ মজিয়াত বিভিন্ন সময়ত হোৱা সমালোচনা, বিতর্ক আদিৰ প্রসংগত মন্ত্রী পাটোৱাৰীয়ে কয় যে জনপ্রতিনিধিসকলে সদনৰ মজিয়াত ক’বই লাগিব৷ ইয়াত নক’লে ক’ত ক’ব? কিন্তু ইয়াৰ পৰা ওলাই গৈ আমি সকলো বন্ধু৷ বর্তমানৰ প্রতিগৰাকী বিধায়কে সকলো জানে৷ কাৰো প্রতি আমাৰ কোনো আক্ষেপ নাই৷ প্রতিগৰাকী বিধায়কৰে দীর্ঘায়ু আৰু সুস্বাস্থ্য কামনাৰ লগতে অহা নির্বাচনত নিজ নিজ স্থানৰ পৰা জয়ী হৈ আহিব বুলি আশা প্রকাশ কৰে৷

বিধানসভাৰ অধ্যক্ষ হিতেন্দ্রনাথ গোস্বামীয়ে শাসক–বিৰোধীৰ সমর্থনত, ভগৱান বা আল্লা আৰু পিতৃ–মাতৃৰ আশীর্বাদত এই আসনত বহাৰ সৌভাগ্য হোৱা বুলি উল্লেখ কৰি কয় যে চৰকাৰখনক সুস্থিৰে ৰখা আৰু বিৰোধীক কথা ক’বলৈ সুযোগ দিয়াটো তেওঁৰ দায়িত্ব৷ যোৱা সময়ছোৱাত সদন পৰিচালনাৰ স্বার্থত কাৰোবাক যদি টানকৈ ক’বলগীয়া হৈছে, সেই বিষয়ত কাকো ধৰি নাথাকিবলৈ তেওঁ আহ্বান জনায়৷ নতুন বিধানসভা ভৱনটোৰ নির্মাণকার্য যোৱা ৬টা বছৰে আদালতৰ গোচৰৰ বাবে ওলমি থকা বুলি উল্লেখ কৰি তেওঁ কয় যে অধ্যক্ষৰ দায়িত্ব গ্রহণৰ পাছত তেওঁ বিষয়টো নিষ্পত্তি কৰি বর্তমানৰ বিধানসভাৰ কার্যকাল অন্ত পৰাৰ পূর্বে তেওঁ এই ভৱনটোত আজি প্রৱেশৰ ব্যৱস্থা কৰে৷ নতুন ভৱনটোৰ আভ্যন্তৰীণ সজ্জা ইণ্টিয়েৰি’ৰ ডিজাইনাৰ কাকলি বৰকাকতিয়ে কৰিছে বুলি তেওঁ সদনত প্রকাশ কৰে৷

You might also like