নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুলীয়াজানলৈ কাইলৈ অসম বিধানসভাৰ ৰাজহুৱা উদ্যোগ সমিতিৰ বিধায়িনী দল

নিয়মীয়া বাৰ্তা, ১৮ জুন : ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা সামৰি তিনিদিনীয়া ভ্ৰমণ কাৰ্যসূচী লৈ কাইলৈ পোনতে তৈলনগৰী দুলীয়াজানত উপস্থিত হ’ব অসম বিধানসভাৰ ৰাজহুৱা উদ্যোগ সমিতিৰ ১২ জনীয়া বিধায়িনী দল। বিধায়িনী দলটোত ৰাজহুৱা উদ্যোগ সমিতিৰ অধ্যক্ষ তথা অসম গণ পৰিষদ দলৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু অগপৰ বিধায়ক প্ৰদীপ হাজৰিকা, দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালা, বিজেপি বিধায়ক সুৰেণ ফুকন, বিজেপি বিধায়ক গণেশ কুমাৰ লিম্বু, বিজেপি বিধায়ক জিতু গোস্বামী, বিপিএফৰ বিধায়ক চৰণ বড়ো, এ আই ইউ ডি এফৰ বিধায়ক ৰফিকুল ইছলাম, কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰ, কংগ্ৰেছৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ, কংগ্ৰেছৰ বিধায়ক শিৱামণি বৰা, বিজেপিৰ বিধায়ক সুমন হৰিপ্ৰীয়াৰ লগতে বিধানসভাৰ সমিতিখনৰ চাৰিগৰাকী সচিবো উপস্থিত থাকিব। কাইলৈ পুৱা গুৱাহাটীৰ পৰা বিমানযোগে আহি ডিব্ৰুগড় বিমানবন্দৰত উপস্থিত হৈ পোনে পোনেই দুলীয়াজান অইল ইণ্ডিয়াৰ অতিথিশালালৈ যাব বিধায়িনী দলটো। দুপৰীয়া আহাৰ গ্ৰহণ কৰি দলটোৱে অতিথিশালাতে অইল ইণ্ডিয়াৰ বিষয়ববীয়াৰ সৈতে বৈঠকত মিলিত হ’ব। নিশাটো অতিথিশালাতে কটাই পিছদিনা অৰ্থাৎ ২০ জুনৰ পুৱা  অসম গেছ কোম্পানীৰ অতিথিশালাত গেছ কোম্পানীৰ বিষয়ববীয়া আৰু ডি এন পি এলৰ বিষয়ববীয়াৰ সৈতে আন এক বৈঠকত মিলিত হৈ কোম্পানীৰ সামগ্ৰিক দিশৰ ওপৰত পৰ্যবেক্ষণ কৰিব বিধায়িনী দলটোৱে। গেছ কোম্পানীৰ অতিথিশালাতে দুপৰীয়া আহাৰ গ্ৰহণ কৰি দলটোৱে একেদিনাই ডিগবৈ আই অ’ চি এলৰ অতিথিশালাত উপস্থিত হ’ব। পাছদিনা অৰ্থাৎ ২১ জুনত পুৱা বিধায়িনী দলটোৱে মাৰ্ঘেৰিটা আৰু লিডুৰ কয়লা ক্ষেত্ৰৰ ওপৰত বুজ ল’ব। বিয়লি বিধায়িনী দলটোৱে মাৰ্ঘেৰিটাৰ ক’ল ইণ্ডিয়া লিমিটেডৰ কনফাৰেঞ্চ হ’লত তিনিচুকীয়া জিলাৰ ডি চি, আৰক্ষী অধীক্ষক, ডিগবৈ ডি এফ অ’, জিলা উদ্যোগিক বিষয়া, ক’ল ইণ্ডিয়া লিমিটেডৰ জেনেৰেল মেনেজাৰ, অসম চৰকাৰৰ মাইনচ এণ্ড মিনাৰেল বিভাগ, আসাম মিনাৰেল ডেভলপমেন্ট ক’ৰপৰেশ্যন লিমিটেড এণ্ড পলিউশ্যন ক’ন্ট্ৰল ব’ৰ্ডৰ বিষয়ববীয়াৰ সৈতে অন্তিমখন আলোচনাত মিলিত হ’ব। ২২ জুনৰ পুৱা ডিব্ৰুগড় বিমানবন্দৰৰ পৰা গুৱাহাটী অভিমুখী হ’ব অসম বিধানসভাৰ ৰাজহুৱা উদ্যোগ সমিতিৰ ১২জনীয়া বিধায়িনী দলটো।

প্ৰেৰক কৃষ্ণা গগৈ

You might also like